Ajmal re-elected as President of AIUDF: পুনৰ এ আই ইউ ডি এফৰ সভাপতি নিৰ্বাচিত বদৰুদ্দিন আজমল

author img

By

Published : Nov 4, 2022, 8:50 PM IST

Updated : Nov 4, 2022, 9:14 PM IST

Badaruddin Ajmal hopes for alliance

‘‘উন্নয়নৰ বিপৰীতে ধৰ্মৰ ৰাজনীতি কৰা বিজেপিক উৎখাত কৰিবলৈ হ'লে সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব লাগিব (Badaruddin Ajmal hopes for alliance) । নগাঁও, কলিয়াবৰ আৰু বৰপেটা লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ সমৰ্থন নাথাকিলে কংগ্ৰেছ কেতিয়াও জয়ী হ'ব নোৱাৰে’’, সংবাদমেলত ক’লে আজমলে । লুৰীণজ্যোতি গগৈক ৰাজনীতি শিকাৰ বাবেও আজমলে জনালে আহ্বান ৷

গুৱাহাটী, 4 নৱেম্বৰ: লোকসভা নিৰ্বাচনলৈ মাজত এবছৰ আছে (Lok Sabha election 2024) যদিও নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে এ আই ইউ ডি এফ দলে ৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমযোগে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পোষকতা কৰাৰ পাচত শুকুৰবাৰে পুনৰ সংবাদমেল পাতি একেই মত প্ৰকাশ কৰিলে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে ৷ অৱশ্যে কালিৰ দৰেই আজিও কংগ্ৰেছক সমালোচনা কৰিবলৈ নাপাহৰিলে সাংসদগৰাকীয়ে (Badaruddin Ajmal criticizes Congress) ৷

লুৰীণজ্যোতি গগৈক ৰাজনীতি শিকাব বদৰুদ্দিন আজমলে !

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সভাপতি হোৱাৰ অলপো যোগ্য নহয় (Ajmal takes a jibe to Bhupen Borah)। প্ৰসংগক্ৰমে তেওঁ অংকিতা দত্তই পাগলৰ দৰে ভাষণ দিয়া বুলি উল্লেখ কৰে । আনহাতে, এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈক ৰাজনীতিক নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে, তেওঁলোকৰ এজনো জনপ্ৰতিনিধি নাই । তেওঁ লুৰীণজ্যোতি গগৈক কেইদিনমান তেওঁলোকৰ লগত থাকি ৰাজনীতি শিকাৰ বাবে আহ্বান জনায় (Ajmal urges Laurinjyoti Gogoi to to learn politics) ।

সেইদৰে বিধায়ক অখিল গগৈক আন্দোলনকাৰী আখ্যা দি সেই কামটোকে কৰি থকাৰ বাবে তেওঁ আহ্বান জনায় । অৱশ্যে অখিল গগৈ অসুস্থ বুলি জনাত তেওঁ অখিল গগৈৰ আশু আৰোগ্য কামনা কৰে (Ajmal prays for Akhil Gogoi)।

তেওঁ কয় যে, ১৮ বছৰ সম্পূৰ্ণ হোৱা এ আই ইউ ডি এফ দলে সদায়ে ৰাইজৰ পক্ষত থাকি ৰাইজৰ হৈ কাম কৰি আহিছে । বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক দলৰ বিৰুদ্ধে যুঁজ দি অহাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ২০২৪ত বিজেপিক দেশৰ পৰা বিদায় দিব লাগে । উন্নয়নৰ বিপৰীতে ধৰ্মৰ ৰাজনীতি কৰা বিজেপিক উৎখাত কৰিবলৈ হ'লে সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব লাগিব (Badaruddin Ajmal hopes for alliance) ।

সন্মুখত ডাঙৰ পৰীক্ষা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, বিজেপিক প্ৰতিহত কৰাৰ বাবে নীতিশ কুমাৰৰ নেতৃত্বত দেশত মহাজোঁটবন্ধনৰ প্ৰক্ৰিয়া চলাই থকা হৈছে । ইয়াত এ আই ইউ ডি এফ দলেও যোগদান কৰিব ।

