সন্ত্ৰাসমুক্ত অসম গঢ়াৰ লক্ষ্যত অসম আৰক্ষী সফলতাৰে আগবাঢ়ি গৈছে : মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ

author img

By

Published : Oct 1, 2022, 9:50 PM IST

Assam police day celebration at Kahilipara

কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ পেৰেড গ্ৰাউণ্ডত কেন্দ্ৰীয়ভাৱে ‘‘অসম আৰক্ষী দিৱস’’ৰ উদয‍াপন (Assam police day celebration at Kahilipara)। অসম আৰক্ষীত ‘সুৰঞ্জনা’ নামেৰে নতুনকৈ সংযোজন হ’ল ‘‘অসম আৰক্ষী মহিলা বেণ্ড’’ । আৰক্ষীৰ বিভিন্ন পদক লাভ কৰিবলৈ সক্ষম হোৱা ৩৭ গৰাকী আৰক্ষীক পদকসমূহো প্ৰদান ।

গুৱাহাটী, ১ অক্টোবৰ : ‘‘অসম আৰক্ষী অসমৰ সমাজ জীৱনৰ এক অপৰিহাৰ্য অংগ । নিয়মানুৱৰ্তিতা, দায়িত্ববোধ আৰু নিৰ্ভিকতা অসম আৰক্ষীৰ মূল চালিকা শক্তি । বিগত দিনবোৰত আৰক্ষীৰ বহুলোকে ৰাজ্যবাসীৰ সুৰক্ষাৰ স্বাৰ্থত নিজৰ প্ৰাণ পৰ্যন্ত উছৰ্গা কৰিছে ৷’’ - এই মন্তব্য ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ ।

Assam police day celebration at Kahilipara
অসম আৰক্ষী দিৱসৰ উদয‍াপন

শনিবাৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ ‘‘পেৰেড গ্ৰাউণ্ড’’ত আয়োজিত “অসম আৰক্ষী দিৱস”ৰ কেন্দ্ৰীয় অনুষ্ঠানত (Assam police day celebration at Kahilipara) মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মুখ্য সচিবগৰাকীয়ে। ভাষণ প্ৰসংগত তেওঁ কয় যে, অসম আৰক্ষী দেশৰ এক শক্তিশালী বাহিনী হিচাপে সমাদৃত হৈ আহিছে আৰু বিভিন্ন সন্ত্ৰাসবাদী গোটে অসম আৰক্ষীৰ শক্তিক স্বীকাৰ কৰি অস্ত্ৰ সম্বৰণ কৰিবলৈ বাধ্য হৈছে ।

Assam police day celebration at Kahilipara
অসম আৰক্ষী দিৱসৰ উদয‍াপন

এখন সন্ত্ৰাসমুক্ত অসম গঢ়াৰ লক্ষ্য আগত ৰাখি অসম আৰক্ষীয়ে সফলতাৰে আগবাঢ়ি যাবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে মুখ্য সচিব বৰঠাকুৰে ৷ লগতে তেওঁ কয় যে, বাহিনীটোৱে ৰাজ্যখনৰ স্বাৰ্থত বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা বিশেষ পাৰদৰ্শিতাৰ স্বীকৃতিস্বৰূপে দেশৰ “ৰাষ্ট্ৰপতিৰ নিচান” লাভ কৰাটো ৰাজ্যখনৰ বাবে গৌৰৱৰ কথা ।

Assam police day celebration at Kahilipara
অসম আৰক্ষী দিৱসৰ উদয‍াপন

প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰে যে, অসম আৰক্ষীত নিয়োজিত মহিলাসকলক বিভিন্ন দিশত আগবঢ়াই নিয়া আৰু তেওঁলোকৰ সবলীকৰণৰ ক্ষেত্ৰতো বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ অসম আৰক্ষীত ‘সুৰঞ্জনা’ নামেৰে নতুনকৈ সংযোজন কৰা “অসম আৰক্ষী মহিলা বেণ্ড”এ মহিলা আৰক্ষীসকলক নিশ্চয়কৈ গৌৰৱান্বিত কৰিব বুলিও মুখ্য সচিবগৰাকীয়ে মন্তব্য কৰে ।

