Divyangjan Mancha Protest: একাধিক দাবীৰে মহানগৰীত দিব্যাংগ মঞ্চৰ প্ৰতিবাদ
Published: Mar 14, 2023, 9:59 AM


Divyangjan Mancha Protest: একাধিক দাবীৰে মহানগৰীত দিব্যাংগ মঞ্চৰ প্ৰতিবাদ
Published: Mar 14, 2023, 9:59 AM
একাধিক দাবীৰে মহানগৰীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী দিব্যাংগ মঞ্চৰ(Divyangjan Mancha Protest in Guwahati) ৷ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিখন অৰুণোদয় আঁচনিৰ লগত সংযোগ কৰাৰ যি চৰকাৰী সিদ্ধান্ত তাক ঘোৰ বিৰোধিতা কৰিছে দিব্যাংগ মঞ্চই ৷
গুৱাহাটী,14 মাৰ্চ: একাধিক দাবীৰে মহানগৰীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী দিব্যাংগ মঞ্চৰ ৷ যোৱা সোমবাৰে দিব্যাংগ মঞ্চ অসমৰ উদ্যোগত ৰাজ্যৰ প্ৰায় ৯ হাজাৰ দিব্যাংগ ব্যক্তিয়ে বিভিন্ন সমস্যা সমাধানৰ দাবী তুলি মহানগৰীৰ চচলত চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
সোমবাৰে পুৱাৰ ভাগত বেলতলাস্থিত সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ সন্মুখত ৰাজপথত বিক্ষোভ প্ৰৰ্দশন কৰে দিব্যাংগ মঞ্চ অসমৰ সদস্যই ৷ আনহাতে চচলতো প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখে প্ৰতিবাদকাৰী সকলে ৷
দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিখন (Deendayal Divyangjan Pension Scheme) অৰুণোদয় আঁচনিৰ লগত সংযোগ কৰাৰ চৰকাৰী যি সিদ্ধান্ত তাক ঘোৰ বিৰোধিতা কৰিছে দিব্যাংগ মঞ্চই(Divyangjan pension linked with Orunudoi scheme) ৷ এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী দিব্যাংগ মঞ্চ অসমৰ কৰ্ম-কৰ্তা সকলৰ ৷ লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ খালী বেকলগ পদসমূহ অতি শীঘ্ৰে পূৰণ কৰাৰ দাবী দিব্যাংগ মঞ্চ অসমৰ ৷
প্ৰতিবাদস্থলীত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰাক লৈ সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ । আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক টানি আজুৰি, চোঁচৰাই বাছত তুলি চচলৰ ধৰ্ণাস্থলীলৈ লৈ যায় । চৰকাৰে দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি অৰুণোদয় আঁচনিৰ (Orunodoi Scheme Assam) লগত অন্তর্ভুক্ত নকৰি বৰ্তমান ১০০০ টকাৰ পৰিবৰ্তে এই ধন তিনি হাজাৰ টকালৈ বৃদ্ধি কৰাৰ দাবী জনাই প্ৰতিবাদকাৰী সকলে ৷ লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ খালী বেক লগ পদৰ বাকী থকা পদসমূহ এমাহৰ ভিতৰত সুকীয়াকৈ নিযুক্তি দিয়া ইত্যাদি বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে (Differently abled recruitment Assam)৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে দিব্যাংগ মঞ্চ অসমৰ (Divyang Mancha Assam) সভাপতি নৱজিত বৰ্মন আৰু সম্পাদক চেমিম আহমেদে ৷
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও কেইবাবাৰো বিভিন্ন দাবীত দিব্যাংগ মঞ্চ অসমে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক: Protest in Tinsukia : তিনিচুকীয়াত বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ বিক্ষোভ
