Assam CM on Jihadi: অভিযোগ পালেই মাদ্ৰাছাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে

author img

By

Published : Jul 31, 2022, 7:51 PM IST

Assam CM on Jihadi

কে এল অ'ৰে চৰকাৰৰ আলোচনাৰ বাট মুকলি আছে ৷ যদি আলোচনালৈ আহিবলৈ বিচাৰে তেন্তে চৰকাৰে আলোচনা কৰিবলৈ সাজু আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

গুৱাহাটী, ৩১ জুলাই: উগ্ৰপন্থী সংগঠনৰ বাবে আলোচনাৰ বাট মুকলি আছে । এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কে এল অ'ই প্ৰেৰণ কৰা অ'ডিঅ' বাৰ্তা সন্দৰ্ভত আজি গুৱাহাটীত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কে এল অ' মুৰব্বীজনৰ সৈতে তেওঁৰ ফোনত কেইবাবাৰো কথা হৈছে । কথা হ'ল যে সকলোৰে বাবে আলোচনাৰ বাট মুকলি কৰি থোৱা আছে (Peace talk with KLO)।

অভিযোগ পালেই চলি থকা মাদ্ৰাছাৰ বিৰূদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে

কোনোবা যদি আলোচনালৈ আহিবলৈ বিচাৰে তেন্তে চৰকাৰ আলোচনা কৰিবলৈ সাজু আছে বুলি তেওঁ কয় । তেওঁলোকে দিয়া চৰ্ত সন্দৰ্ভত আলোচনা কৰাত কোনো আপত্তি নাই । আনহাতে মীন উন্নয়ন নিগমৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে মীন উন্নয়ন নিগমত(Assam Fisheries Development Corporation) বিগত ৫ বছৰত কিছু চাকৰি দিয়া হৈছিল(Himanta Biswa Sarma on AFDC Job Scam) । এই নিযুক্তি নীতি অনুসৰি দিয়া নাই বুলি এটা ৰিপ'ৰ্ট আহিছিল ।

গোটেই বিষয়টো মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই(Minister Parimal Suklabaidya) চাই আছে বুলি মুখ্যমন্ত্ৰীয়ে কয় । সেইদৰে চানডুবিলৈ যোৱা পথটো নিৰ্মাণত গছ কটাক লৈ ৰাইজৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে এইক্ষেত্ৰত ৰাইজে বিচৰা ধৰণে কৰা হ'ব । ইফালে মাধ্যম বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে অসমে স্বাধীনতাৰ পাছত এইমছ তথা ডাঙৰ প্ৰতিষ্ঠানৰ পৰা কেইজন ডাক্টৰ উলিয়াব পাৰিলে ? আই আই টিলৈ কেইজন শিক্ষাৰ্থী পঠাব পাৰিলে বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আমি কিমান দিন এনেদৰে থাকিম ? শিক্ষাৰ্থীসকলক কিবা নতুনত্ব দিব লাগিব বুলি সদৰি কৰি তেওঁ কয় যে শিক্ষাৰ্থীয়ে দুয়োটা ভাষাই জানিব লাগিব । যাৰ দ্বাৰা ভাষাটোও ৰক্ষা পৰিব আৰু শিক্ষাৰ্থীজনে ভাল প্ৰতিষ্ঠানত অধ্যয়নো কৰিব পাৰিব ।

শ্ৰেণীকোঠাত শিক্ষাৰ্থীয়ে দুটা বিষয় ইংৰাজীত পঢ়িব আৰু চাৰিটা বিষয় অসমীয়াত পঢ়িব বুলি সদৰি কৰি তেওঁ কয় যে ইয়াত আপত্তি কৰিবলগীয়া কি আছে (Science and Maths in English) । একাদশ শ্ৰেণীৰ পৰা ইংৰাজীতে অধ্যয়ন কৰিব লাগে । আনহাতে ঝাৰখণ্ডৰ কংগ্ৰেছৰ নেতাই সাক্ষাৎ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে সাক্ষাৎ কৰাটো কোনো ডাঙৰ কথা তথা অপৰাধ নহয় । জেহাদী আৰু মাদ্ৰাছাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে দুখন মাদ্ৰাছা ছীল কৰি দিয়া হৈছে (Two Madrasa sealed in Assam)। কেইবাখনো মাদ্ৰাছা নিৰীক্ষণত আছে আৰু কিবা অভিযোগ পালেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব । তেওঁ কয় যে অসমত ইতিমধ্যেই ৭৫০ খন চৰকাৰী মাদ্ৰাছা বন্ধ কৰি দিয়া হৈছে । ধৰ্মীয় দিশত কেইখনমান চলি আছে যদিও অভিযোগ আহিলে কঠোৰ ব্যৱস্থা হ'ব বুলি তেওঁ কয় ।

লগতে পঢ়ক: Assam CM in Jharkhand Politics: ঝাৰখণ্ডৰ ৰাজনীতিত কেনেকৈ সাঙোৰ খালে হিমন্ত বিশ্ব শৰ্মাৰ নাম?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.