মুকলি হ’ল ১৪৯.০৭ কোটি টকা ব্যয়েৰে নিৰ্মিত আৰ্য নগৰ উৰণ সেতু

author img

By

Published : Sep 30, 2022, 5:20 PM IST

Assam CM inaugurates Arya Nagar Flyover

শুকুৰবাৰে উদ্বোধন কৰা হয় মহানগৰীৰ গড়ভঙা পথৰ আৰ্য নগৰ চাৰিআলিৰ ওপৰত নিৰ্মাণ কৰা উৰণীয়া সেতুখন (Assam CM inaugurates Arya Nagar Flyover) ৷ এই সেতুখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

গুৱাহাটী, ৩০ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ (পথ) বিভাগে নিৰ্মাণ কৰা মহানগৰীৰ গড়ভঙা পথৰ আৰ্য নগৰ চাৰিআলিৰ ওপৰত নিৰ্মাণ কৰা উৰণীয়া সেতুখন শুক্ৰবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় (Assam CM inaugurates Arya Nagar Flyover) ৷ এই উৰণীয়া সেতুখন শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত উদ্বোধন কৰা এই উৰণীয়া সেতুখনৰ দৈৰ্ঘ্য ৭৯০ মিটাৰ (New Flyover in Guwahati) ৷ এই সেতুখন নিৰ্মাণ কৰাৰ বাবে ব্যয় হৈছে ১৪৯.০৭ কোটি টকা ৷ এই উৰণীয়া সেতুখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘দীৰ্ঘদিন ধৰি গুৱাহাটীবাসীৰ বাবে এই স্থানত এখন উৰণ সেতুৰ প্ৰয়োজনীয়তা আছিল । ২০২১ চনৰ ফেব্ৰুৱাৰীত এই সেতুখনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ৷ ২০২৩ চনৰ আগষ্টত অৰ্থাৎ ৩০ মাহৰ ভিতৰত এই সেতুখন সম্পূৰ্ণ কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছিল ৷ কিন্তু ১৯ মাহৰ ভিতৰত অৰ্থাৎ এই বৰ্ষৰ ছেপ্টেম্বৰতে এই কাম সম্পূৰ্ণ হৈ উঠিল’’ ৷

এই উৰণ সেতুখনে যান-জঁট হ্ৰাস কৰাৰ লগতে মহানগৰবাসীৰ বাবে যাতায়াত ব্যৱস্থা অধিক সুচল কৰি তুলিব । সেতুখন নিৰ্মাণৰ সৈতে জড়িত লোকনিৰ্মাণ (পথ) বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু প্ৰতিষ্ঠান মেছাৰ্ছ হাই-টেক কনষ্ট্ৰাকচনৰ বিষয়ববীয়াসকলৰ কামৰ শলাগ লৈ সকলোকে ধন্যবাদ জনাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তেওঁ লগতে কয়, ‘‘গুৱাহাটীক বিকাশৰ নতুন দিগন্তলৈ নিয়াৰ বাবে আমি প্ৰচেষ্টা লৈছো ৷ মহানগৰবাসীৰ সুচল যাতায়াতৰ সুবিধাৰ্থে দীঘলীপুখুৰী পাৰৰ সন্দিকৈ কলেজৰ সমীপৰ পৰা বামুণীমৈদামলৈকে ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু এখন নিৰ্মাণৰ হেতু প্ৰাককলন সাজু হৈছে ৷ আৰ্য কলেজৰ পৰা লখৰালৈ যাতায়াতৰ সুবিধাৰ্থে চাইকেল ফেক্টৰীৰ পৰা নতুন উৰণ সেতু এখন নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছে’’ ৷

মুকলি হ’ল ১৪৯.০৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আৰ্য নগৰ উৰণসেতু

লগতে পঢ়ক : বাতিল হ’ল অমিত শ্বাহৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া যোগদান কাৰ্যসূচী

তদুপৰি গুৱাহাটীক ৰিং ৰোডেৰে আৱদ্ধ কৰাৰ কাম অহা বছৰ আগষ্টৰ পৰা আৰম্ভ কৰা হ’ব । আনহাতে, খানাপাৰাৰ পৰা বিমান বন্দৰলৈ ৰ'পৱে নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে । চানমাৰিত উদ্যান নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে । ইপিনে কোনো লোকে মাটি ক্ৰয় কৰিলে সম্পত্তিৰ কৰ, ইলেক্ট্ৰিচিটিৰ নাম সলনি, মাটিৰ নামজাৰি আদি কাম চাৰিটা অফিচলৈ নগৈ একেলগে কৰাৰ ব্যৱস্থা কৰা হ’ব । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে, গুৱাহাটী পৌৰ নিগমৰ ২৫-২৬ টা সেৱা ডিজিটাইজেচনৰ ওপৰত ভিত্তি কৰা অনুষ্ঠানলৈ ৰূপান্তৰ কৰিব লাগে । চৰকাৰক যিমানে ৰঙাফিটাৰ মাজৰ পৰা চৰকাৰক উলিয়াই যিমানে আনিব ৰাইজৰ মাজত সিমানে গ্ৰহণযোগ্যতা বৃদ্ধি পাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

আনহাতে, গুৱাহাটীৰ ৱাৰ্ডবোৰৰ ভিতৰুৱা নলা নৰ্দমা পথ নিৰ্মাণৰ বাবে প্ৰতিটো ৱাৰ্ডতে ১০ কোটি টকাকৈ দিয়া হ’ব । চৰকাৰে মুঠ ৬০০ কোটি টকাৰ ৰোড ডেভলপমেন্ট প্ৰজেক্ট (Road Development Project) হাতত লৈছে বুলি মন্তব্য কৰে ।

উল্লেখ্য যে, শুকুৰবাৰে উৰণীয়া সেতু উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহাল, সাংসদ কুইন ওজা, বিধায়ক অতুল বৰা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি অসমৰ চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গসকল ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে গান্ধীনগৰ-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.