চুলাই বিচাৰি ঘৰে ঘৰে আবকাৰী বিভাগৰ অভিযান

author img

By

Published : Sep 26, 2021, 1:09 PM IST

Excise Department seized wine at sopaidang

চুলাইৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগ । মহানগৰীৰ বোন্দা-বীৰকুছি-চপাইদাং আদি অঞ্চলত চন্দ্ৰপুৰৰ প্ৰাগজ্যোতিষপুৰ খণ্ডৰ আবকাৰী বিভাগৰ দলে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ চুলাই ।

গুৱাহাটী, 26 ছেপ্টেম্বৰ : ৰাজ্যত অব্যাহত আছে অপৰাধ তথা অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ, চুলাই মদ তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি ৷ আনকি চলিত বৰ্ষতে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু অপৰাধী ৷

প্ৰাপ্ত তথ্য অনুসৰি, মহানগৰীৰ অলিয়ে-গলিয়ে গঢ়ি উঠিছে অবৈধ চুলাই মদৰ ঘাটি ৷ মহানগৰীৰ অলিয়ে-গলিয়ে গঢ়ি উঠা এই ঘাটিসমূহ উৎখাত কৰাৰ বাবে পুনৰ তৎপৰ হৈছে আবকাৰী বিভাগ । ইয়াৰে অংশস্বৰূপে মহানগৰীৰ বোন্দা-চপাইদাং-বীৰকুছি আদি অঞ্চলত শনি আৰু দেওবাৰে চুলাই মদ ব্যৱসায়ীৰ বিৰুদ্ধে আবকাৰী বিভাগে অতৰ্কিতে চলাই এক অভিযান ।

বোন্দা-চপাইদাঙত আৱকাৰী বিভাগৰ অভিযান

মহানগৰীৰ পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰৰ প্ৰাগজ্যোতিষপুৰ খণ্ডৰ আবকাৰী বিভাগৰ এটি দলে চুলাই মদৰ ঘাটি বিচাৰি প্ৰথমে হাজংবৰী প্ৰেমনগৰ অঞ্চলত চলাই অভিযান ৷ এই অভিযানত ৫০ লিটাৰ চুলাই মদৰ লগতে বৃহৎ পৰিমাণৰ বাখৰ জব্দ কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছতে অভিযানকাৰী দলটোৱে বোন্দা-বীৰকুছি আদি অঞ্চলত থকা কেইবাটাও চুলাই মদৰ ঘাটিত চলাই অভিযান ৷

লগতে পঢ়ক: ছয়গাঁৱত তিনিটা চোৰাং গৰুসহ আটক 2

এই অভিযানত চুলাই মদ প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা বৃহৎ সংখ্যক বাখৰ, চুলাই মদ আৰু পচাই ৰখা বহু পৰিমাণৰ চাউল বিনষ্ট কৰে । আনহাতে, চন্দ্ৰপুৰৰ ভিন্ন ঠাইতো চুলাইৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আবকাৰী বিভাগে । চুলাইৰ ঘাটিত আবকাৰী বিভাগৰ লোক উপস্থিত হোৱাৰ উমান পালেই সেই স্থানৰ পৰা পলাই পত্ৰং দিয়ে চুলাই প্ৰস্তুতকাৰীসকলে ৷

ইফালে শনি আৰু দেওবাৰে আবকাৰী বিভাগৰ অভিযানকাৰী দলটোৱে চুলাইৰ ঘাটি সমূহত তালাচী চলাই যদিও এজনো চুলাই ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম নহ’ল ।

লগতে পঢ়ক: গৰুখুটিত পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল ময়নুলক : আব্দুল খালেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.