Assam Meghalaya border issue: সীমা বিবাদক লৈ কইনাধৰাত অসম-মেঘালয়ৰ মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : May 24, 2023, 4:01 PM IST

Updated : May 24, 2023, 7:12 PM IST

Assam Meghalaya border issue

অসম-মেঘালয় সীমান্ত বাকী থকা অত্যন্ত জটিল ছটা বিবদমান এলেকাৰ বিবাদ মীমাংসাৰ বাবে উদ্যোগ গ্ৰহণ । জুনৰ শেষত কাৰ্বিআংলং আৰু জয়ন্তীয়া পাহাৰৰ অশান্ত অঞ্চল ভ্ৰমণ কৰিব দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে । জুলাইত আঞ্চলিক কমিটীসমূহৰ প্ৰতিবেদনৰ পৰ্যালোচনা কৰা হ'ব । জটিল হ'লেও বিবাদ মীমাংসাৰ ক্ষেত্রত ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িছে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী (Disputed land areas in Assam Meghalaya border)।

সীমা বিবাদকলৈ কইনাধৰাত অসম-মেঘালয়ৰ মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী, ২৪ মে': অসম আৰু মেঘালয়ৰ মাজত থকা সীমা বিবাদ সমাধানৰ বাবে এতিয়াও অব্যাহত আছে প্ৰচেষ্টা ৷ ইতিমধ্যে মুঠ বিবদমান এলেকাৰ ভিতৰত ছটা স্থানৰ সমস্যা সমাধান হৈছে যদিও এতিয়াও বাকী ছটা এলেকাৰ বিবাদ মীমাংসা হ'বলৈ বাকী আছে । এই ছটা জটিল বিবদমান সীমাৰ ক্ষেত্ৰত মীমাংসাত উপনীত হ'বলৈ বুধবাৰে দুয়োখন ৰাজ্যৰ মাজত মুখ্যমন্ত্রী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় (CM level meeting on border dispute)।

গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত বৈঠকত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ লগতে দুয়োখন ৰাজ্যৰ কেইবাগৰাকীও মন্ত্রী আৰু শীৰ্ষ বিষয়াই অংশ গ্ৰহণ কৰে (Assam Meghalaya border dispute) ।

বৈঠকৰ অন্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, দুয়োখন ৰাজ্যৰ মাজত ১২ টা বিবদমান অঞ্চল আছিল । তাৰে ছটা এলেকাৰ বিবাদ ইতিমধ্যে মীমাংসা কৰা হৈছে । বাকী থকা ছটা বিবদমান এলেকাক লৈ বুধবাৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী পৰ্যায়ত বৈঠক অনুষ্ঠিত হয় । আজিৰে পৰা ইতিমধ্যে গঠন কৰি দিয়া মন্ত্রী পৰ্যায়ৰ আঞ্চলিক কমিটিসমূহে বিবদমান এলেকাসমূহ ভ্ৰমণ কৰি ৰাইজৰ লগত কথা পাতি সমস্যা সমাধানৰ চেষ্টা কৰিব (Disputed land areas in Assam Meghalaya border)।

লগতে পঢ়ক: Press Conference of CM: চৰকাৰে ধৰ্ণা প্ৰতিবাদ বন্ধ কৰা নাই: মুখ্যমন্ত্রী

জুন মাহৰ শেষৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ সৈতে কাৰ্বি আংলং আৰু জয়ন্তীয়া পাহাৰৰ অশান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ৰাইজৰ বিশ্বাসযোগ্যতা বৃদ্ধিৰ বাবে প্ৰয়‍াস কৰিব বুলি উল্লেখ কৰে । দুয়োখন ৰাজ্যৰ বিবদমান এলেকাৰ ৰাইজৰ মাজত যাতে বন্ধুত্বৰ ভাৱ গঢ় লৈ উঠে তাৰ বাবে বিবাদ মীমাংসা কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা উদ্যোগে ৰাইজক আশ্বস্ত কৰিব লাগিব । ইয়াৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে প্ৰচেষ্টা আৰম্ভ কৰিছে বুলি জনায় ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM on border dispute)।

