Jaipur literary festival 2023: জয়পুৰ সাহিত্য উৎসৱত কাব্যঋষিক শ্ৰদ্ধাঞ্জলি অসমৰ গল্পকাৰৰ

author img

By

Published : Jan 23, 2023, 2:09 PM IST

Assam writer in Jaipur literary festival 2023

১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈকে অনুষ্ঠিত হৈছে জয়পুৰ সাহিত্য উৎসৱ ৷ এই উৎসৱত অংশগ্ৰহণ কৰিছে অসমৰ এগৰাকী গল্পকাৰে (Assam writer in Jaipur literary festival 2023) ৷ নাম জুৰি বৰুৱা ৷

জয়পুৰ সাহিত্য উৎসৱত কাব্যঋষিক শ্ৰদ্ধাঞ্জলি

গুৱাহাটী, ২৩ জানুৱাৰী : জয়পুৰ সাহিত্য উৎসৱক বিশ্বৰ অন্যতম বৃহৎ সাহিত্য উৎসৱ হিচাবে বিবেচনা কৰা হয় (Jaipur literary festival)। যাক কোৱা হয় Greatest literary show on earth ৷ এই Greatest literary show on earth ত অংশগ্ৰহণ কৰি সদ্যপ্ৰয়াত জ্ঞানপীঠ বঁটাৰে সন্মানিত কবি নীলমণি ফুকনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে অসমৰ এগৰাকী গল্পকাৰে ( Assam writer in Jaipur literary festival 2023)৷

এইবাৰৰ জয়পুৰ সাহিত্য উৎসৱলৈ আমন্ত্ৰণ লাভ কৰিছিল এগৰাকী গল্পকাৰ জুৰি বৰুৱাই ৷ সেই অনুসৰি সাহিত্য উৎসৱটিত উপস্থিত হয়গৈ গল্পকাৰ জুৰি বৰুৱাই ৷ ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ ৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা সাহিত্য উৎসৱটিৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ গল্পকাৰগৰাকীৰ ৷

অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণৰ প্ৰাৰম্ভণিতেই সদ্যপ্ৰয়াত কবিজনালৈ শ্ৰদ্ধাঞ্জলি জুৰি বৰুৱাৰ ৷ লগতে নিজৰ ভাষণ প্ৰসংগত মঞ্চত অসমৰ বিষয়ে চমু আলোকপাতো কৰে গল্পকাৰগৰাকীয়ে ৷ এই অনুষ্ঠানত গল্পকাৰ জুৰিয়ে নিজৰ বক্তব্যৰ আৰম্ভণি কাব্যঋষি নীলমণি ফুকনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে ৷

অসমৰ বাঘজানকাণ্ডৰ কথা উল্লেখ কৰি ইয়াৰ আৰ্থ-সামাজিক প্ৰভাৱ আৰু মানৱাধিকাৰ প্ৰসংগও নিজৰ মন্তব্যত ব্যক্ত কৰে জুৰি বৰুৱাই ৷ বাঘজানক লৈ নিজৰ উৎসুকতাও প্ৰকাশ কৰে উপস্থিত লোকসকলে ৷ বৰ্তমান সময়ৰ অসমৰ এগৰাকী প্ৰতিভাশালী আৰু নিজস্ব শৈলীৰে পাঠকৰ মাজত সুকীয়া স্থান লাভ কৰা এগৰাকী লেখিকা-গল্পকাৰ জুৰি বৰুৱা ৷

যোৰহাটৰ ডিচিবি কলেজৰ সহকাৰী অধ্যাপিকা জুৰিৰ গল্পই ইতিমধ্যে পাঠকৰ যথেষ্ট সমাদৰ লাভ কৰিছে ৷ 'বেবিলনৰ দিন ৰাতি', 'প্ৰাক্তন' জুৰি বৰুৱাৰ দুখন গল্প সংকলন ৷ বিশ্বৰ অন্যতম সাহিত্য উৎসৱ জয়পুৰ সাহিত্য উৎসৱত দেশৰ স্বনামধন্য সাহিত্যিক-সমালোচক আৰু সাহিত্যমোদীসকলৰ লগতে বিশ্বৰ বহু বৰেণ্য সাহিত্যিক, পাঠক, সাহিত্যপ্ৰেমী আৰু চিন্তাবিদসকল সমবেত হয় ৷

যোৱাটো দশকত জয়পুৰ সাহিত্য উৎসৱ এক বিশ্বব্যাপী সাহিত্যিক পৰিঘটনালৈ ৰূপান্তৰিত হৈছে ৷ যিয়ে প্ৰায় ২০০০ বক্তাক আদৰণি জনাইছে ৷ সমগ্ৰ ভাৰত আৰু বিশ্বৰ এক মিলিয়নতকৈও অধিক গ্ৰন্থপ্ৰেমীয়ে খোজ থৈছে । সকলোকে প্ৰৱেশৰ সুবিধা প্ৰদান কৰা গণতান্ত্ৰিক মঞ্চ হিচাপে কাম কৰাৰ লক্ষ্য আৰু মূল মূল্যবোধসমূহ যোৱা প্ৰায় দেৰটা দশক ধৰি অপৰিৱৰ্তিত হৈ আছে জয়পুৰ সাহিত্য উৎসৱৰ ।

প্ৰতি বছৰে এই উৎসৱ বিশ্বৰ শ্ৰেষ্ঠ লেখক, চিন্তাবিদ, মানৱতাবাদী, ৰাজনীতিবিদ, ব্যৱসায়িক নেতা, ক্ৰীড়াবিদ আৰু বিনোদনৰ প্ৰতিভা আদিৰ বৈচিত্ৰপূৰ্ণ সমন্বয়ক এখন মঞ্চত একত্ৰিত কৰি মত প্ৰকাশ আৰু চিন্তাশীল বিতৰ্ক আৰু ভাৱ বিনিময় কৰাৰ এক সৰ্বোত্তম মাধ্যম ৰূপে বিবেচিত হৈ আহিছে ৷

লগতে পঢ়ক : Ryanair flight lands safely after bomb scare : এথেন্স বিমানবন্দৰত বোমাতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.