দুৰ্গোৎসৱৰ বাবে ৰাজ্যিক কৰ্মচাৰীক ২৯ ছেপ্টেম্বৰতে দৰমহা দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

author img

By

Published : Sep 22, 2022, 9:49 PM IST

Assam employees get salaries before durga puja

সমাগত দুর্গা পূজালৈ লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলৰ চলিত মাহৰ দৰমহা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ (Durga Puja is coming)। ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলৰ দৰমহা ২৯ ছেপ্টেম্বৰৰ পৰা মুকলি কৰাৰ নিৰ্দেশ ।

গুৱাহাটী, ২২ ছেপ্টেম্বৰ: ৰাজ্যিক কৰ্মচাৰীৰ বাবে সুখবৰ (Good news for Assam employees)। শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বে কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা (Durga Puja is coming)। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সমাগত দুর্গা পূজালৈ লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলৰ চলিত মাহৰ দৰমহা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশ দিছে ।

উল্লেখ্য যে চলিত বৰ্ষৰ শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে ২ অক্টোবৰৰ পৰা চৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব । ইয়াৰ পৰিপ্ৰেক্ষিততে পূজা উদযাপনত সহায়ক হোৱাকৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলৰ দৰমহা ২৯ ছেপ্টেম্বৰৰ পৰা মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশ দিয়ে (Employees get salaries before durga puja in Assam) ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে ৰাজ্যিক বিষয়া-কৰ্মচাৰীসকলৰ নিজ কৰ্মৰ প্ৰতি থকা নিষ্ঠা মনোভাৱৰ শলাগ লোৱাৰ লগতে তেওঁলোকৰ প্ৰতি ৰাজ্য চৰকাৰৰ থকা দায়বদ্ধতাৰ প্ৰকাশ হিচাপেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক: ভুপেন বৰাক দলৰ চিন্তা কৰিবলৈ পৰামৰ্শ ভবেশ কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.