তেওঁ লগতে কয় যে, কংগ্ৰেছে বহুবাৰ গাড্ডাৰী তথা প্ৰতাৰণা কৰিছে যদিও বিজেপিক প্ৰতিহত কৰাৰ বৃহত্তৰ স্বাৰ্থত এ আই ইউ ডি এফ দলে কংগ্ৰেছ মহাজোঁটবন্ধনত অহাটো বিচাৰে (Ajmal hopes to alliance with congress)। বিৰোধী শক্তি একত্রিত হ'লেহে বিজেপিক ৰাজনীতিৰ পৰা বিদায় দিব পৰা যাব । কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রা প্ৰকৃততে কি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে, কংগ্ৰেছে বিজেপিক টাৰ্গেট কৰাৰ বিপৰীতে এ আই ইউ ডি এফক টাৰ্গেট কৰিছে ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক একো ক'বলৈ সাহস নকৰে প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে । এ আই ইউ ডি এফ বিজেপিৰ কোনো টীম নহয় বুলি সদৰী কৰি তেওঁ কয় যে কংগ্ৰেছে বিজেপিৰ 'এ'ৰ পৰা 'জেড'লৈ টীম হৈ কাম কৰি আছে । এ আই ইউ ডি এফৰ টাৰ্গেট হৈছে বিজেপিক শেষ কৰা । প্ৰদেশ কংগ্ৰেছৰ নেতাসকল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চলে বুলি তেওঁ অভিযোগ কৰে ।

কংগ্ৰেছে এ আই ইউ ডি এফৰ বিৰুদ্ধে যুঁজ দি কোনো লাভ নাই বুলি সদৰী কৰি তেওঁ কয় যে, এ আই ইউ ডি এফৰ লগত চুক্তি নোহোৱা হ'লে বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ২৪ খন আসন লাভ কৰিব নোৱাৰিলেহেতেন । বহুকেইখন আসনত এ আই ইউ ডি এফৰ সমৰ্থনৰ বাবেই কংগ্ৰেছ জয়ী হৈছিল । এইবাৰ ঐক্যবদ্ধ নহলে কংগ্ৰেছ জয়ী হ'ব নোৱাৰিব । এ আই ইউ ডি এফে প্ৰাৰ্থী দিলে এশ শতাংশ জয়ী হৈ আহিব ।

নগাঁও, কলিয়াবৰ আৰু বৰপেটা লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ সমৰ্থন নাথাকিলে কংগ্ৰেছ কেতিয়াও জয়ী হ'ব নোৱাৰে বুলি দাবী কৰি তেওঁ কয় যে, মিত্রতা নহ'লে বিজেপি লাভবান হ'ব । ‘‘বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থতে আমি কংগ্ৰেছৰ মিত্রতা বিচাৰিছো’’ বুলি কয় আজমলে ।

উল্লেখ্য যে, এ আই ইউ ডি এফৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হ'ল ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল । শুকুৰবাৰে গুৱাহাটীৰ হাতীগাঁৱত অনুষ্ঠিত দলৰ সাধাৰণ পৰিষদৰ সভাত বদৰুদ্দিন আজমলক পুনৰবাৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় । লগতে দলৰ কাৰ্যকৰী সমিতিও গঠন কৰা হয় । সাধাৰণ পৰিষদৰ সভাৰ পাছতে সভাপতি বদৰুদ্দিন আজমলে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত দলটোৰ বহুকেইজন বিধায়ক আৰু নেতা উপস্থিত আছিল ।

লগতে পঢ়ক: Ajmal on Congress: কংগ্ৰেছত আছে হিমন্ত বিশ্ব শৰ্মাৰ পেইড লীডাৰ; দৃঢ় বিশ্বাসী আজমল

Last Updated :Nov 4, 2022, 9:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.