Holiday list for state govt employees: 2023 ত ৩৮ দিন চৰকাৰী বন্ধ

author img

By

Published : Nov 30, 2022, 7:16 PM IST

Assam state govt released public holidays calendar

ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে প্ৰকাশ কৰিলে চৰকাৰী বন্ধৰ কেলেণ্ডাৰ(state govt released public holidays calendar) । ৩৮ টা চৰকাৰী বন্ধৰ ভিতৰত আছে ৭ টা দেওবাৰ আৰু এটা চতুৰ্থ শনিবাৰ । বছৰটোত দুটা দিন চৰকাৰী অৰ্ধছুটীও ধার্য কৰা হৈছে । ২৯ জুলাইত মহৰম আৰু ২৮ অক্টোবৰত লক্ষ্মী পূজা উপলক্ষে অর্ধছুটী ।

গুৱাহাটী, ৩০ নৱেম্বৰ: ২০২৩ বৰ্ষত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰিব ৩৮ দিনৰ চৰকাৰী বন্ধ(38 days public holiday for State govt employees) । এই বন্ধৰ তালিকাৰে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে প্ৰকাশ কৰিলে কেলেণ্ডাৰ(state govt released public holidays calendar) । বিভাগটোৰ আয়ুক্ত সচিব এম এছ মন্নিৱন্নন স্বাক্ষৰিত অধিসূচনা অনুসৰি বছৰটোত দুটা দিন চৰকাৰী অৰ্ধছুটীও ধার্য কৰা হৈছে ।

Assam state govt released public holidays calendar
Public holidays for state govt employees:চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব ৩৮ দিনৰ চৰকাৰী বন্ধ

অহা বৰ্ষৰ ২৯ জুলাইত মহৰম উপলক্ষে আৰু ২৮ অক্টোবৰত লক্ষ্মী পূজা উপলক্ষে অর্ধছুটী হ’ব(Laxmi puja) । ২০২৩ বৰ্ষৰ সম্পূৰ্ণ বন্ধৰ সূচী অনুসৰি ১৫ আৰু ১৬ জানুৱাৰী মাঘ বিহু আৰু টুচু পূজা, ২৩ জানুৱাৰীত নেতাজীৰ জন্মদিন(Birth day of Netaji), ২৪ জানুৱাৰীত বাথৌ পূজা, ২৬ জানুৱাৰীত গণৰাজ্য দিৱস, ৩১ জানুৱাৰীত মে-ডাম-মেফি, ৫ ফেব্ৰুৱাৰীত বীৰ চিলাৰায় দিৱস, ৭ মার্চত দৌলযাত্ৰা, ৭ এপ্ৰিলত গুড ফ্ৰাইডে, ১৪, ১৫ আৰু ১৬ এপ্ৰিলত ব'হাগ বিহু(Rongali Bihu)৷

২০ এপ্ৰিলত দামোদৰদেৱৰ তিথি, ২১ এপ্ৰিলত সতী সাধিনী দিৱস, ২২ এপ্ৰিলত ঈদ-উল-ফিতৰ, ১ মে'ত মে’ দিৱস, ৫ মে'ত বুদ্ধ পূৰ্ণিমা, ৫ জুনত মাধৱদেৱৰ জন্মোৎসৱ, ২৯ জুনত ঈদ-উজ-জোহা, ১৫ আগষ্টত স্বাধীনতা দিৱস(Independence day), ১৮ আগষ্টত শ্ৰীমন্ত শংকৰদেৱৰ তিথি, ২৭ আগষ্টত কৰম পূজা, ৪ ছেপ্টেম্বৰত মাধৱদেৱৰ তিৰোভাৱ তিথি, ৬ ছেপ্টেম্বৰত জন্মাষ্টমী, ২৫ ছেপ্টেম্বৰত শংকৰদেৱৰ জন্মোৎসৱ, ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্মদিন, ১৮ অক্টোবৰত কাতি বিহু, ২১, ২২, ২৩ আৰু ২৪ অক্টোবৰত দুৰ্গা পূজা আৰু বিজয়া দশমী ৷

১২ নৱেম্বৰত কালী পূজা-দীপাৱলী, ১৫ নৱেম্বৰত ভাতৃ দ্বিতীয়া, ১৯ নৱেম্বৰত ষট পূজা, ২৪ নৱেম্বৰত লাচিত দিৱস, ২৭ নৱেম্বৰত গুৰুনানকৰ জন্মদিন, ২ ডিচেম্বৰত চুকাফা দিৱস আৰু ২৫ ডিচেম্বৰত খ্ৰীষ্টমাছৰ বাবে চৰকাৰী বন্ধৰ দিন ধার্য কৰা হৈছে ।

উল্লেখ্য যে, ৩৮ টা চৰকাৰী বন্ধৰ ভিতৰত আছে ৭ টা দেওবাৰ আৰু এটা চতুৰ্থ শনিবাৰ । তদুপৰি ২০২৩ চনৰ বাবে ৩০ দিন সীমিত বন্ধ নিৰ্ধাৰণ কৰা হৈছে । চৰকাৰী কৰ্মচাৰীসকলে আকৌ নিজৰ ইচ্ছা অনুসৰি ২ দিনৰ বাবে ল'ব পাৰিব সীমিত বন্ধ । প্ৰতিখন জিলাই আকৌ এটাকৈ দিন স্থানীয় বন্ধ পালন কৰিব পাৰিব । ২০২৩ চনত থাকিব দুটা দিনৰ অৰ্ধ ছুটি ।

লগতে পঢ়ক: CM meeting in Cachar: মঞ্চত মুখ্যমন্ত্ৰীৰ ভাষণ, তলত উচ্ছেদিতৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.