Cabinet meeting in Barak valley: ২৯ নৱেম্বৰত শিলচৰত অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট বৈঠক

author img

By

Published : Nov 26, 2022, 8:33 PM IST

Cabinet meeting to be held in Silchar for the first time on November 29

শিলচৰত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জিলা প্ৰশাসনৰ সৈতে ভাৰ্চুৱেল কনফাৰেঞ্চৰ জৰিয়তে বৈঠকত মিলিত হয়(Assam cm virtual meet with district administrator) । পূৰ্বে ১১ নৱেম্বৰত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল যদিও স্থগিত ৰখা হৈছিল । কেবিনেট বৈঠকখনৰ জৰিয়তে বৰাক উপত্যকাৰ বহু গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধানৰ দিশ নিৰ্ণয় হ'ব বুলি আশাবাদী বৰাকবাসী ।

গুৱাহাটী ,২৬ নৱেম্বৰ: প্ৰথমবাৰৰ বাবে বৰাকৰ শিলচৰত অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট বৈঠক (State Cabinet meeting)। শিলচৰত ২৯ নৱেম্বৰত অনুষ্ঠিত হ'ব বহু প্ৰতীক্ষিত কেবিনেট বৈঠক(Next cabinet meeting will be in Silchar) । ২৯ নৱেম্বৰত শিলচৰত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জিলা প্ৰশাসনৰ সৈতে ভাৰ্চুৱেল কনফাৰেঞ্চৰ জৰিয়তে এখন বৈঠকত মিলিত হয়(Assam cm virtual meet with district administrator) ।

Cabinet meeting to be held in Silchar for the first time on November 29
Cabinet meeting in Barak valley: ২৯ নৱেম্বৰত শিলচৰত অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট বৈঠক

জনতা ভৱনত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰীয়ে বৰ্তমানে ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ লগতে পাইপলাইনত থকা বিভিন্ন প্ৰকল্পৰ বুজ লয় । বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু সাধাৰণ প্ৰশাসন বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী উপস্থিত আছিল । ইফালে ২৯ নৱেম্বৰত সূচল ৰূপে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবে কাছাৰ প্ৰশাসনে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ।

Cabinet meeting to be held in Silchar for the first time on November 29
Cabinet meeting in Barak valley: ২৯ নৱেম্বৰত শিলচৰত অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট বৈঠক

উল্লেখ্য যে ,এই কেবিনেট বৈঠকখন বৰাক উপত্যকাত অনুষ্ঠিত অসম চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক হ'ব(State first cabinet meeting in Barak valley) । যাৰ বাবেই কেবিনেট বৈঠকখনৰ বাবে আশাৰে বাট চাই ৰৈছিল সমগ্ৰ বৰাক উপত্যকাবাসীয়ে । কেবিনেট বৈঠকখনৰ জৰিয়তে বৰাক উপত্যকাৰ বহু গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধানৰ দিশ নিৰ্ণয় হ'ব বুলি আশা কৰিছে বৰাকবাসীয়ে ।

কেবিনেটৰ যোগেদি বৰাকলৈ বহু আশাৰ বতৰা আহিব বুলি সকলোৱে বাট চাই ৰৈছে । উল্লেখ্য যে, কেবিনেটৰ যোগেদি বৰাক উপত্যকাৰ কনকপুৰৰ পৰা ৰাংগীৰখাৰী লৈ ৰাংগীৰখালৰ দুয়োপাৰে গাৰ্ডৱাল প্ৰকল্পৰ উদ্বোধন কৰাৰ সম্ভাৱনা আছে ।

উল্লেখযোগ্য যে, ১১ নৱেম্বৰত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক শিলচৰত অনুষ্ঠিত হোৱাৰ কথা আছিল । সেই অনুসৰি প্ৰস্তুতি চলোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত স্থগিত ৰখা হয় । অৱশেষত পুনৰ দিন নিৰ্ধাৰণ কৰি প্ৰস্তুতি চলোৱা হৈছে ।

লগতে পঢ়ক: Bir Lachit Barphukan: অভিলেখ সংখ্যক লোকে লাচিত বৰফুকনক লৈ ব্যক্ত কৰিলে মনৰ ভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.