কিয় ন্যায়ালয়ৰ কাষ চপাৰ ভাবুকি দিলে ইমাম পৰিষদে ?

author img

By

Published : Sep 18, 2022, 9:13 PM IST

conflict-between-government-and-private-qazis

উচ্চ ন্যায়ালয়ৰ ৰায়দান অনুসৰি, বেচৰকাৰী কাজীয়েও মুছলিম বিবাহৰ নিকাহ সম্পন্ন কৰাৰ প্ৰমাণ-পত্ৰ দিব পাৰিব (Muslim marriage certificate) । কিন্তু উক্ত প্ৰমাণ-পত্ৰত অশোক চক্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব । তদুপৰি, নিকাহৰ নামত বেচৰকাৰী কাজীক নিকাহৰ ন্যূনতম মাননী সংগ্ৰহৰো নিৰ্দেশ দিয়া হৈছে ।

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ : এইবাৰ ৰাজ্যত চৰকাৰী আৰু বেচৰকাৰী কাজীৰ মাজত সংঘাত (Conflict between government and private qazis) । উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য কৰি একাংশ চৰকাৰী কাজীয়ে বেচৰকাৰী কাজীক ভুৱা কাজী বুলি অভিহিত কৰাৰ লগতে গোচৰ ৰুজু কৰি অহাৰো অভিযোগ উত্থাপন হৈছে (allegation to ignore court order by govt qazi) ।

যাক লৈ এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ । উল্লেখ্য, শেহতীয়াভাৱে কৰিমগঞ্জ, গোৱালপাৰা, নগাঁৱত এনে ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি সদৌ অসম ইমাম পৰিষদেৰ উপদেষ্টা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মৈজুদ্দিন মাহমুদে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে । তেওঁ কয় যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান দি থৈছে (Gauhati high court order about qazis) ।

চৰকাৰী আৰু বেচৰকাৰী কাজীৰ মাজত সংঘাত

উক্ত ৰায়দান অনুসৰি, বেচৰকাৰী কাজীয়েও মুছলিম বিবাহৰ নিকাহ সম্পন্ন কৰাৰ প্ৰমাণ-পত্ৰ দিব পাৰিব (Muslim marriage certificate) । কিন্তু উক্ত প্ৰমাণ-পত্ৰত অশোক চক্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব । তদুপৰি, নিকাহৰ নামত বেচৰকাৰী কাজীক নিকাহৰ ন্যূনতম মাননী সংগ্ৰহৰো নিৰ্দেশ দিয়া হৈছে । আনহাতে, চৰকাৰী তথা বেচৰকাৰী উভয় কাজীকে নিজৰ কাৰ্যালয়ত নিকাহৰ মাননি ফলকত লিখিত আকাৰত লগোৱাৰ নিৰ্দেশ দিছিল মহামান্য ন্যায়ালয়ে ।

উল্লেখযোগ্য যে, উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাক অমান্য কৰি একাংশ চৰকাৰী কাজীয়ে বেচৰকাৰী কাজীৰ ওপৰত ভুৱা গোচৰ ৰুজু কৰি মানসিক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ বিৰুদ্ধে সদৌ অসম ইমাম পৰিষদৰ হৈ উপদেষ্টা মৈজুদ্দিন মাহমুদে আইনৰ কাষ চাপিব বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক : ভিক্টৰৰ ওপৰত লগোৱা গোচৰৰ উত্তৰ বিচাৰি মহানগৰ আৰক্ষীলৈ পত্ৰ সঞ্চালক প্ৰধানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.