Assam CM reaction regarding Kamatapur: 'কমতাপুৰ'ক লৈ অসমৰ সংবাদ মাধ্যমৰহে শংকা

author img

By

Published : Jan 21, 2023, 10:39 PM IST

Assam CM reaction regarding Kamatapur

অসম চৰকাৰৰ আতিথ্যত আছে কে এল অ'ৰ মুৰব্বী জীৱন সিংহ । দুই-এদিনতে সাক্ষাৎ কৰিব মুখ্যমন্ত্রীয়ে । কমতাপুৰৰ কথা কোনেও কোৱা নাই মুখ্যমন্ত্রীক(Assam CM reaction regarding Kamatapur) । পৰেশ বৰুৱাই ৰাইজৰ কথা শুনিব বিচাৰিছে । জনতা ভৱনত এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ২১ জানুৱাৰী: কে এল অ'ৰ মুৰব্বী জীৱন সিংহ বৰ্তমান অসম চৰকাৰৰ আতিথ্যত আছে(KLO Chief Jiban Singha in Assam) । এই কথা জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । জনতা ভৱনত শনিবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয় যে কে এল অ'ৰ মুৰব্বী জীৱন সিংহৰ সৈতে ফোনত কথা হয় যদিও সাক্ষাৎ হোৱা নাই । অৱশ্যে দুই-এদিনতে জীৱন সিংহক সাক্ষাৎ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে । মুখ্যমন্ত্রীয়ে লগতে কয় যে জীৱন সিংহই তেওঁক ভাইটি বুলি সম্বোধন কৰে আৰু তেওঁ দাদা বুলি সম্বোধন কৰে(KLO Chief Jiban Singha comes to peace talk) ।

পৃথক কমতাপুৰৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে কমতাপুৰৰ প্ৰসংগটো অসমৰ সংবাদ মাধ্যমৰ সৃষ্টি । অসমৰ সংবাদ মাধ্যমৰহে কমতাপুৰক লৈ শংকা হৈছে । বিগত ১৫ দিনত পশ্চিমবংগৰ এখনো বাতৰি কাকতত কমতাপুৰৰ কোনো উল্লেখ নাই বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে পশ্চিমবংগত কোনো শংকা হোৱা নাই । তেওঁ লগতে কয় যে কোনেও কমতাপুৰৰ কথা তেওঁক কোৱা নাই । এই সন্দৰ্ভত কোনো ধৰণৰ আলোচনা হোৱা নাই । ক'ৰ পৰা আহিল এই 'কমতাপুৰ' বুলি তেওঁ ওলোটাই প্ৰশ্ন কৰে(Assam CM reaction regarding Kamatapur) ।

আনকি তেওঁ এই সন্দৰ্ভত মুখ্য সচিবকো সুধিছিল কিবা বিষয় আছে নেকি বুলি । কিন্তু মুখ্য সচিবে একো নাই বুলি জনাইছিল । তেওঁ সংবাদ মাধ্যমক ৰাজ্যৰ শান্তি বিঘ্নিত হোৱা বাতৰি পৰিৱেশনৰ বিপৰীতে ইতিবাচক খবৰবোৰত গুৰুত্ব দিয়াৰ বাবে আহ্বান জনায় । কে এল অ'ৰ কিবা আলোচনা হ'লে ভাৰত চৰকাৰৰ লগত হ'ব বুলি তেওঁ কয়।

ইফালে আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাৰ প্ৰসংগত তেওঁ কয়, কথা হৈ থাকে যদিও মই ভগৱান নহয়তো যে মই ডেডলাইন দিম ৷ তেনে হিম্মত মোৰ নাই ৷ মই মুখ্যমন্ত্ৰীহে । তেওঁ লগতে কয়, 'ৰাইজে আহ্বান কৰক পৰেশ বৰুৱাক যে 'সাৰ্বভৌমত্ব' আমাক নালাগে বুলি । তেওঁ ৰাইজৰ কথা শুনিব বিচাৰিছে । পৰেশ বৰুৱা ঘূৰি অহাৰ ক্ষেত্ৰত অসমৰ সংবাদ মাধ্যমে ভূমিকা গ্ৰহণ কৰক । অসমৰ ৰাইজে কি বিচাৰে সেয়া প্ৰকাশ কৰক ।'

আনহাতে এন আৰ চিৰ ভিত্তি বৰ্ষৰ প্ৰসংগত তেওঁ কয় যে ভিত্তিবৰ্ষ ১৯৫১ চন হ'লে ভাল হয় । ১৯৭১ চনৰ ভিত্তি বৰ্ষটো চুক্তি মৰ্মে হৈছে । অসম চৰকাৰে এইক্ষেত্রত চুক্তি কৰিছে । বিজেপিয়ে ১৯৫১ চন হোৱাটো বিচাৰে । লগতে 'কা' বিচাৰে ।

লগতে পঢ়ক: UNESCO World Heritage Site: বিশ্ব ঐতিহ্য ক্ষেত্রৰ বাবে মনোনীত চৰাইদেউ মৈদাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.