৫২ লাখ‌ টকা দৰমহাৰ বিষয়াই সমাধান কৰিব গুৱাহাটীৰ খোৱা পানীৰ সমস্যা !

author img

By

Published : Sep 20, 2021, 6:29 PM IST

assam-govt-hires-managing-director-for-jal-board-at-rs-52-lakh-per-year

Intro:Body:মহানগৰবাসীৰ দীৰ্ঘদিনীয়া জল সংকটৰ এই বাৰ অন্ত পৰিব নেকি ? জল বোৰ্ডৰ পৰিচালনা কৰিবলৈ এইবাৰ নিযুক্ত হল ৫২ লাখ‌ টকা দৰমহাৰ পৰিচালন সঞ্চালক ।‌

গুৱাহাটী, ২০ ছেপ্টেম্বৰ : যি সময়ত ৰাজ্যৰ ৰাজধানী মহানগৰীৰ ৰাইজে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে, এই দীৰ্ঘদিনীয়া সংকট সভ্যতাৰ প্ৰতিয়ে ভ্ৰূকূটি বুলি চিহ্নিত হৈছে সেই সময়তো চৰকাৰে অব্যাহত ৰাখিছে ৰাজহুৱা ধনৰ দৃষ্টিকটূ অপচয় । আচৰিত যেন লাগিলেও ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গুৱাহাটী বাসীক পানী যোগানৰ বাবে গঠন কৰা জল বোৰ্ডৰ পৰিচালন সঞ্চালক গৰাকীৰ দৰমহা নিৰ্ধাৰণ কৰা হৈছে বছৰি ৫২ লাখ টকা ।‌ এ. সম্পট নামৰ এজন বিষয়াক নিযুক্তি দিয়াৰ বাবে উল্লিখিত বৃহৎ পৰিমানৰ দৰমহা নিৰ্ধাৰণ কৰিছে অসম চৰকাৰৰ কেবিনেটে ।

উল্লেখ্য যে, কেবিনেট মন্ত্ৰী অশোক সিংঘলৰ অধিনস্থ গৃহ নিৰ্মাণ আৰু নগৰ পৰিকল্পনা বিভাগৰ প্ৰস্তাৱ অনুসৰিয়েই কেবিনেটে এই সিদ্ধান্ত লৈছে। মন কৰিব লগীয়া বিষয় যে, জৱহাৰলাল নেহেৰু আৰবান ৰিনিউৱেবল মিছন , জাপান ইন্টাৰনেছনেল কো-অপাৰেছন এজেন্সী চমুকৈ জাইকা আৰু এছিয়ান ডেভেলপমেন্ট বেংকৰ অৰ্থ সাহায্যৰ দ্বাৰা গুৱাহাটীত যোৱা দুটা দশক ধৰি নিৰ্মিয়মান অৱস্থাতে থাকি মহানাগৰিকৰ ধৈৰ্যৰ বান্ধ ইতিমধ্যেই চিগি পেলোৱা পানী যোগান ‌প্ৰকল্প কেইটা এনে দামী বিষয়াৰ দ্বাৰাহে বাস্তৱায়িত কৰা সম্ভৱ বুলি দাবী কৰিছে খোদ বিভাগীয় মন্ত্ৰী অশোক সিংঘলে ।‌

এক বিভাগীয় সূত্ৰৰ মতে, গুৱাহাটী মেন্ট্ৰ পলিটান ড্ৰিংকিং ৱাটাৰ এন্ড ছূৱেৰেজ বৰ্ড অৰ্থাৎ জল বোৰ্ড নামে পৰিচিত সংস্থাটোৰ নতুন পৰিচালন সঞ্চালক গৰাকীৰ পূৰ্বে টাটা প্ৰজেক্ট লিমিটেড আৰু এল এন্ড টিত কাম কৰাৰ অভিজ্ঞতা আছে ।

যোৱা ১৫ ছেপ্টেম্বৰত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবে প্ৰকাশ কৰা এই নিযুক্তিৰ নিৰ্দেশ অনুসৰি প্ৰথম দুবছৰৰ বাবে এ. সম্পতে বছৰি ৫২ লাখকৈ দৰমহা লাভ কৰাৰ উপৰি বিভাগীয় আন সা-সুবিধা সমূহো লাভ কৰিব । এই গৰাকী পৰিচালন সঞ্চালকে ছাউথ গুৱাহাটী চেন্ট্ৰেল, ছাউথ গুৱাহাটী ৱেষ্ট, ছাউথ গুৱাহাটী ইষ্ট (ফেজ ৱান) আৰু নৰ্থ গুৱাহাটী ৱাটাৰ ছাপ্লাই প্ৰজেক্টৰ সম্পূৰ্ণ কৰণ আৰু পানী যোগানৰ কামৰ চোৱা-চিতা কৰিব বুলি‌ নিযুক্তি পত্ৰত উল্লেখ কৰা হৈছে ।

মন কৰিবলগীয়া যে চৰকাৰে অহা ২০২৩ চনৰ ১৫ ছেপ্টেম্বৰৰ ভিতৰত গুৱাহাটী মহানগৰীৰ আটাইকেইটা পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । আৰু সেই প্ৰেক্ষাপটলৈ আঙূলিয়াই চৰকাৰে কোনো ধৰনৰ বিজ্ঞাপন বা‌ নিবিদা ‌নোহোৱাকৈয়ে এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছে ।‌ দীৰ্ঘদিন ধৰি খোৱা পানীৰ সমস্যাত ভুগি অহা মহানগৰবাসীয়ে এতিয়া এনে নামী-দামী বিষয়াৰ নিযুক্তিৰ পিছত সুফল লাভ কৰে নে নাই সেয়া অৱশ্যে পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক : অখিল গগৈৰ বিৰুদ্ধে সৰৱ হোৱা কৃষক মুক্তিৰ দুই প্ৰাক্তন নেতা বিজেপিৰ এজেন্ট !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.