Assam Youth Olympic Games: প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ল অসম যুৱ অলিম্পিক

author img

By

Published : Jul 22, 2022, 10:06 PM IST

Assam Youth Olympic games

বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত আৰম্ভ হ’ল অসম যুৱ অলিম্পিক গেমছ (Assam Youth Olympic Games)৷ শুকুৰবাৰে বিয়লি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত এই গেমছৰ শুভাৰম্ভ কৰা হয় ।

গুৱাহাটী, ২২ জুলাই : ৰাজ্যৰ ক্ৰীড়া প্ৰেমীসকলৰ বাবে এক সুখবৰ ৷ অসম অলিম্পিক সন্থাৰ(Assam Olympic Association) উদ্যোগত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ল অসম যুৱ অলিম্পিক (Assam Youth Olympic games) । শুকুৰবাৰে বিয়লি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই গেমছৰ শুভাৰম্ভ কৰা হয় ।

জানিবপৰা মতে অসম যুৱ অলিম্পিকত ৰাজ্যৰ প্ৰায় ৪১১৭ গৰাকীয়ে খেলুৱৈয়ে অংশগ্ৰহণ কৰিব । উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই গেমছ গুৱাহাটীৰ ১১ টা ভেন্যুত মুঠ ৩২ টা ইভেণ্টৰ খেল অনুষ্ঠিত হ'ব ৷ এই যুৱ অলিম্পিকৰ বেছিভাগ ইভেন্টতে ১৯ বছৰ অনুৰ্দ্ধৰ খেলুৱৈয়ে ভাগ ল'ব ৷

প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ল অসম যুৱ অলিম্পিক

অৱশ্যে বেডমিন্টন আৰু টেবুল টেনিছ ইভেণ্টত বয়সৰ সীমা কিছু বৃদ্ধি পাব বুলি জানিব পৰা গৈছে । আনকি এই খেলৰ সময়ত সহায় কৰিবৰ বাবে প্ৰায় ৬০০ গৰাকী স্বেচ্ছাসেৱকক নিয়োজিত কৰা হৈছে ৷ এই গেমছৰ সামৰণি পৰিব ২৭ জুলাইত ৷

উল্লেখ্য যে, শুকুৰবাৰে অসম যুৱ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকী জনপ্ৰিয় কন্ঠশিল্পীয়ে গীতৰ শৰাই আগবঢ়ায় । উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল, ৰণজিৎ কুমাৰ দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক : T20 match to be held in Guwahati: গুৱাহাটীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.