Cabinet Dicision : APSC ৰ পৰা অসমীয়া ভাষা আঁতৰোৱাক অসম সাহিত্য সভাৰ প্ৰতিক্ৰিয়া

author img

By

Published : Nov 25, 2021, 10:41 PM IST

assam sahitya sabha react on cabinet dicision

অসম লোকসেৱা আয়োগৰ পৰীক্ষা (APC Examination) ত অসমীয়া বিষয়ৰ যোগ্যতা অর্জনকাৰী ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্ন কাকত বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত অসম সাহিত্য সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰি অসমীয়া ভাষাৰ বিকাশ আৰু উত্তৰণত অধিক মনোনিবেশ কৰক ।

গুৱাহাটী, ২৫ নৱেম্বৰ : অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্নকাকতৰ প্ৰত্যাহাৰ (Assamese language removed from APSC exam) কৰাৰ সিদ্ধান্তই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া বিষয়ৰ যোগ্যতা অর্জনকাৰী ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্ন কাকত বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত অসম সাহিত্য সভাই গভীৰ উদ্বেগ প্ৰকাশ (Assam Sahitya Sabha React on Cabinet Dicision) কৰিছে । এক বিবৃত্তিযোগে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই কয় যে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া বিষয় বাধ্যতামূলক কৰাৰ বাবে দীর্ঘদিন ধৰি দাবী উত্থাপন কৰি অহা হৈছে ।

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰি অসমীয়া ভাষাৰ সন্দৰ্ভত অসম সাহিত্য সভা (Assam Sahitya Sabha)ৰ স্থিতি স্পষ্ট কৰাৰ লগতে একেটা বিষয়ত অসম লোকসেৱা আয়োগৰ অধ্যক্ষক অসম সাহিত্য সভাৰ বিষয়ববীয়াৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰি অৱগত কৰিছিল । কিন্তু ইয়াৰ পিছতো বুধবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া বিষয়ৰ যোগ্যতা অর্জনকাৰী ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্ন কাকত বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত অসম সাহিত্য সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ।

অসম চৰকাৰৰ এই সিদ্ধান্তক হঠকাৰী সিদ্ধান্ত বুলি উল্লেখ কৰি অসম সাহিত্য সভাই কয় যে, যি সময়ত দেশৰ অনান্য ৰাজ্যসমূহত নিজৰ ৰাজ্যভাষা সমূহ এনে পৰীক্ষাত বাধ্যতামূলক কৰিছে ৷ আনকি কেন্দ্ৰীয় লোকসেৱা আয়োগে সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অসমৰ প্ৰাৰ্থীৰ বাবে অসমীয়া তথা অষ্টম অনুসূচীৰ ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক কৰিছে । ঠিক তেনে সময়তে অসম চৰকাৰে আকৌ APSC পৰীক্ষাত অসমীয়া ভাষাৰ বাধ্যতামূলক প্ৰশ্ন কাকত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তত অসম সাহিত্য সভাই আশ্বৰ্য প্ৰকাশ কৰিছে ।

অসমীয়া ভাষা সুৰক্ষাৰ সন্দৰ্ভত অসম সাহিত্য সভাই পূৰ্বৰে পৰা নিজৰ স্থিতি স্পষ্ট কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতিৰ লগতে ৰাজ্যভাষা আইনৰ অধীনত অসমীয়া ভাষাক স্বকীয় মর্যাদাৰে বিকশিত হোৱাতো বিচাৰে । লগতে সংযোগী ভাষা হিচাপেও অসমীয়া ভাষাৰ সৰ্বাংগীন উন্নতি কামনা কৰে বুলি বিবৃত্তিত উল্লেখ কৰা হয় । অসম সাহিত্য সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰি চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰি অসমীয়া ভাষাৰ বিকাশ আৰু উত্তৰণত অধিক মনোনিবেশ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ।

লগতে পঢ়ক : অসম সাহিত্য সভা ভৱনত উন্মোচন সাহিত্য সভাৰ তিনিখন গ্ৰন্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.