অসমত বানে বিভীষিকাৰ সৃষ্টি কৰাৰ পাছতো কেন্দ্ৰই গুৰুত্ব নিদিয়াৰ অভিযোগ তৃণমূলৰ

author img

By

Published : Jun 29, 2022, 6:42 PM IST

Assam Trinamool Congress

ৰাজ্যত ভয়াবহ বান পৰিস্থিতি অব্যাহত থকাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বুধবাৰে এক সংবাদ মেল সম্বোধন কৰি অসম তৃণমূল কংগ্ৰেছে(Assam Trinamool Congress) বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰে বহুকেইটা গুৰুত্বপূৰ্ণ অভিযোগ ৷

নিউজ ডেস্ক, 29 জুন: অসমত এইবাৰৰ সংহাৰী বানত ৩২ খন জিলাত ৫০ লক্ষতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে (Assam flood situation)৷ এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি ৰাজ্যখনৰ ১৪৬ টা ৰাজহ চক্ৰৰ ৯০০২ খন গাঁও বানত বুৰ গৈছে৷ ক্ষতিগ্ৰস্ত এলেকাত ৩৩১৭ টা আশ্ৰয় শিবিৰ মুকলি কৰা হয়৷ তথ্য অনুসৰি এতিয়ালৈকে বানপানীত ১৩৫ জন লোক মৃত্যুমুখত পৰে৷ ৭৭৫৫ টা পশুধনৰ মৃত্যুৰ লগতে ১৬১৬৮ টা বাসগৃহও ক্ষতিগ্ৰস্ত হয় ৷

প্ৰলয়ংকৰী বানত ৩৪৯ টা পথৰ ক্ষতি হয় ৷ ইয়াৰে সৰ্বাধিক ক্ষতি হৈছে বৰপেটা, দৰং, নলবাৰী আৰু নগাঁও জিলাত৷ দৰং আৰু নলবাৰী জিলাত সৰ্বাধিক ৬৯ টা পথৰ ক্ষতি হোৱাৰ লগতে বৰপেটাত ৫৩ টা আৰু নগাঁৱত ৫১ টা পথৰ ক্ষতি হয় ৷ কেইবালক্ষ হেক্টৰ শস্য ভূমিৰ লগতে প্ৰায় ২০০ কোটিতকৈ অধিক মূল্যৰ মাছ ব্যক্তিগত পুখুৰীৰ পৰা ওলাই যায় ৷ ফলত শ-শ মৎস্য পালকে মূৰে-কপালে হাত দিবলগীয়া হৈছে ৷

ৰাজ্যখনৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ এই প্ৰলয়নকাৰী ধ্বংসলীলাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাই অসমবাসীক ক্ষুদ্ধ আৰু ক্ষুন্ন কৰি তুলিছে ৷ নিৰ্বাচনৰ সময়ত বানমুক্ত অসমৰ শ্ল’গান দিয়া কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপিৰ ‘ডাবল ইঞ্জিন’ চৰকাৰে(Double engine govt) এই দুৰ্যোগৰ সময়ত জনসাধাৰণক সকাহ দিয়াত দৃষ্টিকটুভাৱে ব্যৰ্থ হৈছে ৷ ক্ষতিগ্ৰস্তক নামমাত্ৰা সাহায্য দিয়েই চৰকাৰে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে অসম তৃণমূল কংগ্ৰেছে ৷

বুধবাৰে এক সংবাদমেল সম্বোধন কৰি অসম তৃণমূল কংগ্ৰেছৰ(Assam Trinamool Congress) মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই(Dilip Kumar Sarma TMC) কয়, আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তই হা-হুমুনিয়াহৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ৷ আনকি নিৰ্বাচনৰ সময়ত ‘এ-ফৰ-আসাম’, ‘ঈশানকোণ’, ‘অষ্টলক্ষ্মী’ আদি বিশেষণেৰে অসমক বিভূষিত কৰা প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীলৈ ফোন অথবা এটা টুইট কৰিয়েই দায়িত্ব সামৰিছে ৷ নিজেই চাবলৈ অহাটো দূৰৰে কথা, কোনো এজন কেন্দ্ৰীয় মন্ত্ৰী বা কেন্দ্ৰীয় প্ৰতিনিধি দল এটাকো অসমলৈ প্ৰেৰণ নকৰিলে ৷ এই ক্ষেত্ৰত কেন্দ্ৰক সৈমান কৰাত অসমৰ মুখ্যমন্ত্ৰীও দুখলগাকৈ ব্যৰ্থ হোৱা দেখা গৈছে বুলি মন্তব্য কৰে দিলীপ কুমাৰ শৰ্মাই ৷

এই পৰ্যন্ত কেন্দ্ৰই অসমৰ বাবে কোনো সাহায্য পুঁজি মোকলাই নিদিয়াৰ কথা উল্লেখ কৰি তেও কয় যে, কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাত হতাশ হোৱা মুখ্যমন্ত্ৰীয়ে উপায় নাপাই লজ্জা ঢাকিবৰ কাৰেণেই হওক অথবা ৰাইজৰ ক্ষোভ মৰিষণ কৰিবলৈ হওক কেন্দ্ৰীয় পুঁজি নালাগে বুলিও মন্তব্য দিবলৈ বাধ্য হৈছিল ৷ কেন্দ্ৰৰ এনেকুৱা ভূমিকা ৰাজ্যখনৰ বান ক্ষতিগ্ৰস্ত লোকৰ প্ৰতি এক চৰম উপহাস বুলি মন্তব্য কৰে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষগৰাকীয়ে ৷

লগতে পঢ়ক: জোনাইত বান বিভীষিকা: বন্যাৰ্তৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.