Lachit Divas in Assam: এফালে জন্ম জয়ন্তীৰ উখল মাখল আনফালে এলাগী লাচিত ঘাট

author img

By

Published : Nov 20, 2022, 8:56 PM IST

Updated : Nov 20, 2022, 9:04 PM IST

Lachit Ghat sink into oblivion

দিল্লীত লাচিত দিৱসৰ উখল মাখল (Lachit Divas in Delhi) চলি থকাৰ সময়তে এলাগী হৈ পৰিছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত থকা লাচিত ঘাট ৷ চৰকাৰে পাহৰিলে মাছখোৱাৰ লাচিত ঘাটলৈ (Lachit Ghat in Guwahati) ৷ জাৱৰৰ দ’মৰ মাজত লাচিতৰ স্মৃতি বিজড়িত উদ্যান ৷ উদ্যানখন পৰিস্কাৰ কৰিবলৈ আহৰি নাই পৰ্যটন বিভাগৰো ৷

গুৱাহাটী, 20 নৱেম্বৰ: বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপনৰ প্ৰস্তুতি অসম চৰকাৰৰ (400 bith anniversary of Lachit Barphukan) ৷ ইতিমধ্যে দেশৰ ৰাজধানী দিল্লীত তুংগত উঠিছে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা লাচিত দিৱসৰ প্ৰস্তুতি (Delhi gets light up for Lachit divas) ৷ অসমৰ মন্ত্ৰী-বিধায়কৰ পৰা আৰম্ভ কৰি শাসকীয় দলৰ নেতা-কৰ্মীয়ে ভিৰ কৰিছে ৰাজধানী দিল্লীত ৷ ৰাজ্যতো সপ্তাহজোৰা কাৰ্যসূচীৰে লাচিত দিৱসৰ আয়োজন কৰিছে ৰাজ্য চৰকাৰে ৷ লাচিত বৰফুকনৰ বীৰত্ব তথা পৰাক্ৰমক বিশ্বত চিনাকী কৰাই দিয়াৰ মানসেৰেই চৰকাৰে লৈছে এই পদক্ষেপ ৷

এফালে জন্মজয়ন্তীৰ উখল মাখল আনফালে এলাগী লাচিত ঘাট

কিন্তু দিল্লীত লাচিত দিৱসৰ উখল মাখল চলি থকাৰ সময়তে এলাগী হৈ পৰিছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত থকা লাচিত ঘাট (Pathetic condition of Lachit Ghat) ৷ চৰকাৰে পাহৰিলে মাছখোৱাৰ লাচিত ঘাটলৈ ৷ জাৱৰৰ দ’মৰ মাজত লাচিতৰ স্মৃতি বিজড়িত উদ্যান ৷ উদ্যানখন পৰিস্কাৰ কৰিবলৈ আহৰি নাই পৰ্যটন বিভাগৰো ৷

২০১১ চনতে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মাছখোৱাত ব্ৰহ্মপুত্ৰৰ বুকুত লাচিত বৰফুকনৰ ব্ৰঞ্জৰ এই প্ৰতিমূৰ্তি স্থাপনৰ দিহা কৰিছিল (Statue of Lachit Barphukan in Guwahati) ৷ সেইমৰ্মে স্থাপন কৰা হৈছিল আধাৰশিলাও ৷ ২০১৬ চনত প্ৰতিমূৰ্তিটো মুকলি কৰিছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েই ৷ লগতে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ কাষতে মুকলি কৰিছিল উদ্যান এখনো । য'ত ফলকত লিখা আছিল লাচিত বৰফুনৰ ইতিহাস (History of Lachit Barphukan) ।

কিন্তু দুৰ্ভাগ্যজনকভাৱে উদ্বোধনৰ পাছৰে পৰা বন্ধ হৈ পৰিল উদ্যানখন । যাৰ ফলত লাচিত ঘাটলৈ লাচিতৰ প্ৰতিমূৰ্তি চাবলৈ অহা দেশ-বিদেশৰ পৰ্যটক সকল লাচিত বৰফুকননো কোন বা শৰাইঘাটৰ ৰণ কি সেই সম্পৰ্কে গম নোপোৱাকৈয়ে উভতি যাব লগা হয় । লাচিত বৰফুকন কোন, শৰাইঘাটৰ ৰণৰ ইতিহাস আদি ফলক হিচাপে অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত লাচিতৰ মূৰ্তিৰ কাষত স্থাপন কৰিবলৈ চৰকাৰক দাবী স্থানীয় সচেতন লোকৰ (Lachit Ghat sink into oblivion) ৷

চৰকাৰে লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তীত বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজনেৰে বীৰ সেনাপতিগৰাকীক বিশ্বত চিনাকী কৰাই দিয়াৰ প্ৰচেষ্টাত কাৰো নিশ্চয় দ্বিমত নাই ৷ কিন্তু দিল্লীত জাক জমকতাৰে কৰা এই বিশাল আয়োজনৰ বিপৰীতে লাচিতৰ জন্মভূমিতে এইদৰে লাচিতৰ প্ৰতিমূৰ্তি তথা স্মৃতি বিজড়িত উদ্যানখন এলাগী হৈ ৰোৱা কাৰ্যহে কোনেও সহজভাৱে ল’ব পৰা নাই ৷

লগতে পঢ়ক: Lachit Divas in Delhi : জনশূন্য জনতা ভৱন, মন্ত্ৰী-আমোলাৰ দিল্লী গমন

Last Updated :Nov 20, 2022, 9:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.