Bhupen Hazarika Samadhi Kshetra:জালুকবাৰীৰ সুধাকণ্ঠৰ সমাধিক্ষেত্ৰ পুনৰ মুকলিৰ দাবী
Published: May 21, 2023, 9:39 PM


Bhupen Hazarika Samadhi Kshetra:জালুকবাৰীৰ সুধাকণ্ঠৰ সমাধিক্ষেত্ৰ পুনৰ মুকলিৰ দাবী
Published: May 21, 2023, 9:39 PM
বন্ধ হৈ থকা সুধাকণ্ঠৰ সমাধিক্ষেত্ৰ মুকলিৰ দাবী । বিশ্বৰত্ন ড৹ ভূপেন হাজৰিকা স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰতিবাদী কাৰ্যসূচী (Protest in Bhupen Hazarika Samadhi Kshetra)।
গুৱাহাটী, ২১ মে': অসমীয়া জাতিৰ হিয়াৰ আমঠু, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ শেষ ঠিকনা জালুকবাৰীৰ সমাধিক্ষেত্ৰ চৌহদ বিগত ২৬ দিন ধৰি বন্ধ হৈ থকাত দৈনিক শ শ দৰ্শনাৰ্থী উভতি যাবলগীয়া হৈছে (Bhupen Hazarika Samadhi Kshetra in Jalukbari)। ফলত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । যাৰ বাবে সমাধিক্ষেত্ৰ চৌহদ পুনৰ মুকলিৰ দাবীত দেওবাৰে বিয়লি বিশ্বৰত্ন ড৹ ভূপেন হাজৰিকা স্বৰ্ণ শাখা সাহিত্য সভা আৰু ড৹ ভূপেন হাজৰিকা সমন্বয় সত্ৰৰ যুটীয়া উদ্যোগত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Demand for reopened Bhupen Hazarika Cemetery)। ৰাইজে শীঘ্ৰে জালুকবাৰীৰ সমাধিক্ষেত্ৰ চৌহদ মুকলি কৰিবলৈ দাবী জনাই আহিছে যদিও আজিলৈকে দৰ্শনাৰ্থীৰ বাবে খুলি দিয়া নাই ।
বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ অনুষ্ঠিত দুঘণ্টাজোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ,প্লে কাৰ্ড লৈ শীঘ্ৰে সমাধিক্ষেত্ৰ চৌহদ পুনৰ ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰি দিবলৈ দাবী জনায় ।
আনহাতে, এই কাৰ্যসূচীত বিশ্বৰত্ন ড৹ ভূপেন হাজৰিকা স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি হৃষিকেশ দাস, সহকাৰী সম্পাদক বিমলজ্যোতি মালাকাৰ, বিকি বিশ্বাস, সদস্য আদিত দাস, গাড়ীগাঁও শাখা সাহিত্য সভাৰ সভাপতি লাইলা বেগম, ড৹ ভূপেন হাজৰিকা সমন্বয় সত্ৰৰ উপ -সভাপতি শ্রীমন্ত দাস, চিদ্দিক আলী ঠাকুৰীয়া, বাহাৰুল ইছলাম ,ৰমেশ বৰা, ৰমেশ মালীকে ধৰি বৃহত্তৰ জালুকবাৰী অঞ্চলৰ ৰাইজ উপস্থিত থাকে (Bhupen Hazarika Swarna Shakha Sahitya Sabha)। তেওঁলোকে শীঘ্ৰে এই চৌহদটো মুকলি কৰিবলৈ দাবী জনাইছে ।
উল্লেখযোগ্য যে, যোৱা ২৫ এপ্ৰিলৰ সন্ধিয়া সমাধিক্ষেত্ৰ চৌহদ দৰ্শন কৰি থকা অৱস্থাতে পাণ্ডু অঞ্চলৰ এজন কিশোৰে পানীৰ ফোৱাৰাত হাত দিওঁতেই বিদ্যুৎস্পৃষ্ট হৈ দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি লৈছিল (Death due to electrocution in Guwahati)। ইয়াকে লৈ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল । ফলত অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই পিচদিনাৰে পৰাই মেৰামতিৰ নামত সমাধিক্ষেত্ৰ চৌহদ বন্ধ কৰি ৰাখিছে ।
লগতে পঢ়ক:Junmoni Rabha mysterious death: জখলাবন্ধাৰ দুৰ্ঘটনাস্থলীত জোনমণিৰ মাতৃৰ হিয়াভঙা কান্দোন
