ETV Bharat / state

'জয়মালা'ৰ কাষলৈ শুকুৰবাৰে কোন কোন যাব: জনতা ভৱনত হ'ল সিদ্ধান্ত

'জয়মালা'ক ঘূৰ‍াই অনাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ(Assam government initiatives to bring back Joymala) ৷ বন বিষয়া, আৰক্ষী বিষয়া আৰু পশু চিকিৎসকৰ এটা দলে শুকুৰবাৰে তামিলনাডুত উপস্থিত হৈ 'জয়মালা'ক ঘূৰ‍াই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব ।

Assam government initiatives to bring back Joymala
'জয়মালা'ৰ কাষলৈ শুকুবাৰে কোন কোন যাব: জনতা ভৱনত হ'ল সিদ্বান্ত
author img

By

Published : September 1, 2022 at 10:44 PM IST

Choose ETV Bharat

গুৱাহাটী,১ ছেপ্টেম্বৰ: তামিলনাডুত আৱদ্ধ হৈ থকা অসমৰ 'জয়মালা' নামৰ দুৰ্ভগীয়া হাতীটোক ঘূৰ‍াই অনাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে অসম চৰকাৰে(Assam government initiatives to bring back Joymala) । উল্লেখ্য যে, অসমৰ পৰা 2008 চনত লৈ যোৱা জয়মালা নামৰ হাতীটোক তামিলনাডুত নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । ইয়াৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে ব্যৱস্থা গ্ৰহণৰ বাবে আগবাঢ়ি আহিছে ।

'জয়মালা'ৰ কাষলৈ শুকুবাৰে কোন কোন যাব: জনতা ভৱনত হ'ল সিদ্বান্ত
Assam government initiatives to bring back Joymala

তামিলনাডুত অসমৰ জয়মালাক কৰা অবৰ্ণনীয় অত্যাচাৰৰ প্ৰতি লক্ষ্য ৰাখি আজি সন্ধিয়া অসম চৰকাৰৰ পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত বন বিভাগৰ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এক বৈঠকত মিলিত হয় (CM meeting regarding jaymala)। বৈঠকৰ সিদ্ধান্ত মৰ্মে শুকুৰবাৰে বন বিষয়া, আৰক্ষী বিষয়া আৰু পশু চিকিৎসকক লৈ গঠন কৰা এটা দলে তামিলনাডুত উপস্থিত হৈ তামিলনাডু চৰকাৰ আৰু বন বিভাগৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনা কৰাৰ সমান্তৰালভাৱে হাতীটোৰ অৱস্থাৰ বুজ লৈ অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব ।

তামিলনাডুলৈ যাবলগীয়া দলটোৰ সদস্যসকল হৈছে অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হৃদেশ মিশ্ৰ, অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক তথা হস্তী বিশেষজ্ঞ পদ্মশ্ৰী ডাঃ কুশল কোৱঁৰ শৰ্মা, মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন আৰু তিনিচুকীয়াৰ জিলা পশু চিকিৎসা আৰু পশুপালন বিষয়া ডাঃ ৰূপজ্যোতি কাকতি ।

লগতে পঢ়ক: শুকুৰবাৰে তামিলনাডুলৈ যাব অসমৰ বন বিভাগৰ দল