কনৰাড চাংমা পুনৰ নিৰ্বাচিত হোৱাৰ পাচত প্ৰথমবাৰ চৰকাৰী পৰ্যায়ত আলোচনাত মিলিত হোৱাৰ কথা সদৰী কৰি তেওঁ কয় যে, আলোচনাৰ মাধ্যমেৰে বুজাবুজি আৰু বিশ্বাসৰ যোগেদি দুয়োখন ৰাজ্যৰ মাজত বাকী থকা ছটা এলেকাৰ বিবাদ মীমাংস‍া কৰিব পৰা যাব ।

আনহাতে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই কয় যে, ছটা বিবদমান এলেকাৰ বিবাদ মীমাংসাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । বুধবাৰৰ বৈঠকত আঞ্চলিক সমিতিসমূহৰ প্ৰতিবেদন সমূহ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হৈছে । তেওঁ কয় যে, আঞ্চলিক সমিতি সমূহক বিবাদমান এলেকাৰ তথ্যসমূহ সংগ্ৰহ কৰাৰ লগতে ৰাইজৰ লগত আলোচনা কৰি সকলো দিশ চালি-জাৰি চোৱাৰ বাবে বৈঠকত পৰামৰ্শ দিয়া হৈছে (Meeting on border dispute)।

আঞ্চলিক সমিতিসমূহৰ এই প্ৰক্ৰিয়া চলি থকাৰ মাজতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে সীমান্তৱৰ্তী কাৰ্বি আংলং আৰু জয়ন্তীয়া পাহাৰৰ বিবদমান অঞ্চলসমূহ পৰিদৰ্শন কৰিব । জুলাই মাহত সকলো প্ৰতিবেদনৰ পৰ্যালোচনা কৰা হ'ব বুলিও কনৰাড চাংমাই সদৰী কৰে ।

যথেষ্ট জটিল হ'লেও সীমা বিবাদৰ এই সমস্যাৰ শীঘ্ৰে সমাধান হ'ব বুলি আশা প্ৰকাশ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে আৰু কয় যে, কিছুমান এলেকাৰ বিবাদ সোনকালে মীমাংসা হ'ব পাৰে আৰু কিছুমান এলেকাৰ ক্ষেত্রত কিছু সময়ৰ প্ৰয়োজন হ'ব পাৰে । জুলাইৰ শেষত পুনৰ সমগ্ৰ প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰা হ'ব (Border dispute news) ।

লগতে পঢ়ক: Chirang AASA:চিৰাং জিলা সদৰ কাজলগাঁৱত আছাৰ ৩ ঘন্টীয়া ধৰ্ণা

উল্লখ্য যে, ছটা বিবদমান এলেকাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে বিগত বৰ্ষৰ শেষত তিনিগৰাকীকৈ মন্ত্রীৰ অধ্যক্ষতাত তিনিখনকৈ মুঠ ছয়খন আঞ্চলিক কমিটি গঠন কৰি দিছিল । মন্ত্ৰী অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী আৰু পীযুষ হাজৰীকাৰ অধ্যক্ষতাত অসম চৰকাৰে তিনিখন কমিটী গঠন কৰি দিছিল । সেইদৰে মেঘালয় চৰকাৰেও তিনিখন আঞ্চলিক কমিটি গঠন কৰি দিছিল । ইতিমধ্যে দুয়োখন ৰাজ্যৰ কমিটি সমূহে বিবদমান এলেকা পৰিদৰ্শন কৰি ৰাইজৰে মতবিনিময় কৰিছে । লগতে কেইবালানি বৈঠকতো মিলিত হৈছে ।

Last Updated :May 24, 2023, 7:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.