Lovlina Tweet Against Boxing Federation: মানসিক নিৰ্যাতনৰ সন্মুখীন হৈছে লাভনীনা বৰগোঁহাই!

author img

By

Published : Jul 25, 2022, 10:22 PM IST

Lovlina Tweet Against Boxing Association

বস্কিং ফেডাৰেছনে পদে পদে হাৰাশাস্তি কৰিছে লাভলীনাক বৰগোঁহাইক ৷ ভাৰতীয় বক্সিং সন্থাৰ বিৰুদ্ধে লাভলীনাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে টুইটাৰযোগে (Lovlina Tweet Against Boxing Federation) ৷

গুৱাহাটী, 25 জুলাই: লাভলীনাৰ এটা টুইটে দেশজুৰি লগাইছে খলকনি ৷ বক্সিং ফেডাৰেছনে পদে পদে হাৰাশাস্তি কৰিছে লাভলীনাক ৷ বস্কিং ফেডাৰেছনৰ বিৰুদ্ধে লাভলীনাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে টুইটাৰযোগে (Lovlina Tweet Against Boxing Federation) ৷

লাভলীনাই বৰগোঁহাইয়ে টুইটত কয়, "আজি মই বহুত দুখেৰে ক’ব বিচাৰিছোঁ যে মোক বহুত হাৰাশাস্তি কৰি অহা হৈছে । মোক অলিম্পিকৰ মেডেল পোৱাত সহায় কৰা দুয়োগৰাকী প্ৰশিক্ষককে বাৰে বাৰে সলনি কৰাৰ ফলত মই হাৰশাস্তিত ভুগিছোঁ ৷ মোৰ প্ৰশিক্ষকসকলৰ ভিতৰত দ্ৰোণাচাৰ্য্য বঁটা প্ৰাপক সন্ধ্যা গুৰুঙো আছে ৷’’

লগতে তেও কয়, ‘‘মই বাৰে বাৰে বক্সিং ফেডাৰেছনৰ কৰ্তৃপক্ষক অনুৰোধ কৰাৰ পাছতো মোৰ প্ৰশিক্ষক দুজনক মোক প্ৰশিক্ষণ দিয়াৰ বাবে দায়িত্ব প্ৰদান কৰা নাই ৷ ইয়াৰ ফলত মোৰ প্ৰশিক্ষণতো বিৰূপ প্ৰভাৱ পৰিছে ৷ এই খাম-খেয়ালিৰ বাবে মোৰ প্ৰশিক্ষণত বাধাৰ সৃষ্টি হৈছে ৷ এইবোৰ কাৰণৰ ফলত মই মানসিকভাৱে ভাগি পৰিছোঁ ৷ মোৰ প্ৰশিক্ষক সন্ধ্য৷ গুৰুঙক Commonwealth Games Villageৰ বাহিৰত ৰখাৰ ফলত মোৰ প্ৰশিক্ষণ 8 দিন ধৰি বন্ধ হৈ আছে ৷ ইফালে মোৰ দ্বিতীয় গৰাকী প্ৰশিক্ষকক ভাৰতলৈ উভতাই পঠোৱা হৈছে ৷ মোৰ বহুত অনুৰোধৰ পাছতো মান্তি হোৱা নাই কৰ্তৃপক্ষ ৷’’

বক্সাৰগৰাকীয়ে টুইটতটোত লগতে উল্লেখ কৰে, ‘‘এতিয়া মই খেলত কেনেদৰে মনোযোগ দিও ভাবিব পৰা নাই । এনেকুৱা খাম-খেয়ালিৰ বাবেই যোৱা World championships ত মোৰ বেয়া ফলাফল হৈছিল ৷ এইবাৰো ৰাজনীতিৰ মেৰপাকত পৰি মই কমনৱেলথ গেমছত পূৰ্বৰ দৰে বেয়া প্ৰদৰ্শন কৰিব বিচৰা নাই ৷ মই আশা কৰোঁ এইবাৰ এই ৰাজনীতিক প্ৰতিহত কৰি মই কমনৱেলথ গেমছত ভালকৈ খেল প্ৰদৰ্শন কৰি দেশৰ বাবে মেডেল আনিব বিচাৰোঁ ৷"

লগতে পঢ়ক: World Athletics Championships: বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস ৰচনা নীৰজ চোপ্ৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.