Assam Assembly budget session 2023: মে’ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব 1 লাখ নিযুক্তি প্ৰক্ৰিয়া

author img

By

Published : Mar 15, 2023, 8:55 PM IST

Assam Assembly budget session 2023

এক লাখ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে চৰকাৰ ৷ মে’ মাহ ভিতৰত সম্পূৰ্ণ হ’ব এক লাখ নিযুক্তি প্ৰক্ৰিয়া (Assam govt recruitment process) ৷ বিধানসভাৰ মজিয়াত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ এইবাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা 17 লাখৰ পৰা 27 লাখ কৰা হ'ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মে’ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব 1 লাখ নিযুক্তি প্ৰক্ৰিয়া

গুৱাহাটী, 15 ফেব্ৰুৱাৰী: অসম বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থ দিনৰ কাৰ্যসূচী অনুযায়ী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত ভাষণ প্ৰদান কৰাৰ লগতে বিধানসভাত বিতৰ্কতো অংশগ্ৰহণ কৰে ৷ বাজেটত প্ৰয়োজনীয় পুঁজি ধাৰ্যৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰামৰ্শ প্ৰদান কৰি কয় যে বৃহস্পতিবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিবলগীয়া বাজেটখন সৰ্বকালৰ সৰ্ববৃহৎ নিবনুৱা সংস্থাপনৰ বাজেট হ’ব (Assam assembly budget session) ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আনে নোৱাৰা কাম কৰিছে অসমৰ এইখন বিজেপি চৰকাৰে (Assam govt recruitment process) ৷ মে’ মাহৰ ভিতৰত চৰকাৰে সম্পূৰ্ণ কৰিব 1 লাখ নিযুক্তি প্ৰক্ৰিয়া ৷ সদনৰ মজিয়াত সগৌৰৱেৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্যত 12,36,299 গৰাকী নিবনুৱা আছে বুলিও তেওঁ মন্তব্য কৰে (Unemployment in Assam) ৷

চৰকাৰে ভাল কাম কৰা নাই মানি লৈছো, কিন্তু 1 লাখ নিযুক্তিৰ বাবে কোনেও কিয় বাঃ বাঃ নিদিলে বুলিও আক্ষেপ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিজেপিৰ শাসনত অসমত জিডিপি বাঢ়িছে, কৃষি উৎপাদন বাঢ়িছে, বাজেট বাঢ়িছে, ৰাস্তা ঘাট বৃদ্ধি হৈছে বুলি গৌৰৱেৰে উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে কয়, ‘‘এইবাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা 17 লাখৰ পৰা 27 লাখ কৰা হ'ব ৷ পৰৱৰ্তী সময়ত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা 35 লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে (Assam Orunodoi beneficiary) ৷ অসমৰ মুছলমান আজি যিমান শান্তিত আছে পূৰ্বে এনে পৰিৱেশ নাছিল, 60 শতাংশ মুছলমান লোকে লাভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY Scheme) ৷’’

মুখ্যমন্ত্ৰীয়ে ভাষণত ৰাজহুৱা শিক্ষাৰ ক্ষেত্ৰত কাম কৰাৰ ওপৰত গুৰুত্ব দি কয় যে শিক্ষকৰ বাবে স্কুল হ’ব নোৱাৰে, স্কুলত শিক্ষাৰ্থী থাকিবই লাগিব ৷ স্কুল বন্ধ হ'লে প্ৰয়োজনত নতুনকৈ খোলা হ’ব স্কুল ৷ ৰাজ্যত নতুনকৈ স্থাপন হ’ব 25 খন কলেজ ৷ 5 কোটি টকা ব্যয়সাপেক্ষে পুনঃনিৰ্মাণ হ’ব প্ৰতিখন বিদ্যালয় ৷

লগতে পঢ়ক: Akhil Gogoi Slams BJP govt: হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ডকাইত আখ্যা অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.