Old MLA hostel: ৰাজধানী দিছপুৰৰ পুৰণি ঐতিহ্যৰ অৱশিষ্ট MLA হোষ্টেলত পৰিল হাতুৰীৰ কোব

author img

By

Published : Aug 5, 2022, 7:31 PM IST

Old MLA hostel

পুৰণি এম এল এ হোষ্টেলৰ কেইটামান পুৰণি আছাম টাইপৰ কটেজে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ দিনত স্থানান্তৰিত ৰাজধানীৰ অৱশেষ অস্তিত্ব ৰক্ষা কৰি আছিল । কিন্তু ঐতিহ্য বহন কৰা পুৰণি এম এল এ হোষ্টেলত থকা অৱশিষ্ট এই কটেজকেইটাৰ ওপৰতো এতিয়া চলিছে হাতুৰীৰ কোব (Demolished Old MLA hostel in Dispur)। পুৰণি এম এল এ হোষ্টেলৰ কটেজসমূহক ইতিহাসত পৰিণত কৰি নিৰ্মাণ কৰা হ’ব ওখ ওখ অট্টালিকা ৷

গুৱাহাটী, ৫ আগষ্ট : নোহোৱা হোৱাৰ দিশে দিছপুৰৰ এক ঐতিহ্য । আধুনিকতাৰ আৱেশত নিঃশেষ হয় একো একোটা ঐতিহ্য । তাৰেই অংশ হিচাবে দিছপুৰৰ পুৰণি এক ঐতিহ্য ইতিহাস হ’বলৈ ওলাইছে । উল্লেখ্য যে, মেঘালয়ক ৰাজ্য ঘোষণাৰ পাচত ১৯৭২ চনত ততাতৈয়াকৈ শ্বিলঙৰ পৰা দিছপুৰলৈ অস্থায়ীভাৱে অসমৰ ৰাজধানী স্থানান্তৰ কৰা হৈছিল ।

অস্থায়ী ৰাজধানীয়ে পৰৱৰ্তী সময়ত হৈছিল অসমৰ স্থায়ী ৰাজধানী । প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ (Ex CM Late Sarat Chandra Singh) দিনত স্থানান্তৰিত অস্থায়ী ৰাজধানী দিছপুৰৰ অৱশিষ্ট ঐতিহ্যও এতিয়া নিঃশেষ হোৱাৰ পথত । ইতিমধ্যে অতীত হ’ল কৰিড’ৰেৰে দুটা ভাগত কৰা মুখামুখিকৈ থকা মন্ত্ৰীৰ কাৰ্যালয়সমূহ থকা পুৰণি জনতা ভৱন ।

জনতা ভৱনৰ কাষতে পৃথককৈ আছিল অসম সচিবালয় ।

নোহোৱা হোৱাৰ দিশে দিছপুৰৰ এক ঐতিহ্য

জনতা ভৱন আৰু অসম সচিবালয়ৰ এতিয়া চিন চাব পাবলৈ নাই । অস্থায়ী ৰাজধানী দিছপুৰত থকা পুৰণি মিনিষ্টাৰ কলনিও এতিয়া নাই । পুৰণি এম এল এ হোষ্টেলৰ কেইটামান পুৰণি আছাম টাইপৰ কটেজে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ দিনত স্থানান্তৰিত ৰাজধানীৰ অৱশেষ অস্তিত্ব ৰক্ষা কৰি আছিল ।

কিন্তু ঐতিহ্য বহন কৰা পুৰণি এম এল এ হোষ্টেলত থকা অৱশিষ্ট এই কটেজকেইটাৰ ওপৰতো এতিয়া চলিছে হাতুৰীৰ কোব । সংযোগ বিচ্ছিন্ন হৈছে পানী যোগান, বিদ্যুৎ সৰবৰাহ আৰু কিছুদিনৰ পাচতে প্ৰায় এটা সোণালী যুগৰ ঐতিহ্য বহন কৰি গৰ্বৰে থিয় হৈ থকা আছম টাইপৰ কটেজকেইটাক বুলডজাৰ চলাই মাটিৰ সৈতে মিহলাই দিয়া হ’ব ।

লগতে পঢ়ক : Wushu player Pronita Chutia: অৱশেষত মুকলি আকাশৰ তললৈ মাইনা চুতীয়া ওৰফে প্ৰণীতা

ইয়াৰ পাচত ৰাজধানী দিছপুৰত আৰু নাথাকিব স্থানান্তৰিত ৰাজধানীৰ সময়ত নিৰ্মিত কোনো কার্যালয়, আৱাসগৃহৰ চিন-চাব । কাৰণ এই ঘৰবোৰ আজিৰ সময়ত আওপুৰণি আৰু মেৰামতিৰ ক্ষেত্ৰত হৈ পৰিছে ব্যয়বহুল । বুলডজাৰ চলাই পুৰণি এম এল এ হোষ্টেলৰ কটেজসমূহক ইতিহাসত পৰিণত কৰি নিৰ্মাণ কৰা হ’ব ওখ ওখ অট্টালিকা ।

