Garukhuti Project: গৰুখুটি কৃষি প্রকল্পৰ বাবে কোটি কোটি টকা খৰছ কৰি অনা ৩০০টা গৰুৰ নাছিল কোনো কাম

author img

By

Published : Mar 15, 2023, 10:18 PM IST

Garukhuti Project

গৰুখুটি কৃষি প্ৰকল্পৰ পৰা কিমান লাভৱান্বিত হৈছে অসম চৰকাৰ ? অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰশ্নোত্তৰ কালত গৰুখুটি প্ৰকল্পত চৰকাৰে কৰা ব্যয়ৰ তথ্য দাঙি ধৰিলে কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই ৷ গীৰ গাই কিনিবলৈ ধাৰ্য কৰা মুঠ ধনৰ পৰিমাণ আছিল 4 কোটি (Garukhuti agriculture project) ৷

গুৱাহাটী, 15 মাৰ্চ: বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰে আৰম্ভ হোৱা প্ৰশ্নোত্তৰ কালৰ সময়ত গৰুখুটি কৃষি প্ৰকল্প সম্পৰ্কে শাসক আৰু বিৰোধীৰ মাজত সৃষ্টি হোৱা বাক-বিতণ্ডাক লৈ সদনৰ মজিয়া উত্তাল হৈ পৰে ৷ গৰুখুটি কৃষি প্ৰকল্প সম্পৰ্কে বৰপেটা সদৰৰ কংগ্ৰেছৰ বিধায়ক আব্দুল ৰহিম আহমেদৰ প্ৰশ্ন উত্থাপন কৰিছিল ৷ তেওঁ অভিযোগ কৰিছিল যে এই প্ৰকল্প সম্পূৰ্ণ লোকচানত চলি আছে (Garukhuti agriculture project) ৷

তেওঁ চৰকাৰৰ তথ্য উল্লেখ কৰি কয়, ‘‘গৰুখুটি কৃষি প্ৰকল্পৰ নামত চৰকাৰে 900 কোটি টকা মোকলাই দিছে ৷ এই গৰুখুটি কৃষি প্ৰকল্পৰ পৰা এতিয়ালৈকে লাভ হৈছে মাত্ৰ 1 কোটি 11 লাখ 50 হাজাৰ টকা ৷ ইয়াৰ‌ পৰা অসমৰ ৰাইজৰ কিবা লাভ হৈছেনে ?’’ তেওঁ লগতে কয় যে গৰুখুটিৰ উচ্ছেদিত এজনো বিদেশী নোলাল ৷ গৰুখুটিৰ উচ্ছেদিতই অৰ্থনৈতিকভাৱে সবল কৰিছিল অসম চৰকাৰক (Garukhuti eviction) ৷

তেওঁ কটাক্ষ কৰি কয় যে গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা চৰকাৰী নিৰাপত্তা লৈ এ চি ৰুমত থাকি কেবিনেট মৰ্যাদা লৈ আছে ৷ ইয়াকে লৈ বিধায়ক পদ্ম হাজৰিকা জাঙুৰ খায় উঠে ৷ সদনত বিৰোধীয়ে হূলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ পাচত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ বিধায়ক আব্দুৰ ৰহিম আহমেদে অসম চৰকাৰে দৰং জিলাৰ গৰুখুটিত আৰম্ভ কৰা কৃষি প্ৰকল্পত চলিত বিত্তীয় বৰ্ষত মুঠতে কিমান কোটি টকা পুঁজি আৱণ্টন দিছিল আৰু তাৰে কিমান কোটি টকা এতিয়ালৈকে মোকলাই দিছে সেই সম্পৰ্কে প্ৰশ্ন কৰে (Expenditure on Garukhuti Project) ।

লগতে গৰুখুটি কৃষি প্ৰকল্পৰ বাবে অসম চৰকাৰে গুজৰাটৰ পৰা কিমানটা গীৰ গাই কিমান টকাত কিনি আনিছিল আৰু তাৰে কিমানটা গাই এতিয়া কৃষি প্ৰকল্পত আছে আৰু প্ৰতিদিনে কিমান লিটাৰ গাখীৰ উৎপাদন হয় সেই সম্পৰ্কে প্ৰশ্ন কৰে (Milk production in Garukhuti project) ৷

বিধানসভাত কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই ইয়াৰ উত্তৰ দি কয় যে অসম চৰকাৰে দৰং জিলাৰ গৰুখুটিত আৰম্ভ কৰা কৃষি প্ৰকল্পৰ চলিত বিত্তীয় বৰ্ষত 650.00 লাখ টকা আৱণ্টন দিছিল ৷ চলিত বিত্তীয় বর্ষ 2022-23 ত মুঠ 500.00 লাখ টকা মোকলাই দিয়া হৈছে ৷ তেওঁ জনায় যে গৰুখুটি কৃষি প্ৰকল্পৰ বাবে অসম চৰকাৰে গুজৰাটৰ পৰা প্ৰথম পৰ্যায়ত 98 টা গৰুৰ বাবদ ব্যয় হোৱা ধনৰ পৰিমান 82,06,625 টকা ৷ দ্বিতীয় পৰ্যায়ত 25 টা গৰু APART ৰ পৰা যোগান ধৰা হয় ৷ তৃতীয় পৰ্যায়ত 300 গৰু NDDB ৰ জৰিয়তে অনা হয় যদিও পৰবৰ্ত্তী পৰ্যায়ত এই 300 গৰু ঘূৰাই নিয়ে আৰু তাৰ বাবদ আবণ্টিত ধন খৰচ নোহোৱাকৈ প্ৰকল্পৰ একাউন্টত জমা আছে (Total expenditure of Garukhiti project) ৷

বর্তমান প্ৰকল্পত মুঠ 122 জনী গীৰ প্ৰজাতিৰ গাই গৰু আৰু এটা দমৰা গৰু আৰু 176 টা পোৱালি আছে ৷ গীৰ গাই কিনিবলৈ ধাৰ্য কৰা মুঠ ধনৰ পৰিমান আছিল 4 কোটি ৷ দৈনিক গড়ে 245 লিটাৰ গাখীৰ উৎপাদন হয় ৷ গৰুখুটি বহুমূখী কৃষি প্ৰকল্প সমিতি পৰিষদীয় সদস্যৰ 2022 ৰ 19 চেপ্তেম্বৰত প্ৰথম বৈঠকত দাঙি ধৰা তথ্য অনুসৰি বৰ্তমান দৈনিক ভাট্টাৰ বিনিময়ত 344 লোক (যুৱকৰ সংখ্যা 269 আৰু যুৱতীৰ সংখ্যা 75) প্ৰকল্পত কৰ্মৰত হৈ আছে ৷

লগতে পঢ়ক: Assam budget 2023: বাজেটত ৰাইজলৈ কি বতৰা আনিব ঋণগ্ৰস্ত চৰকাৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.