Assam State Film Awards controversy: পুনৰ বিতৰ্কত ৰাজ্যিক চলচ্চিত্ৰ বঁটা
Published: Mar 18, 2023, 11:37 AM


Assam State Film Awards controversy: পুনৰ বিতৰ্কত ৰাজ্যিক চলচ্চিত্ৰ বঁটা
Published: Mar 18, 2023, 11:37 AM
বঁটা প্ৰদানক লৈ বিতৰ্ক চলি থকাৰ মাজতে এইবাৰ চেক বাউন্সৰ প্ৰসংগ (Assam State Film Awards cheque bounce)। চলচ্চিত্ৰ বঁটা প্ৰাপকৰ চেক বাউন্স হোৱাৰ লগে লগে সামাজিক মাধ্যমত ব্যাপক চৰ্চা । অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম আৰু চৰকাৰক তীব্ৰ সমালোচনা বিভিন্নজনৰ । ঘটনাৰ তদন্তৰ ঘোষণা মন্ত্ৰী বিমল বড়াৰ ।
গুৱাহাটী, ১৮ মাৰ্চ : অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ বিতৰ্ক অব্যাহত আছে (Assam State Film Awards controversy)। নাহিদ আফ্ৰিনক বঁটা প্ৰদানক লৈ বিতৰ্ক চলি থকাৰ মাজতে আৰম্ভ হৈছে আন এক বিতৰ্কৰ । এইবাৰ আৰম্ভ হৈছে চেক বিতৰ্কৰ । জানিব পৰা মতে এইবাৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰাপকক দিয়া চেক বাউন্স হৈছে । সাংস্কৃতিক সঞ্চালকালয়ে বঁটা প্ৰাপকসকলক প্ৰদান কৰা চেক বাউঞ্চ হোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Assam State Film Awards cheque bounce)।
কেইবাগৰাকীও স্বনামধন্য শিল্পী আৰু কলা-কুশলীক দিয়া চেক বাউন্স হোৱাৰ কথা পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে মন্ত্ৰী বিমল বড়াই তদন্তৰ ঘোষণা কৰিছে (Bimal Bora announces probe into cheque bounce)। মন্ত্ৰীগৰাকীয়ে এক নিৰ্দেশনাযোগে সাংস্কৃতিক বিভাগৰ সচিব লয়া মাদুৰীক এই ঘটনাৰ তদন্ত কৰাৰ নিৰ্দেশ দিছে । ২০ মাৰ্চৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছে ।
উল্লেখ্য যে সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ে অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ সহযোগত ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছিল ।
সোমবাৰে প্ৰদান কৰা ২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী (মহিলা) বঁটাৰ বাবে ৰাজ্যজুৰি এক বিতৰ্কৰ সৃষ্টি হৈছিল । যিটো গীতৰ বাবে কণ্ঠশিল্পী নাহিদ আফ্ৰিনক বঁটা প্ৰদান কৰা হৈছিল প্রকৃতাৰ্থত সেই গীতটো তেওঁ গোৱাই নাছিল (Nahid Afrin award controversy)। চলচ্চিত্র নির্মাতা মুন্না আহমেদ পৰিচালিত 'নিজানৰ গান' ছবিখনৰ 'নীলাতে লুকাভাকু' গীতৰ বাবে ২০১৮ বৰ্ষৰ শ্রেষ্ঠ গায়িকাৰ শিতানৰ বঁটা ৰাজ্যৰ প্ৰতিভাৱান শিল্পীগৰাকীক সোমবাৰে সন্ধিয়াৰ বৰ্ণাঢ্য অনুষ্ঠানত প্ৰদান কৰা হয় । কিন্তু ছবিখনৰ এই গীতটোত কণ্ঠদান কৰিছিল জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু ৰূপজ্যোতি দেৱীয়ে ।
সেই অনুসৰি শ্ৰেষ্ঠ গায়িকাৰ বঁটা ৰূপজ্যোতি দেৱীয়ে লাভ কৰিব লাগিছিল বুলি ৰাজ্যজুৰি সৃষ্টি হোৱা বিতৰ্কৰ পাছতে জুৰি ব'ৰ্ডে নিজৰ ভুল স্বীকাৰ কৰাৰ লগতে নাহিদ আফ্ৰিনে নিজানৰ গান ছবিখনৰ আন এটা গীতৰ বাবে এই বঁটা লাভ কৰিছিল কিন্তু গীতৰ কলিতো দিয়াত ভুল হোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল । এই বিতৰ্ক চলি থকাৰ মাজতে পুনৰ চেক বাউন্সৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় ।
বঁটা প্ৰদান অনুষ্ঠানত বঁটা প্ৰাপকসকলক স্মাৰকৰ লগতে প্ৰদান কৰা হৈছিল ধনৰ চেক । বঁটাপ্ৰাপকসকলে চেক জমা বেংকত জমা দিয়াত বেংক কৰ্তৃপক্ষই চেক বাউন্স হোৱা বুলি শুকুৰবাৰে জনোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Assam State Film Award Winners Cheque Bounce)। আনহাতে সামাজিক মাধ্যমত অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত সীমান্ত শেখৰেও স্পষ্টীকৰণ দিছে ।
লগতে পঢ়ক :Assam budget Controversy: অসম বাজেটত GSDP ক লৈ ভুল তথ্য মন্ত্ৰী অজন্তাৰ !
