Ambubachi Mela: অম্বুবাচী মেলালৈ অহা ভক্ত ক'ভিডত আক্ৰান্ত

author img

By

Published : Jun 24, 2022, 12:37 PM IST

d

নীলাচল পাহাৰৰ বুকুত এতিয়া বিভিন্ন বেশভূশাৰে ভক্তই সৃষ্টি কৰিছে উখল-মাখল পৰিৱেশৰ । মা কামাখ্য়াৰ আশীৰ্বাদ ল'বলৈকে বৈছে এই সোঁত (Kamakhya Mandir)। ইয়াৰ মাজতে অম্বুবাচী মেলাত এজন ভক্ত ক'ভিডত আক্ৰান্ত।

গুৱাহাটী,২৪ জুন: ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে দুবছৰ বিৰতিৰ পিছত ২২-২৬ জুনলৈ নীলাচলৰ বুকুত আৰম্ভ হৈছে অম্বুবাচী মেলা (Ambubachi Mela at Kamakhya Mandir)। এই অম্বুবাচী মেলালৈ সোঁত বৈছে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ । নীলাচল পাহাৰৰ বুকুত এতিয়া বিভিন্ন বেশভূশা ভক্তই সৃষ্টি কৰিছে উখল-মাখল পৰিৱেশৰ ।

চৰকাৰৰ লগতে পৰ্যটন বিভাগ আৰু জিলা প্ৰশাসনে সকলো ভক্তৰ বাবে কৰিছে সু-ব্য়ৱস্থা । তদুপৰি সকলো ভক্তৰে কৰা হৈছে ক'ভিড পৰীক্ষা (Covid-19 test at Nilachal Hills)। ইয়াৰ মাজতে এজন ভক্তক ক'ভিডত আক্ৰান্ত হিচাপে চিনাক্ত কৰা হৈছে (One devotee infected Covid-19)। কামাখ্যাত কৰা ক'ভিড পৰীক্ষাত লোকজনক আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে । আক্ৰান্ত ভক্তজন গুজৰাটৰ পৰা অম্বুবাচী মেলালৈ আহিছে ।

এই লোকজন গুজৰাটৰ সুন্দৰ ভাৰতীয়া বুলি জানিব পৰা গৈছে । কামাখ্যাত কৰা ক'ভিড পৰীক্ষাত লোজনক ক'ভিড আক্ৰান্ত বুলি চিনাক্ত কৰাৰ পিছতে জি এম চি এইচত ভৰ্তি কৰোৱা হয় (GMCH)। সম্প্ৰতি তেওঁ জি এম চি এইচত চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক:Ambubachi Mela 2022 : উদুলি মুদুলি নীলাচলৰ বুকু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.