Demand to repeal AFSPA : নীৰিহ শ্ৰমিকৰ মৃত্যুৰ প্ৰতিবাদ গুৱাহাটীত

author img

By

Published : Dec 7, 2021, 10:22 PM IST

citu-protest-against-ambush-on-civilians-in-nagaland-demands-to-repeal-afspa

সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ(Protest in Guwahati demanding to repeal AFSPA) ৷ মৃত শ্ৰমিকসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী CITU ৰ ৷

গুৱাহাটী,৭ ডিচেম্বৰ: নাগালেণ্ডৰ নিৰিহ শ্ৰমিকৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰা আৰু সামৰিক বাহিনী বিশেষ ক্ষমতা আইন বাতিল কৰাৰ দাবীত মঙলবাৰে সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ ৰটাৰী পইন্টত প্ৰতিবাদ সাব্যস্ত কৰে চিআইটিইউয়ে(CITU protest against ambush on civilians in Nagaland) । প্ৰতিবাদকাৰী সকলে হাতে হাতে পোষ্টাৰ লৈ অতি শীঘ্ৰে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সামৰিক বাহিনী বিশেষ ক্ষমতা আইন বাতিল কৰক(Demand to repeal AFSPA), দোষীক কোঠৰ শাস্তি প্ৰদান কৰক, মৃত শ্ৰমিকসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰক আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে ।

Demand to repeal AFSPA : নীৰিহ শ্ৰমিকক মৃত্যুৰ প্ৰতিবাদ গুৱাহাটীত

প্ৰতিবাদ সাব্যস্ত কৰি চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক তপন শৰ্মাই কয়, '' নাগালেণ্ডত ৪ ডিচেম্বৰৰ আবেলি ১৩ জনকৈ নিৰিহ শ্ৰমিক সেনাবাহিনীৰ হঠকাৰীতাৰ বাবে গুলিত নিহত হয়( Labourers died in army ambush)। এই ঘটনাই ফেচিবাদৰ ইংগিত বহন কৰিছে আৰু ইয়াৰ কাৰণ হৈছে, উত্তৰ পূৰ্বাঞ্চলত বাহাল থকা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন । এই আইনৰ প্ৰয়োগ কৰি যি ধৰণে নীৰিহ শ্ৰমিকক হত্যা কৰা হল তাৰ বাবে সম্পূৰ্ণৰূপে দায়ী কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ বাহিনী আৰু আইনখন '' ৷

তেওঁ পুনৰ কয়, '' অট’ভেনত উঠি অহা শ্ৰমিকক উগ্ৰপন্থীৰ সন্দেহত গুলিয়াই হত্যা কৰিবলৈ অকনো কুন্ঠাবোধ নকৰা এই ঘটনাৰ বাবে দায়িত্বশীল সেনা সকল ক্ষমাৰ অযোগ্য '' ।

তেওঁ পুনৰ শ্ৰমিক হত্যাকাণ্ডক কঠোৰ ভাষাৰে নিন্দা কৰে আৰু এই হত্যাকাণ্ডত যুক্তসকলক উপযুক্ত বিচাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় । উত্তৰ-পূৱৰ পৰা শীঘ্ৰে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিল কৰিবলৈ চৰকাৰক দাবী জনায়(Demand to repeal AFSPA from NE) । আনহাতে, এই ঘটনাত মৃত্যু হোৱা শ্ৰমিককেইজনৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনায় । ইয়াৰ লগতে, প্ৰতিবাদথলীৰ পৰাই প্ৰতিবাদকাৰী সকলে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :Demand to repeal AFSPA: উত্তৰ-পূৰ্বাঞ্চলত ৬ বছৰত সেনা-উগ্ৰপন্থীৰ ১৬১৭ টা সংঘর্ষজনিত ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.