Assam police day celebration at Kahilipara
অসম আৰক্ষী দিৱসৰ উদয‍াপন

লগতে পঢ়ক : অসমে দেশৰ মেডিকেল হাব হিচাপে প্ৰতিষ্ঠা লাভ কৰিব: মন্ত্রী অতুল বৰা

উল্লেখ্য যে, আজিৰ অনুষ্ঠানতে ‘সুৰঞ্জনা’ নামেৰে নতুনকৈ গঠন কৰা “অসম আৰক্ষী মহিলা বেণ্ড”টোৰ শুভ আৰম্ভণি কৰা হয় । অনুষ্ঠানত ভাষণ দি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বিভিন্ন ক্ষেত্ৰত অসম আৰক্ষীৰ সফলতাৰ দিশসমূহ উল্লেখ কৰি কয় যে, বৰ্তমানৰ চৰকাৰে আৰক্ষী বাহিনীটোক অধিক শক্তিশালী, দক্ষ আৰু ৰাইজৰ বন্ধু হিচাপে গঢ়ি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷

Assam police day celebration at Kahilipara
অসম আৰক্ষী দিৱসৰ উদয‍াপন

এই বছৰতে চৈধ্য হেজাৰতকৈও অধিক অসমৰ নিবনুৱা যুৱক-যুৱতীক আৰক্ষীৰ বিভিন্ন বৰ্গৰ পদত নিযুক্তি দিয়া হৈছে । মহিলা আৰক্ষীক লৈ নতুনকৈ গঠন কৰা ‘সুৰঞ্জনা' নামৰ “অসম আৰক্ষী মহিলা বেণ্ড”টো দেশৰআৰক্ষী বাহিনীসমূহৰ ভিতৰতেই প্ৰথম বুলি উল্লেখ কৰে সঞ্চালক প্ৰধান মহন্তই ৷ লগতে তেওঁ কয় যে, মুখ্যমন্ত্ৰীৰ বলিষ্ঠ উদ্যোগত সম্প্ৰতি অত্যাধুনিক প্ৰযুক্তিকৌশল ব্যৱহাৰৰ যোগেদি কাৰিকৰী দিশতো অসম আৰক্ষীক অধিক শক্তিশালী কৰাৰ বাবে ইতিমধ্যেই দৃঢ় পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

Assam police day celebration at Kahilipara
অসম আৰক্ষী দিৱসৰ উদয‍াপন

লগতে পঢ়ক : অসমে দেশৰ মেডিকেল হাব হিচাপে প্ৰতিষ্ঠা লাভ কৰিব: মন্ত্রী অতুল বৰা

অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান মুকেশ আগৰৱাল, আৰক্ষী অনাতাঁৰ সংগঠনৰ বিশেষ সঞ্চালক প্ৰধান এছ এন সিং, আৰক্ষী আয়ুক্ত হৰমিত সিঙৰ লগতে উচ্চপদস্থ আৰক্ষী বিষয়াসকল, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিজ বাৰ্মা, আয়ুক্ত সচিব দিগন্ত বৰা আৰু অন্যন্যা বিষয়াসকলো উপস্থিত থকা অনুষ্ঠানটোত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে আৰক্ষীৰ কেইবাটাও দলৰ আনুষ্ঠানিক কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে ।

Assam police day celebration at Kahilipara
সন্ত্ৰাসমুক্ত অসম গঢ়াৰ লক্ষ্যত অসম আৰক্ষী সফলতাৰে আগবাঢ়ি গৈছে

ইয়াৰ উপৰি অনুষ্ঠানত আৰক্ষীৰ অশ্বাৰোহী বাহিনীৰ অশ্বাৰোহনৰ বিভিন্ন কলা-কৌশল আৰু আজি শুভাৰম্ভ কৰা “মহিলা আৰক্ষী বেণ্ড”ৰ মুকলি প্ৰদর্শনো কৰা হয় । আনহাতে, আজিৰ এই অনুষ্ঠানতে পূৰ্বতে ঘোষণা কৰা আৰক্ষীৰ বিভিন্ন পদক লাভ কৰিবলৈ সক্ষম হোৱা মুঠ ৩৭ গৰাকী আৰক্ষীৰ লোকক পদকসমূহো প্ৰদান কৰা হয় ।

Assam police day celebration at Kahilipara
অসম আৰক্ষী দিৱসৰ উদয‍াপন

অনুষ্ঠানৰ পূৰ্বে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, গৃহ বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মাৰ উপৰিও অন্যান্য উচ্চপদস্থ বিষয়াসকলে ‘‘শ্বহীদ বেদী’’ত পুষ্পাঞ্জলি নিবেদন কৰে ।

লগতে পঢ়ক : কলিয়াবৰৰ দুই আৰক্ষী বিষয়ালৈ বিশেষ পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.