পশুচিকিৎসা মহাবিদ্যালয়ৰ চৌহদত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

author img

By

Published : May 29, 2022, 8:24 PM IST

deadbody of newborn recovered inside veterinary college premises

ৰাজ্যত পুনৰ ভূ-লুণ্ঠিত মানৱতা । এইবাৰ মহানগৰীতে সংঘটিত এক লাজ লগা কাণ্ড । পশুচিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত পেলাই থৈ গ'ল এটি নৱজাতকৰ মৃতদেহ(Newborn deadbody dumped in sack) ৷

গুৱাহাটী,২৯ মে': মহানগৰীত সংঘটিত হৈছে এক হৃদয় বিদাৰক কাণ্ড ৷ কোনো অজ্ঞাত লোকে পশুচিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত পেলাই থৈ গ'ল এটি নৱজাতকৰ মৃতদেহ ৷ দেওবাৰে পুৱা স্থানীয় লোকে দেৱ শিশুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

খানাপাৰা পশুচিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত জংঘলত উদ্ধাৰ হৈছে দেৱশিশুটিৰ মৃতদেহ(Newborn body dumped in sack) ৷ এনেধৰণে পশুচিকিৎসা মহাবিদ্যালয়ৰ চৌহদত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই পুনৰ এবাৰ উদঙাই দিলে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাক ৷ মৃতদেহটো এটি বস্তাত ভৰাই পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ।

পশুচিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

মৃত দেৱশিশুটি দেওবাৰে পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় । এয়া কোনো দম্পতীয়ে অথবা কোনোৱে অবৈধ প্ৰেমৰ পৰিণতিত নিজৰ লজ্জা ঢাকিবৰ বাবে অৱশেষত এনে পথ গ্ৰহণ কৰা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: লুৰীণজ্যোতি গগৈ মোৰ কাৰণে সদায় ৰাম হৈ থাকিব : চিত্তৰঞ্জন বসুমতাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.