HSLC question paper leak: মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলৰ নৈতিক দায়িত্ব স্বীকাৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Mar 16, 2023, 6:43 PM IST

Updated : Mar 16, 2023, 6:58 PM IST

HSLC question paper leak issue

মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই ঘটনাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ মুখ্যমন্ত্ৰীৰ (CM HBS on HSLC paper leak) ৷

গুৱাহাটী, ১৬ মাৰ্চ: “প্ৰশ্ন কাকত ফাদিলৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছো” ৷ এইদৰেই ৰাজ্যত আলোড়ন তোলা মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল প্ৰসংগত মৌনতা ভংগ কৰি মখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত স্বীকাৰ কৰিলে নৈতিক দায়িত্ব । বিধান সভাত ২০২৩-২৪ বৰ্ষৰ বাজেট দাখিল কৰাৰ পিচতে সদনৰ মজিয়াত মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল প্ৰসংগত মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে এক বিবৃতি (Assam CM on HSLC question paper leak) ৷

সদনত বিবৃতি আগবঢ়াই মুখ্যমন্ত্ৰীয়ে কয়, ‘‘মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল প্ৰসংগত আমি ব্যৰ্থতা স্বীকাৰ কৰিছো ৷’’ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱিষ্যতে যাতে ঘটনা নঘটে তাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে ৷ ছেবাকো ভৱিষ্যতে অধিক শক্তিশালী কৰিব বুলি মন্তব্য ড৹ শৰ্মাৰ ৷ তেওঁ কয় যে, এটা পৰীক্ষা কেন্দ্ৰৰ এগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আৰু এখন বিদ্যালয়ৰ ৩ গৰাকী শিক্ষক জড়িত আছে এই কৰ্মত ৷ লগতে এই দুষ্কাৰ্যত বিদ্যালয়ৰ শিক্ষক জড়িত থকাৰ বাবে গভীৰ দুখ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি মন নাভাঙি পুনৰ উদ্যমেৰে পৰীক্ষাৰ বাবে সাজু হ’বলৈ আহ্বান জনায় (HSLC question paper leak issue) ৷

লগতে পঢ়ক: Assam Budget 2023 : ২০২৩-২৪ বৰ্ষৰ বাজেটক নিৰ্বাচনী আখৰা আখ্যা ভূপেন বৰাৰ

লগতে, প্ৰশ্ন কাকত ফাদিল হোৱাৰ পৰা আজিৰ দিনটোলৈ মুখ্যমন্ত্ৰী এই বিষয়ত মৌন থকাৰ বাবে বিভিন্নজনৰ সমালোচনাৰ সন্মুখীন হৈছিল ৷ মুখ্যমন্ত্ৰীগৰাকী কিয় মৌন আছিল সেই কথাও সদনত ক’লে তেওঁ ৷ তদন্ত প্ৰক্ৰিয়াত যাতে ব্যাঘাত নজন্মে আৰু যাতে ঘটনাৰ গভীৰতালৈ আৰক্ষী সোমাব পাৰে তাৰবাবেই তেওঁ মৌন আছিল বুলি জনায় মুখ্যমন্ত্ৰী শৰ্মাই (SEBA question paper leak news) ৷

সদনত মুখ্যমন্ত্ৰীৰ ঘোষণা কৰে যে, এই ঘটনাৰ সৈতে জড়িত কোনো এজন লোক সাৰি যাব নোৱাৰিব ৷ ঘটনাৰ সৈতে জড়িত সকলক আত্মসমৰ্পণ কৰিবলৈ আহ্বানৰ লগতে সকিয়নী তেওঁৰ । মুখ্যমন্ত্ৰীয়ে জনায় যে, ৪ খন জিলালৈ বিয়পি পৰিছিল প্ৰশ্নকাকত ফাদিল কাৰ্য ৷ এই কাৰ্যত ছেবা জড়িত থকাৰ কোনো ইংগিত নাই । ছেবাক সংস্কাৰ সাধন কৰা হ’ব ৷ সেয়ে এই ঘটনাত ছেবা জড়িত নাই (Assam CM strict on question paper leakage) ৷

যদিহে ছেবাৰ কোনো বিষয়া জড়িত আছে তেন্তে দোষীক শাস্তি দিয়া হ’ব ৷ বিধানসভাত মুখ্যমন্ত্ৰীয়ে জনায় যে, ইতিমধ্যে মূল অভিযুক্তক চিনাক্ত কৰা হৈছে । যোৱা ৪৮ ঘণ্টা ধৰি আৰক্ষীয়ে অসাধাৰণ কষ্টৰে তদন্ত কৰি অভিযুক্তক চিনাক্ত কৰিছে ৷ শীঘ্ৰেই এই সবিশেষ জনাব আৰক্ষী সঞ্চালক প্ৰধানে (Assam DGP on HSLC paper leake) ৷

লগতে পঢ়ক: Assam budget 2023-24 : বাজেটত শিক্ষা ক্ষেত্ৰলৈ কিমান আবণ্টন বিত্ত বিভাগৰ ?

Last Updated :Mar 16, 2023, 6:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.