ৰাজ্যত ক্ষুদ্ৰ লঘু আৰু মধ্যম উদ্যোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ধনৰ অভাৱ এক ডাঙৰ প্ৰত্যাহ্বান : ড৹ ডি এছ ৰাৱাট

author img

By

Published : May 18, 2022, 8:30 PM IST

expanding small and medium enterprises

ৰাজ্যত ক্ষুদ্ৰ, লঘু আৰু মধ্যম উদ্যোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ধনৰ অভাৱে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে ক্ষুদ্ৰ লঘু আৰু মধ্যম উদ্যোগ ৰপ্তানী সংবৰ্ধন পৰিষদ (MSME export promotion council) ৰ অধ্যক্ষ ড৹ ডি এছ ৰাৱাটে ৷

গুৱাহাটী, ১৮ মে’ : ৰাজ্যত ক্ষুদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ধনৰ অভাৱে ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিছে (Lack of money is a big challenge in expanding small and medium enterprises in the state)। বুধবাৰে গুৱাহাটীৰ এখন হোটেলত অনুষ্ঠিত এক সংবাদমেলত ক্ষুদ্ৰ, লঘু আৰু মধ্যম উদ্যোগ ৰপ্তানী সংবৰ্ধন পৰিষদ (MSME export promotion council)ৰ অধ্যক্ষ ড৹ ডি এছ ৰাৱাটে এই কথা সদৰি কৰে ৷

লগতে তেওঁ কয় যে, এই সমস্যা অকল অসমতে নহয়, সমগ্ৰ দেশতে আছে ৷ MSME ৰ বাবে বেংকত ঋণ দিয়াৰ ব্যৱস্থা আছে যদিও বেংকৰ পৰা ঋণ পোৱাতো যথেষ্ট কষ্টসাধ্য । বেংকৰ পৰা MSME ৰ বাবে ঋণ পোৱাটো টান । তেওঁ কয় যে, MSME ৰ বাবে ঋণ লোৱা ব্যৱস্থাটো সহজসাধ্য কৰাৰ বাবে চৰকাৰ আৰু বেংকৰ মাজত ব্যাপক দূৰত্ব আছে ।

অসমত ২০১৫-১৬ চনৰ পৰা ২০২০-২১ চনলৈ প্ৰত্যক্ষ বিদেশী বিনিয়োগ যথেষ্ট পুতৌজনক

যাৰ বাবে অসমৰ নিচিনা MSME ৰ বাবে যথেষ্ট সম্ভাৱনা থকা ৰাজ্যত একমাত্ৰ সহজ আৰ্থিক ঋণৰ অভাৱৰ বাবে MSME সম্প্ৰসাৰণ হ'ব পৰা নাই(Expanding small and medium enterprises) । তেওঁ জনায় যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলত MSME ৰ সম্পৰ্কত ক্ষুদ্ৰ লঘু আৰু মধ্যম উদ্যোগ ৰপ্তানী সংবৰ্ধন পৰিষদ (MSME export promotion council) আৰু BillMart নামৰ সংস্থাৰ জৰিয়তে এক সমীক্ষা আৰু অধ্যয়ন কৰা হৈছিল ।

এই সমীক্ষা মতে, অসমত ২০১৫-১৬ চনৰ পৰা ২০২০-২১ চনলৈ প্ৰত্যক্ষ বিদেশী বিনিয়োগ যথেষ্ট পুতৌজনক । অসমত ২০২০-২১ চনত মাত্ৰ ৮৩২.২ নিযুত টকাহে প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে । MSME ৰ ক্ষেত্ৰত থকা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ অসমত প্ৰযুক্তিৰ অভাৱ, বিভিন্ন আইন, যোগানৰ সু-ব্যৱস্থা নথকাৰ ভালদৰে কাৰ্যকৰী কৰাত ব্যৰ্থ হোৱা দেখা গৈছে ।

লগতে পঢ়ক : মেগা নিযুক্তিৰ পাছতো ৰাজ্যত খালী হৈ আছে ৩৮,৩০০ টা পদ

সংবাদমেলত অধ্যক্ষ ড৹ ডি এছ ৰাৱাটে কয় যে, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ৬১.৪৮ শতাংশ ক্ষুদ্ৰ লঘু আৰু মধ্যম উদ্যোগৰ ইউনিট আছে । ইয়াৰে অসমত ৩৮.৫২ শতাংশ ক্ষুদ্ৰ লঘু আৰু মধ্যম উদ্যোগৰ ইউনিট আছে । অসমত ৬৭,০০০ টা উদ্যোগ আছিল । ইয়াৰে ৮৮ শতাংশ লঘু আৰু ১১.৫ শতাংশ ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ ।

তেওঁ জনায় যে, শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত ক্ষুদ্ৰ লঘু আৰু মধ্যম উদ্যোগৰ স্থাপন কৰাৰ বাবে ১৫৩৬ কোটি টকাৰ অনুমোদন দিছে ।

অধ্যক্ষ ড৹ ডি এছ ৰাৱাটে জনায় যে, অসমত ক্ষুদ্ৰ লঘু আৰু মধ্যম উদ্যোগ স্থাপনৰ বাবে সম্মুখীন হোৱা আৰ্থিক সমস্যা সমাধান কৰাৰ বাবে ক্ষুদ্ৰ লঘু আৰু মধ্যম উদ্যোগ ৰূপ্তানী সংবৰ্ধন পৰিষদ (MSME export promotion council) আৰু BillMart ৰ লগত এখন বুজাবুজি চুক্তি সম্পন্ন হৈছে । BillMart য়ে ৰাজ্যৰ MSME ৰ বাবে আৰ্থিক ঋণ পোৱাৰ ক্ষেত্ৰত সহায় আগবঢ়াব । সংবাদমেলত BillMart ৰ মুখ্য কাৰ্যবাহী বিষয়া জিগিছ ছোনাগাৰা (Jigish Sonagara) কয় যে, BillMart য়ে অহা এবছৰত অসমত ১০,০০০ টা MSME ইউনিট গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

লগতে পঢ়ক : Mini Switzerland in trouble : সংকটত উত্তৰ-পূৱ ভাৰতৰ মিনি চুইজাৰলেণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.