উল্লেখ্য যে, ইতিমধ্যে বহু বিধায়কৰ কটেজ ভাঙি ফ্লেট নির্মাণ কৰা হ’ল । সেই ফ্লেটসমূহতে নিৰ্বাচিত হৈ অহা একাংশ বিধায়ক থাকে । পুৰণি এম এল এ হোষ্টেলত যিসকল বিধায়ক আছিল তেওঁলোকো এতিয়া অসম বিধানসভা সচিবালয়ৰ সিদ্ধান্তৰ বাবে বিড়ম্বনাৰ সন্মুখীন হ’বলগীয়া হৈছে । কাৰণ তেওঁলোকক ঘৰ খালী কৰিবলৈ বিধানসভা সচিবালয়ৰ পৰা কেইবাবাৰো নিৰ্দেশ জাৰি কৰা হৈছে । ইতিমধ্যে কেইবাটাও তাৰিখ উকলি গ’ল যদিও জ্যেষ্ঠ, কনিষ্ঠ সকলো বিধায়কে ঘৰ এৰা নাছিল ।

৩১ জুলাইৰ ভিতৰত বিধায়কসকলক ঘৰ খালী কৰাৰ শেষ সময় দিয়া হৈছিল । জাননী আনুসৰি পহিলা আগষ্টৰ পৰা এম এল এ হোষ্টেলৰ কটেজসমূহত এফালৰ পৰা বিদ্যুৎ আৰু পানীৰ সংযোগ কৰ্তন কৰি দিয়া হৈছে (Power And Water Supply To Disconnected MLA Hostels Demolition) । অৱশ্যে শেষত বিধানসভা সচিবালয়ে সিদ্ধান্ত সলনি কৰি ঘৰ খালী কৰাৰ সময় অহা ২০ আগষ্টলৈ বৃদ্ধি কৰিছে ।

লগতে পঢ়ক : Threating to Mother Tongue: চৰকাৰৰ ইংৰাজীপ্ৰীতিয়ে মাতৃভাষাৰ প্ৰতি কঢ়িয়াইছে ভাবুকি

অনিচ্ছা সত্বেও আচবাব, সা-সামগ্ৰী লৈ এম এল এ হোষ্টেল একাংশ বিধায়কে এৰিছে যদিও সকলোৱে ঘৰ খালী কৰিব পৰা নাই । কাৰণ তেওঁলোকে বিচৰা মতে, গুৱাহাটীত পোৱা নাই ভাড়াঘৰ । দর্শনার্থীৰ ভিৰৰ বাবে ঘৰৰ মালিকে বিধায়কক ঘৰ থাকিলেও ভাৰালৈ দিব বিচৰা নাই ৷ বিধানসভা সচিবালয়ৰ তৰফৰ পৰা বিধায়কসকলক নতুনকৈ আৱাসগৃহৰ ব্যৱস্থা নিৰ্মাণ কৰি দিব নোৱাৰা পর্যন্ত তেওঁলোকক ভাড়াঘৰৰ বাবত প্ৰতিমাহে ৫০ হাজাৰকৈ টকা আদায় দিব ।

পুৰণি এম এল এ হোষ্টেলৰ কটেজসমূহ ভাঙি নতুন অট্টালিকা নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰাৰ ফলত বিশেষকৈ কেইবাটাও কার্যকালৰ বাবে নিৰ্বাচিত হৈ অহা জ্যেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰী, দিছপুৰৰ বিধায়ক অতুল বৰা, ভৱেন ভৰালী, ৰেকিবুদ্দিন আহমেদ, মিছবাহুল ইছলাম লস্কৰ, আব্দুৰ ৰশিদ মণ্ডল আদি বহুজনে পুৰণি এম এল এ হোষ্টেলৰ স্মৃতি ৰোমন্থন কৰি লাহে লাহে এৰিব লাগিব ইতিমধ্যে আপোন হৈ পৰা আপোন ঘৰখন ।

লক্ষণীয় বিষয় যে, বহু বিধায়কে ইয়াতেই কটালে নিজৰ জীৱনৰ দীঘলীয়া সময় । প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ১৯৮৫ চনৰে পৰা কেইবাটাও দশক ইয়াতেই অতিবাহিত কৰিলে । দুবাৰকৈ মুখ্যমন্ত্ৰী হিচাপে থাকিলে পুৰনি বিধায়ক আৱাসত । বহুতৰে বহু স্মৃতি জড়িত হৈ থকা ৰাজধানী দিছপুৰৰ এই ঐতিহ্য আৰু কিছুদিন পাচত নোহোৱা হৈ পৰিব । ত‍াৰ ঠাইত গঢ়ি উঠিব ওখ ওখ অট্টালিকা ।

লগতে পঢ়ক : Lok Kalyan Day 2022: শিৱসাগৰত লোক কল্যাণ দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.