মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত বেনাৰ

author img

By

Published : Jun 28, 2022, 5:07 PM IST

Updated : Jun 28, 2022, 6:23 PM IST

MLA

গুৱাহাটীৰ ৰাজপথত একাংশ দল-সংগঠনে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে (Protest against rebel MLAs of Maharashtra)।ৰাষ্ট্ৰবাদী যুৱ কংগ্ৰেছৰ তৰফৰ পৰা বিসম্বাদী বিধায়কসকলৰ বিৰুদ্ধে লংকেশ্বৰৰ সমীপত বেনাৰ লগোৱা দেখা গৈছে । অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে বেনাৰখন তাৰ পৰা আঁতৰাই দিয়ে ।

গুৱাহাটী,২৮ জুন : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ (Maharashtra political crisis) এতিয়া গুৱাহাটীত চলিছে বিভিন্ন কুচকাৱাজ তথা ক্ৰিয়া-প্ৰতিক্ৰিয়া । মহাৰাষ্ট্ৰৰ দুকুৰিৰো অধিক বিসম্বাদী বিধায়কে ৰাজধানী চহৰ গুৱাহাটীত বাহৰ পাতি থকাৰ সময়তে মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে গুৱাহাটী তথা ৰাজ্যত বিশেষ চৰ্চা লাভ কৰিছে । যোৱা এসপ্তাহ ধৰি মহাৰাষ্ট্ৰৰ দুকুৰিৰো অধিক বিসম্বাদী বিধায়কে ৰাজধানী চহৰ গুৱাহাটীৰ বিলাসী হোটেল ৰেডিশ্বন ব্লুত বাহৰ পাতি আছে (Maharashtra rebel MLAs in Guwahati)।

মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত বেনাৰ

আনহাতে গুৱাহাটীৰ ৰাজপথত একাংশ দল-সংগঠনে বিসম্বাদী বিধায়কসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে (Protest against rebel MLAs of Maharashtra)। আকৌ আন কোনো দল-সংগঠনে বিসম্বাদী বিধায়কসকলৰ সমৰ্থনত বেনাৰ, হ'ৰ্ডিং লগাইছে । গুৱাহাটীৰ বিলাসী হোটেল ৰেডিশ্বন ব্লুৰ কিছু নিলগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত সোমবাৰে একনাথ সিন্দেৰ সমৰ্থনত বৃহৎ হ'ৰ্ডিং স্থাপন কৰাৰ পিছতে মঙলবাৰে বিসম্বাদী বিধায়কসকলৰ বিৰুদ্ধে লংকেশ্বৰৰ সমীপত বেনাৰ লগোৱা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে ।

ৰাষ্ট্ৰবাদী যুৱ কংগ্ৰেছৰ তৰফৰ পৰা বিসম্বাদী বিধায়কসকলৰ বিৰুদ্ধে লংকেশ্বৰৰ সমীপত বেনাৰ লগোৱা দেখা গৈছে । বেনাৰখন হিন্দী ভাষাত লিখা আছে । বেনাৰখনত হিন্দীত লিখা কথাখিনিৰ অসমীয়া অনুবাদ হ'ল- "দেশৰ সকলোৱে দেখি আছে, গুৱাহাটীত সোমাই থকা বিশ্বাসঘাতকসকলক ৰাইজে ক্ষমা নকৰে।" অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে বেনাৰখন তাৰ পৰা আঁতৰাই দিয়ে ।

উল্লেখ্য যে ৰেডিশ্বন ব্লুত বৰ্তমান ৩৯ গৰাকী শিৱসেনাৰ আৰু ৯ গৰাকী শিৱসেনা সমৰ্থিত নিৰ্দলীয় বিসম্বাদী বিধায়কে বাহৰ পাতি আছে । মঙলবাৰে পুনৰ এগৰাকী বিসম্বাদী বিধায়ক ৰেডিশ্বন ব্লুলৈ আহিব বুলি জানিব পৰা গৈছে । ৰেডিশ্বন ব্লুত বিসম্বাদী বিধায়কসকলৰ তত্বাৱধানত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে সকলো ধৰণৰ আতিথ্য আগবঢ়াই আছে । মন্ত্ৰী অশোক সিংহাল, জয়ন্ত মল্ল বৰুৱা, পীয়ুষ হাজৰিকাই সঘনাই হোটেলত অহা যোৱা কৰি আছে ।

লগতে পঢ়ক :Maharashtra Political Crisis: অৱশেষত মুখ খুলিলে একনাথ সিন্দেই

Last Updated :Jun 28, 2022, 6:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.