Lok Sabha Election 2024 : সাংসদ হ’বলৈ মন মেলিছে বিধায়ক অতুল বৰাৰ পুত্ৰই

author img

By

Published : Nov 21, 2022, 5:43 PM IST

Lok Sabha Election 2024

সমষ্টিবাসীয়ে ভালদৰে চিনি নোপোৱা দিছপুৰৰ বিধায়ক অতুল বৰাৰ(Dispur MLA Atul Bora) পুত্ৰই বিচাৰিছে 2024ৰ লোকসভা নিৰ্বাচনৰ টিকট ৷ ৰাজ্যৰ ৰাজনীতিত কোনোদিনে চৰ্চিত নোহোৱা অতুল বৰা তনয়ৰ আছে দৃঢ়বিশ্বাস ৷ তেওঁ হেনো সুন্দৰভাৱে সংসদত উত্থাপন কৰিব পাৰিব সমষ্টিৰ সমস্যা ৷

নিউজ ডেস্ক, 21 নৱেম্বৰ : সমষ্টিবাসীৰ বাবে অচিনাকী হ’লেও গুৱাহাটীখনৰ প্ৰতি সাংঘাতিক দুৰ্বলতা এটা আছে বিধায়ক অতুল বৰাৰ তনয় অৰুনাভৰ (Son of MLA Atul Bora)৷ সেয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে টিকট দাবী কৰিলে বিদেশৰ শিক্ষাৰে শিক্ষিত অৰুনাভ বৰাই (Arunabh Bora Son of MLA Atul Bora) ৷ অৰুনাভৰ বিশ্বাস, তেওঁ পাৰিব ৷

দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ পুত্ৰ, যি প্ৰায় সকলোৰে বাবে অপৰিচিত ৷ তেওঁ দেওবাৰে এক সংবাদমেল সম্বোধন কৰিলে গুৱাহাটীত ৷ সংবাদমেলখনৰ জৰিয়তে অতুল বৰাৰ পুত্ৰ অৰুনাভ বৰাই বিজেপিৰ পৰা দাবী কৰিলে 2024ৰ লোকসভাৰ বাবে টিকট (Lok Sabha Election 2024) ৷ ৰাজ্যৰ ৰাজনীতিত কোনোদিনে নাম নুশুনা অৰুনাভ বৰা কেলিফৰ্নিয়াৰ ছাত্ৰ ৰাজনীতিত জড়িত হৈ পৰিছিল ৷ সেই সুবাদতে লোকসভা নিৰ্বাচনৰ বাবে মন মেলিছে বিধায়ক পুত্ৰগৰাকীয়ে ৷

সাংসদ হ’বলৈ মন গৈছে বিধায়ক অতুল বৰাৰ পুত্ৰৰ

সংবাদমেলত অৰুনাভ বৰাই মন্তব্য কৰে যে, ‘‘মোৰ দেউতা যিহেতু 5 বাৰকৈ দিছপুৰৰ বিধায়ক, সেয়ে ৰাজ্যত কোনখিনি সমস্যা আছে আৰু কোন কোন দিশত উন্নয়ণৰ প্ৰয়োজন আছে সেই কথা মই জানো ৷ মোৰ এক গুণ আছে, যাৰ বাবে মই এই সমস্যাসমূহ সংসদত ভালকৈ দাঙি ধৰিব পাৰিম ৷ সেই আত্মবিশ্বাস মোৰ আছে ’’ ৷

উল্লেখ্য যে, পিতৃ অতুল বৰাৰ বিৰুদ্ধেই সমষ্টিবাসীলৈ পিঠি দিয়াৰ অভিযোগ থকাৰ লগতে সমষ্টিৰ বহু লোকে চিনিয়েই নাপায় বুলি চৰ্চা চলি আহিছে ৷ তেনে অৱস্থাত ক্ষমতাৰ লোভত অগপৰ পৰা বিজেপিলৈ জপিওৱা অতুল বৰাৰ পুত্ৰই সাংসদ হোৱাৰ সপোন ৰচি বিচাৰিছে টিকট ৷ ইয়াৰোপৰি লক্ষ্যণীয়ভাৱে এই পৰ্যন্ত অৰুনাভ বৰাৰ নাই কোনো ৰাজনৈতিক দলৰ সদস্য পদ ৷

মনকৰিবলগীয়া যে, দিছপুৰৰ মানুহে এতিয়াও ভালদৰে চিনিয়েই নাপায় পিতৃ তথা 5 বাৰৰ বিধায়ক অতুল বৰাক (Dispur MLA Atul Bora)৷ তাতে আকৌ ধুমকেতুৰ দৰে পৰিছেহি পুত্ৰ অৰুনাভ । সমষ্টিত নিজৰ কোনো ভিত্তি নাথাকিলেও পিতৃৰ লিগেছী ব্যৱহাৰ কৰি 2024ত সক্ৰিয় ৰাজনীতিত ভৰি থৈ দেশসেৱা কৰিব বিচৰা অৰুনাভে টিকট বিতৰণৰ সময়ত পানী ঘোলা কৰাৰহে সম্ভাৱনা অধিক হৈ পৰিছে ।

বিধায়ক অতুল বৰাই পুত্ৰক ৰাজনীতিলৈ প্ৰক্ষেপ কৰি ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত দাসৰ ৰাজনৈতিক ভৱিষ্যতৰ ভাবুকি কঢ়িয়াইছে নেকি বুলিও সৰৱ চৰ্চা আৰম্ভ হৈছে দিছপুৰত ।

লগতে পঢ়ক : Shiliaditya Dev Controversial Remarks : কংগ্ৰেছৰ ভাৰত জোড়ো আন্দোলনক নাটক আখ্যা শিলাদিত্য দেৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.