Reshuffle in Assam police: অসম আৰক্ষীৰ ৮৩ উপ-পৰিদৰ্শকক বদলি

author img

By

Published : May 21, 2023, 2:54 PM IST

Reshuffle in Assam police

জোনমণি ৰাভাৰ মৃত্যুৰ পিছত তিনিবছৰৰ অধিক কাল থকা আৰক্ষীৰ ওপৰত চকু পৰিল অসম আৰক্ষীৰ । অসম আৰক্ষীত পুনৰ ৰদ বদলৰ তালিকা । ৰাজ্যৰ বিভিন্ন জিলাৰ মুঠ ৮৩ গৰাকী উপ পৰিদর্শকক বদলি (Big reshuffle in assam police in SI level ) । শনিবাৰে ৰাজ্যৰ তিনি জিলাৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পদত থকা বিষয়াক ৰদ-বদল কৰা হৈছিল ।

Reshuffle in Assam police
অসম আৰক্ষীৰ ৮৩ উপ-পৰিদৰ্শকক বদলি

গুৱাহাটী/নগাঁও, ২১ মে': অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ (Jonmani Rabha Death Case) পিছত এতিয়া তিনিবছৰৰ অধিক কাল একেখন জিলাত কাৰ্যনিৰ্বাহ কৰি থকা আৰক্ষীৰ ওপৰত চকু পৰিল অসম আৰক্ষীৰ । তিনিবছৰৰ অধিক কাল একেখন জিলাতে কাৰ্যনিৰ্বাহ কৰি থকা আৰক্ষী বিষয়াৰ বিৰুদ্ধে এইবাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ গৃহ বিভাগে । ইতিমধ্যে চৰকাৰৰ গৃহ বিভাগে এক নিৰ্দেশযোগে ৰাজ্যৰ বিভিন্ন জিলাৰ মুঠ ৮৩ গৰাকীকৈ উপ পৰিদর্শকক বদলি কৰিছে (Reshuffle in Assam Police)। ইয়াৰে নগাঁও জিলাৰে পাঁচগৰাকী উপ পৰিদৰ্শকক বদলি কৰিছে অন্য স্থানলৈ ।

নগাঁও জিলাত তিনিবছৰৰ অধিক কাল কাৰ্যনিৰ্বাহ কৰা উপ পৰিদৰ্শক নৱ কুমাৰ দাসক চৰাইদেও জেললৈ, লক্ষেশ্বৰ গগৈক ডিব্ৰুগড়লৈ, টংকেশ্বৰ দাসক দৰং জেললৈ, অমল পালক কৰিমগঞ্জ জেললৈ আৰু শৰৎ চন্দ্ৰ দাসক গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ বদলি কৰা হৈছে । একেদৰে ৰাজ্যৰ বিভিন্ন জিলাৰ মুঠ ৮৩ গৰাকী উপ পৰিদর্শকক বদলিৰ নিৰ্দেশ দিয়ে ৰাজ্যৰ গৃহ বিভাগে ।

উল্লেখ্য যে শনিবাৰে উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে তিনি বছৰ ধৰি একে স্থানতে থকা আৰক্ষী বিষয়াৰ ৰদ-বদল কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছিল । তাৰ পৰিপ্ৰেক্ষিতেই আজি ৮৩ গৰাকী উপ-পৰিদৰ্শকৰ ৰদ-বদল কৰা হৈছে । উল্লেখ্য যে জোনমণি ৰাভা মৃত্যুৰ পিচত প্ৰথমে নগাঁও জিলাৰ ভিতৰতে ডেৰ শতাধিক আৰক্ষী কনিষ্টবলক বদলি কৰা হয় ৷

শনিবাৰে নগাঁও, লখিমপুৰ আৰু হাইলাকান্দিৰ আৰক্ষী অধীক্ষকক বদলি কৰা হৈছিল । নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেক নগাঁও জিলাৰ পৰা হাইলাকান্দিলৈ বদলি কৰাৰ বিপৰীতে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তক নগাঁও জিলালৈ বদলি কৰা হৈছিল । একেদৰে লখিমপুৰৰ জিলাৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক আই জি পি (স্প'ৰ্টছ) হিচাপে বদলি কৰাৰ বিপৰীতে আনন্দ মিশ্ৰক লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছিল ।

ইয়াৰ পাচতে ৰাজ্যৰ গৃহ বিভাগৰ পৰা জাৰি হোৱা আন এক নিৰ্দেশনা অনুসৰি আন কেইবাখনো জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াক ৰদ-বদল কৰা হৈছিল । মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তথা অসম আৰক্ষী সেৱাৰ বিষয়া সুপ্ৰতিভ লাল বৰুৱাক নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (হেডকোৱাৰ্টাৰ) হিচাপে বদলি কৰা হৈছিল । আনহাতে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (হেডকোৱাৰ্টাৰ) ত্ৰিদীপ প্ৰতিম কুম্বাঙক তামুলপুৰৰ (হেডকোৱাৰ্টাৰ) অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছিল ।

ইফালে কোকৰাঝাৰস্থিত সপ্তম এ পি বি এনৰ এ পি এছ বিষয়া পাৰ্থ প্ৰতিম শইকীয়াক নগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছিল । আনহাতে পূৰ্বে নগাঁও জিলাৰ এই দায়িত্বত থকা ৰূপজ্যোতি কলিতাক ইতিমধ্যে হেডকোৱাৰ্টাৰলৈ ক্ল'জ কৰা হৈছে । শেহতীয়া এই নিৰ্দেশনাত ৰূপজ্যোতি কলিতাক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ কথা কোৱা হৈছে ।

আনহাতে এছ টি এফৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথক মৰিগাঁও (হেডকোৱাৰ্টাৰ)ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে । ইমানবোৰ সাল-সলনিৰ পাছতো অসম আৰক্ষীত ব্যাপক ৰূপত অব্যাহত আছে ৰদ-বদলৰ প্ৰক্ৰিয়া । উল্লেখ্য যে জোনমণি ৰাভা কাণ্ডৰ উপৰি ৰাজ্যত শেহতীয়াকৈ সংঘটিত বহুকেইটা ঘটনাই অসম আৰক্ষীৰ বিশ্বাসযোগ্যতাকলৈ প্ৰশ্নৰ অবতাৰণা হৈছে ।

লগতে পঢ়ক: Reshuffle in Assam Police: আৰক্ষী অধীক্ষকৰ পাচত এইবাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক বদলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.