Pathaan Controversy : হিমন্ত বিশ্ব শৰ্মাই চিনি নাপায় বলীউড বাদশ্বাহক
Updated on: Jan 21, 2023, 8:33 PM IST

Pathaan Controversy : হিমন্ত বিশ্ব শৰ্মাই চিনি নাপায় বলীউড বাদশ্বাহক
Updated on: Jan 21, 2023, 8:33 PM IST
কোন শ্বাহৰুখ খান ? অসমত কত শ্বাহৰুখ খান আছে ৷ পাঠানৰ বিষয়ে মই একো নাজানো ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma on Shah Rukh Khan)৷ পাঠান ছবিৰ বিতৰ্কৰ সন্দৰ্ভত সোধা এক প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসুবিধা হৈছে যদি শ্বাহৰুখ খানে তেওঁলৈ ফোন কৰিলেহেতেন ৷
গুৱাহাটী, ২১ জানুৱাৰীঃ চুপাৰষ্টাৰ শ্বাহৰুখ খানক চিনি নাপায় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ দেশ-বিদেশত বিশেষভাৱে চৰ্চা লাভ কৰা আৰু বিতৰ্কৰ সৃষ্টি হোৱা শ্বাহৰুখ খান অভিনীত 'পাঠান' ছবিখনৰ সন্দৰ্ভতো কোনো কথা নাজানে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে শুকুৰবাৰে গুৱাহাটীৰ চিত্ৰগৃহত 'পাঠান' ছবিখনৰ পোষ্টাৰ লগোৱাক কেন্দ্ৰ কৰি বজৰং দলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ছবিগৃহত আক্ৰমণ কৰিছিল । এই সন্দৰ্ভত শনিবাৰে সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰে । জনতা ভৱনত শনিবাৰে আয়োজন কৰা এখন সংবাদমেলত এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে 'পাঠান' কি বস্তু বুলি ওলোটাই সাংবাদিককহে প্ৰশ্ন কৰে । আনকি তেওঁ 'হু ইজ শ্বাহৰুখ খান' বুলি প্ৰশ্ন কৰে ।
চিত্ৰগৃহত আক্ৰমণ কৰা সন্দৰ্ভত তেওঁ কয় যে কোনোবাই আইন হাতত তুলি ল'লে তাৰ বিৰুদ্ধে আৰক্ষীয়ে একচন ল'ব । থানাত অভিযোগ দিলেই হ'ল । 'পাঠান'(Pathaan Movie) শ্বাহৰুখ খান অভিনীত ছবি বুলি সদৰী কৰাত তেওঁ কয়-'এইবিলাক চাবলৈ মই নাযাও । অসমীয়া চিনেমা চাওক । অসমীয়া ছবি ডক্টৰ বেজবৰুৱা(Dr Bezbaruah 2) চাওক । শ্বাহৰুখ খান কোন? আমি কিয় ইমান চিন্তা কৰোঁ ? আমাৰ ইয়াত কত শ্বাহৰুখ খান আছে । আমাৰ ইয়াত কেইদিন মান পিছতে ড৹ বেজবৰুৱা-২ ওলাব, আমি তাক লৈ চিন্তা কৰোঁ । আমি অসমীয়া চিনেমা চাওঁ’’ ।
উল্লেখ্য যে ২৫ জানুৱাৰীত মুক্তি পাবলগীয়া শ্বাহৰুখ খান আৰু দীপিকা পাদুকন অভিনীত ছবি ‘পাঠান’ক লৈ হিন্দুত্ববাদী সংগঠনে দেশজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থকাৰ মাজতে শুকুৰবাৰে গুৱাহাটীৰ নাৰেংগীতো বজৰং দলে প্ৰতিবাদ কৰিছিল (Bajrang Dal Protest Against Pathaan in Guwahati)। নাৰেংগীৰ এল জি টাৱাৰৰ ডিজিটেল চিনেমা গৃহৰ সন্মুখত বজৰং দলে পাঠানৰ পোষ্টাৰ পৰ্যন্ত ফালি জুইত জাপি দিছিল । শ্বাহৰুখ খানক সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছিল বজৰং দলে । গতিকে পাঠান চাবলৈ যোৱাৰ সময়ত দৰ্শকৰ নিৰাপত্তাক লৈ প্ৰশ্ন উঠিছিল ।
মুখ্যমন্ত্ৰীক সংবাদমেলত এনে বিষয়ক লৈ প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আইন-শৃংখলাজনিত কিবা সমস্যা থাকিলে আৰক্ষীয়ে ব্যৱস্থা ল'ব । তেওঁ লগতে কয়-‘‘এই সম্বন্ধে কিবা থাকিলে চিনেমাগৃহৰ মালিকে মোক ফোন কৰিলেহেঁতেন , মইতো জনা নাই । আৰু খানেও মোক ফোন কৰা নাই, যদি এনে কিবা সমস্যা ইয়াত হৈছে, তেন্তে তেওঁ মোক ফোন কৰিলেহেতেন ৷ মুম্বাইৰ বহুতেই মোলৈ ফোন কৰে । কিবা সমস্যা হ'লে শ্বাহৰুখ খানেও ফোন কৰিব পাৰে’’ ।
লগতে পঢ়ক: Lok Sabha Election 2024 : কংগ্ৰেছৰ পৰা কলিয়াবৰ-নগাঁও উদ্ধাৰত বিজেপিৰ ট্ৰাম্প কাৰ্ড আজমল !
