5 জিলাক খৰাং সদৃশ পৰিস্থিতি ঘোষণা কৰিবলৈ কৃষি বিভাগৰ প্ৰস্তাৱ

author img

By

Published : Sep 18, 2022, 10:11 AM IST

Etv BharatClimate change in Assam

ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে বৰষুণৰ মাত্ৰা (Climate change in Assam) ৷ ফলত ইয়াৰ প্ৰভাৱ পৰিছে ৰাজ্যৰ খেতিপথাৰত ৷ ৰাজ্যত খৰাং সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাৰ বাবে 5 জিলা (Drought like situation in five districts of Assam) বিশেষকৈ নগাঁও, নলবাৰী, কাছাৰ, গোলাঘাট আৰু কামৰূপৰ 1236 খন গাঁৱৰ 59360 টা কৃষক পৰিয়াল বিপদৰ সন্মুখীন হৈছে ৷

নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ : পৰিৱৰ্তন হৈছে অসমৰ জলবায়ুৰ (Climate change in Assam)৷ অসমৰ জলবায়ু পৰিৱৰ্তনৰ ফলত ব্যাপক প্ৰভাৱ পৰিছে কৃষিক্ষেত্ৰত (Climate change impact) ৷ কৃষিক্ষেত্ৰত হোৱা এই পৰিৱৰ্তনে মাধমাৰ সোধাইছে খাটিখোৱা ৰাজ্যৰ একাংশ চহা কৃষকক ৷

তথ্য অনুসৰি, চলিত বৰ্ষৰ জুলাই, আগষ্ট মাহত বৰষুণৰ পৰিমাণ আটাইতকৈ কম হৈছিল ৷ যাৰ ফলত ৰাজ্যখনৰ বহু জিলাত খৰাং সদৃশ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷ ৰাজ্যৰ বিশেষকৈ নগাঁও, নলবাৰী, কাছাৰ, গোলাঘাট আৰু কামৰূপত এই ভয়াৱহ খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় (Drought like situation in five districts of Assam) ৷

এনে পৰিৱেশ সৃষ্টি হোৱাৰ হেতুকে ৰাজ্যৰ কৃষি বিভাগে ইতিমধ্যে দুৰ্যোগ ব্যৱস্থাপনা বিভাগক উক্ত পাঁচখন জিলাক অনুষ্ঠানিকভাৱে খৰাং সদৃশ জিলা বুলি ঘোষণা কৰাৰ এক প্ৰস্তাৱ দিছে ৷ কিন্তু বৰ্তমানলৈকে অনুষ্ঠানিকভাৱে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এই ঘোষণা কৰা নাই ৷ কিয়নো সকলো দিশ চালি-জাৰি চোৱাৰ অন্ততহে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে কোনো নিৰ্দিষ্ট তথ্য ৰাজহুৱা বা ঘোষণা কৰিব ৷ ই টিভি ভাৰত, অসমক এই তথ্য সদৰী কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই ৷

কৃষিমন্ত্ৰী অতুল বৰাই উল্লেখ কৰা অনুসৰি, ৰাজ্যত খৰাং সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাৰ বাবে 5 জিলাৰ 1236 খন গাঁৱৰ কৃষক বিপদৰ সন্মুখীন হৈছে ৷ ইয়াৰে ভিতৰত আছে 59360 টা কৃষক পৰিয়াল ৷ যাৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে (Drought like situation in Assam) ৷

লগতে পঢ়ক : জলবায়ু পৰিবৰ্তনৰ নেতিবাচক প্ৰভাৱ: শীৰ্ষত আছে কৰিমগঞ্জ

খৰাং সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাৰ ফলত ৰাজ্যৰ 5 জিলাৰ বিশেষকৈ নগাঁৱত 421 খন গাঁও ক্ষতিগ্ৰস্ত হৈছে ৷ তথ্য অনুসৰি নগাঁৱৰ 421 খন গাঁৱত আছে 22,285 টা কৃষক পৰিয়াল ৷ কৃষিমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি ক্ৰমাৎ বৰষুণৰ মাত্ৰা কমাৰ ফলত নগাঁৱত 1,141 হেক্টৰ মাটিত খৰাং সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ৷ আনকি বিগত আগষ্ট মাহত বৰষুণৰ পৰিমাণ গড়ে আছিল 320 মিলি লিটাৰ ৷

ইফালে 2021 চনৰ আগষ্টত নগাঁও জিলাত মুঠ বৰষুণৰ পৰিমাণ 340.16 মিলি লিটাৰ আছিল ৷ কিন্তু ইয়াৰ বিপৰীতে 2022 আগষ্টত বৰষুণৰ মুঠ পৰিমাণ আছিল মাত্ৰ 164 মিলি লিটাৰহে ৷ এই তথ্য অনুসৰি ক’ব পাৰি, এটা বছৰতে আকাশ পাতাল সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে অসমত ৷

এতিয়া বিচাৰ্যৰ বিষয়টো হ’ল, কি কৰিব, ক’লৈ যাব ভুক্তভোগী চহা কৃষক ৷ পাবনে উচিত ক্ষতিপূৰণ ! ৰাজ্যৰ কৃষি বিভাগৰ নিয়ম অনুসৰি, যদিহে কৃষিক্ষেত্ৰত উদপাদনৰ মাত্ৰা 50 শতাংশ কমে আৰু সেই কৃষকে নিজৰ শস্যৰ বীমা পূৰ্বতেই কৰাই থয়, তেন্তে তেনে কৃষকে বিভাগৰ তৰফৰ পৰা লাভ কৰিব উচিত ক্ষতিপূৰণ ৷ এই তথ্য সদৰী কৰিছে ৰাজ্যৰ কৃষিমন্ত্ৰীগৰাকীয়ে ৷

আনকি 2022 ৰ 25 ছেপ্টেম্বৰলৈকে যদি বতৰৰ পৰিৱৰ্তন নহয়, তেতিয়া তাৎক্ষণিকভাৱে ৰাজ্যৰ উক্ত 5 জিলাৰ সেই ভুক্তভোগী কৃষকক 25 % ক্ষতিপূৰণ চৰকাৰে দিব ৷

লগতে পঢ়ক : অসমক আগুৱাবলৈ কাজিৰঙাত চৰকাৰৰ চিন্তন শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.