Har Ghar Tiranga Abhiyan: বিশিষ্ট ব্যক্তি, ৰাজনীতিক, সাংবাদিকক জাতীয় পতাকা উপহাৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 10, 2022, 10:51 PM IST

Chief Minister presents tricolour flag to eminent personalities politicians journalists

প্ৰাক্তন সাংসদ নাৰায়ণ বৰকটকী, বিশিষ্ট সাংবাদিক যদু কাকতি আৰু প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ বাসগৃহত ৰাজ্যৰ মুখ্যমন্ত্ৰী (Har Ghar Tiranga Abhiyan) । শৰণীয়াস্থিত কস্তুৰবাগান্ধী আশ্ৰম আৱাসীসকলক হস্ততাঁতেৰে নিৰ্মিত জাতীয় পতাকা উপহাৰ । স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ আহ্বান মুখ্যমন্ত্ৰীৰ ।

গুৱাহাটী, ১০ আগষ্ট: স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi ka Amrut Mahotsav) উদযাপনৰ লগত সংগতি ৰাখি ‘হৰ ঘৰ ত্ৰিৰংগা’ (Har Ghar Tiranga Abhiyan) কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাগৰাকী বিশিষ্ট ব্যক্তি, ৰাজনীতিক, সাংবাদিকৰ গৃহলৈ গৈ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে (Assam CM presents national flags to various people) ।

মুখ্যমন্ত্ৰীয়ে পোনতে প্ৰাক্তন সাংসদ তথা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি নাৰায়ণ বৰকটকীৰ (Former MP Narayan Barkataki) ৰুক্মিনীগাঁও পথস্থিত বাসগৃহলৈ গৈ অসমীয়া শিপিনীয়ে তাঁত শালত বোৱা জাতীয় পতাকা উপহাৰ দিয়াৰ লগতে তেওঁৰ সৈতে বাৰ্তালাপ কৰে ।

Chief Minister presents tricolour flag to eminent personalities politicians journalists
বিশিষ্ট ব্যক্তি, ৰাজনীতিক, সাংবাদিকক জাতীয় পতাকা উপহাৰ মুখ্যমন্ত্ৰীৰ

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে হেঙেৰাবাৰীৰ হাউচিং কমপ্লেক্সস্থিত বাসগৃহত বিশিষ্ট সাংবাদিক যদু কাকতিক সাক্ষাৎ কৰি জাতীয় পতাকা উপহাৰ দিয়ে। মুখ্যমন্ত্ৰীয়ে বিশিষ্ট সাংবাদিকগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সম্পর্কতো মত-বিনিময় কৰে । ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ শৰণীয়াস্থিত কস্তুৰবাগান্ধী আশ্ৰমত উপস্থিত হয় । আশ্ৰমত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ পদৰেণুৰে ৰঞ্জিত আশ্ৰমখনৰ আৱাসীসকলক তেওঁ হস্ততাঁতেৰে নিৰ্মিত জাতীয় পতাকা উপহাৰ হিচাপে আগবঢ়ায় ।

Chief Minister presents tricolour flag to eminent personalities politicians journalists
বিশিষ্ট ব্যক্তি, ৰাজনীতিক, সাংবাদিকক জাতীয় পতাকা উপহাৰ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীয়ে আশ্ৰমখনৰ আন্তঃগাঁথনি উন্নয়নৰ সন্দৰ্ভতো আৱাসীসকলৰ সৈতে মত বিনিময় কৰে । ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ পূব শৰণীয়াস্থিত বাসগৃহলৈ গৈ স্বাধীনতাৰ অমৃত মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জাতীয় পতাকা উপহাৰ হিচাপে আগবঢ়ায় ।

Chief Minister presents tricolour flag to eminent personalities politicians journalists
বিশিষ্ট ব্যক্তি, ৰাজনীতিক, সাংবাদিকক জাতীয় পতাকা উপহাৰ মুখ্যমন্ত্ৰীৰ

১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী পালনৰ লগতে জাতীয় পতাকা ইজনে সিজনক উপহাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানকল্পে জাতীয় পতাকা উপহাৰৰ এই মধুৰতম পদক্ষেপ অব্যাহত ৰখা বুলি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জানিব দিয়ে (CM Himanta Biswa Sarma)।

এই সাক্ষাৎকালৰ সময়ত ৰাজ্য সভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কুইন ওজা, অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননী গোপাল মহন্ত উপস্থিত থাকে।

লগতে পঢ়ক: Azadi ka Amrut Mahotsav: ৰাজ্যজুৰি আজাদী কা অমৃত মহোৎসৱৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.