Junmoni Rabha mysterious death: সোমবাৰে নিশা কি হৈছিল জোনমণিৰ বাসগৃহত ?

author img

By

Published : May 16, 2023, 10:24 PM IST

Family members demand high level probe into Jonmani Rabhas death

জোনমণিক ঘূৰাই বিচাৰি বিয়া ভগা কান্দোন মাতৃৰ, "ভগৱান ইমান নিষ্ঠুৰ ৷ মোৰ ছোৱালীজনীৰ মুখখন ক’লা পৰি আহিছে, ৰাতি কোনোবাই মাৰি পেলাইছে চাগে তাইক !" জোনমণিক কোনো লোকে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে (Family member allegation on Junmoni death) ৷

সোমবাৰে নিশা কি হৈছিল জোনমণিৰ বাসগৃহত ?

গুৱাহাটী, ১৬ মে' : "ভগৱান ইমান নিষ্ঠুৰ ৷ মোৰ ছোৱালীজনীৰ মুখখন ক’লা পৰি আহিছে, ৰাতি কোনোবাই মাৰি পেলাইছে চাগে তাইক !" জোনমণিক ঘূৰাই বিচাৰি হিয়া ভগা কান্দোন মাতৃৰ ৷ ৰাজ্য জোঁকাৰিছে আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ ঘটনাই (SI Junmoni Rabha Accident) ৷ মঙলবাৰে পুৱতি নিশা নিজৰ বাহনেৰে উজনিলৈ গৈ থকা অৱস্থাত নিশা প্ৰায় 2 বাজত জখলাবন্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ সৈতে দুৰ্ঘটনাত পতিত হৈছিল জোনমণি ৰাভাৰ ৷ ঘটনাস্থলীতে নিহত হয় উপ-পৰিদৰ্শক জোনমণি ৰাভা (Junmoni Rabha mysterious death)।

মঙলবাৰে আজি বিয়লি জোনমণি ৰাভাৰ নশ্বৰ দেহ গুৱাহাটীৰ দক্ষিণগাঁওস্থিত বাসভৱনলৈ অনা হয় । বাসভৱনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে । জোনমণিৰ মৃত্যুক স্বাভাৱিক দুৰ্ঘটনা বুলি মানি ল’ব পৰা নাই পৰিয়ালৰ লোকে (Family members demand high level probe) ৷ জোনমণিক কোনো লোকে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে (Family member allegation on Junmoni death) ৷

জোনমণিৰ ভাতৃয়ে এই সন্দৰ্ভত কয়, "মই অনুৰোধ জনাইছো জোনমণিৰ মৃত্যুৰ ৰহস্য যাতে ভেদ কৰে, নহ’লে আমাৰ পৰিয়ালটোৰ বাবে ই এক প্ৰশ্ন হৈ ৰৈ যাব ৷ যিটোৱে আমাক সদায় চিৰদিনৰ বাবে খুলি খুলি খাই থাকিব ৷ তেওঁ পুৱা 10 বজাত জোন ঘৰৰ পৰা ওলাই গৈছিল, তাৰ পিচতে জোনমণিৰ বাসগৃহত নিশা অভিযান চলোৱা হৈছিল ৷ মোক খোদ আৰক্ষীয়ে কৈছে যে, জোনমণিক এক ডিচপ’জেবল গ্লাছ হিচাপে ব্যৱহাৰ কৰা হৈছে ৷ যেনেকৈ ডিচপ’জেবল গ্লাছ এটা বেয়া হ’লে দলিয়াই দিয়ে তেনেকৈয়ে জোনমণিৰ লগতো নিশ্চয় কিবা ঘটনা সংঘটিত হৈছে ৷"

আজি বিয়লি ওদালবাক্ৰাৰ জনজাতীয় শ্মশানত জনগোষ্ঠীয় ৰীতি-নীতিৰে আৰক্ষী বিষয়াগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় । পৰিয়ালৰ লোকে এই দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে । জোনমণি ৰাভাৰ মাতৃয়ে তেওঁৰ কন্যাক পৰিকল্পিতভাৱে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । মাতৃয়ে লগতে সদৰী কৰা অনুসৰি নিশা আভাজ্যোতি ৰাভা নামৰ আন এগৰাকী উপ-পৰিদৰ্শকৰ সৈতে জোনমণি ৰাভা ওলাই যোৱা বুলি তেওঁলোকে খবৰ পাইছিল । কিন্তু পাছত সেইগৰাকী আৰক্ষী বিষয়াক যোগাযোগ কৰাত তেওঁ নাই যোৱা বুলি সদৰী কৰিছিল ।

সমগ্ৰ ঘটনাটোৰ আঁৰত গভীৰ ষড়যন্ত্র থকাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে । সেইবাবে অচিৰেই জোনমণি ৰাভাৰ মৃত্যুক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ মাতৃগৰাকীয়ে নিশাৰ ভাগত জোনমণি ৰাভাৰ বাসগৃহত আৰক্ষী বিষয়াই অভিযান চলাই এক লাখ টকা জব্দ কৰাৰ কথাও উল্লেখ কৰিছিল (SI Junmoni Rabha ) ৷

লগতে পঢ়ক: SI Junmoni Rabha : নিশা কোন আৰক্ষী বিষয়াই জোনমণিৰ ঘৰৰ পৰা জব্দ কৰিছিল এক লাখ টকা? মাতৃৰ ভাষ্যই সৃষ্টি কৰিছে ৰহস্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.