APSC Chairman : অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ ড৹ অজন্তা নাথ

author img

By

Published : Jun 28, 2022, 8:03 PM IST

APSC

অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে আয়োগৰ সদস্য ড০ অজন্তা নাথক ৷ বৰ্তমানৰ অধ্যক্ষ ৰাজীৱ বৰাৰ কাৰ্যকাল উকলি যোৱাত ড০ অজন্তা নাথক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয় ।

গুৱাহাটী, ২৮ জুন : অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি (Assam Public Service Commission new Chairman) । অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে আয়োগৰ সদস্য ড০ অজন্তা নাথক (APSC new Chairman Dr. Ajanta Nath) ৷ বৰ্তমানৰ অধ্যক্ষ ৰাজীৱ বৰাৰ কাৰ্যকাল উকলি যোৱাত ড০ অজন্তা নাথক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয় । উল্লেখ্য যে ড০ অজন্তা নাথ জামুগুৰিহাটৰ ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা মহাবিদ্যালয়ৰ (Hemchandra Baruah College Jamugurihat) পৰিসংখ্যা বিভাগৰ প্ৰাক্তন অধ্যাপিকা আৰু অসম লোকসেৱা আয়োগত ২০১৮ চনৰ ১১ জুনৰ পৰা সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল ।

ইয়াৰ পূৰ্বেও বিগত বৰ্ষৰ জানুৱাৰী মাহত আয়োগৰ অধ্যক্ষ প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়া পল্লৱ ভট্টাচাৰ্যৰ কাৰ্যকাল শেষ হোৱাত ড৹ নাথক ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব দিয়া হৈছিল । এইবাৰ অধ্যক্ষ ৰাজীৱ বৰাৰ কাৰ্যকাল শেষ হোৱাত তেওঁক অধ্যক্ষৰ দায়িত্ব দিয়া হয় ।

উল্লেখ্য, ৰাকেশ পালৰ (Rakesh Pal) কাৰ্যকালত অসম লোকসেৱা আয়োগক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল । বিশেষকৈ এপিএছচি নিযুক্তিৰ ক্ষেত্ৰত ডাঙৰ কেলেংকাৰি সংঘটিত হৈছিল ৰাকেশ পালৰ কাৰ্যকালত । তাৰ পিছতে তদন্তৰ আওতালৈ আহে এপিএছচিৰ নিযুক্তি প্ৰক্ৰিয়া তথা তদানীন্তন অধ্যক্ষ ৰাকেশ পাল । চাকৰিৰ পৰা বৰ্খাস্ত হয় ধনৰ বিনিময়ত নিযুক্তি লাভ কৰা বহু এপিএছ বিষয়া । লগতে গ্ৰেপ্তাৰো হ'বলগা হয় । এই চক্ৰান্তত জড়িত বহু বিষয়া এতিয়াও ৰঙাঘৰৰ আলহী ।

ৰাকেশ পালৰ সময়ত হোৱা এপিএছচিৰ (APSC) বিয়াগোম দুৰ্নীতিয়ে লোক সেৱা আয়োগৰ স্বচ্ছতা সন্দৰ্ভত মানুহৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । অৱশ্যে পৰৱৰ্তী সময়ত লোক সেৱা আয়োগক পুনৰ বিশ্বাসযোগ্য কৰাৰ প্ৰয়াস চলোৱা হয় । যাৰ ফলত এপএছচিৰ নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতা ঘূৰি আহে । মেধা সম্পন্ন পৰীক্ষাৰ্থীয়ে পুনৰ এপএছচিত উত্তীৰ্ণ হৈ ৰাজ্যৰ প্ৰশাসনিক দিশত সেৱাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয় । এতিয়া নতুন অধ্যক্ষ ড০ অজন্তা নাথৰ নেতৃত্বত আগন্তুক দিনত এপএছচিয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব । উল্লেখ্য, ১৯৩৭ চনৰ ১ এপ্ৰিলত গঠন হৈছিল অসম লোক সেৱা আয়োগ ।

লগতে পঢ়ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০ সংখ্যক দীক্ষান্ত সমাৰোহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.