ইউকো বেংকৰ চুপাৰ মাৰ্কেট শাখাৰ প্ৰৱন্ধক লব্ধপ্ৰতীম শইকীয়াক গ্ৰেপ্তাৰ

author img

By

Published : Sep 23, 2022, 8:12 PM IST

Bank manager arrested for embezzling money

দিছপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ইউকো বেংকৰ চুপাৰ মাৰ্কেট শাখাৰ প্ৰৱন্ধক ৷ নাম লব্ধপ্ৰতীম শইকীয়া ৷ প্ৰায় ৩০ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ শইকীয়াক (Bank manager arrested for embezzling money in Guwahati) ৷

  • ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ বেংকৰ প্ৰৱন্ধক (Bank manager arrested for embezzling money in Guwahati)
  • দিছপুৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে ইউকো বেংকৰ চুপাৰ মাৰ্কেট শাখাৰ প্ৰৱন্ধকক
  • ছমাহ ধৰি পলাতক হৈ থকা ধৃত প্ৰৱন্ধকজনৰ নাম হৈছে লব্ধপ্ৰতীম শইকীয়া
  • প্ৰায় ৩০ লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ শইকীয়াৰ বিৰুদ্ধে
  • অভিযোগ অনুসৰি, মৃত ব্যক্তিৰ নামতো একাউন্ট খুলি টকা আত্মসাৎ কৰিছিল শইকীয়াই
  • লগতে আন এজন মানুহৰ একাউণ্টৰ ধনো আত্মসাৎ কৰিছিল শইকীয়াই
  • মৃত চৰকাৰী কৰ্মচাৰীৰ পাবলগীয়া ধন সোমাইছিল শইকীয়াৰ একাউন্টত
  • অৱশেষত বেংক কৰ্তৃপক্ষই দিয়া গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় লব্ধপ্ৰতীম শইকীয়াক
  • উচ্চ ন্যায়ালয়ত আগতীয়া জামিনৰ বাবে আবেদন কৰিছিল অভিযুক্ত শইকীয়াই
  • অৱশ্যে দিছপুৰ থানাৰ আপত্তি মৰ্মে উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল শইকীয়াৰ আবেদন
  • প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীয়ে শনিবাৰে আদালতত হাজিৰ কৰাব ধৃত শইকীয়াক
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.