গৰুখুঁটিৰ হিংসাত্মক পৰিস্থিতিৰ বাবে এটা বিশেষ সংগঠনক দোষাৰোপ মুখ্যমন্ত্ৰীৰ

গৰুখুঁটিৰ হিংসাত্মক পৰিস্থিতিৰ বাবে এটা বিশেষ সংগঠনক দোষাৰোপ মুখ্যমন্ত্ৰীৰ
দৰং জিলাৰ গৰুখুঁটিত উচ্ছেদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবে এটা বিশেষ সংগঠন দায়ী । সংগঠনটোৱে উচ্ছেদ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দি লোকসকলৰ পৰা ২৮ লাখ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।
গুৱাহাটী, ২৬ ছেপ্টেম্বৰ : দৰং জিলাৰ গৰুখুঁটিৰ উচ্ছেদ অভিযানৰ সময়ত সংঘটিত ঘটনাক লৈ সমগ্ৰ দেশতে চৰ্চা চলিছে । ইতিমধ্যে এই ঘটনাৰ তদন্ত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) । ইফালে ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰীৰ আন এক গুৰুত্বপূৰ্ণ মন্তব্য । মুখ্যমন্ত্ৰীয়ে দাবী কৰা মতে উচ্ছেদৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগত এটা সংগঠন জড়িত আছিল ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা মতে এই হিংসাত্মক ঘটনাৰ লগত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (PFI) জড়িত আছিল । উচ্ছেদ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দি সংগঠনটোৱে সেই অঞ্চলৰ লোকসকলৰ পৰা ২৮ লাখ টকা সংগ্ৰহ কৰিছিল । ইতিমধ্যে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ বিৰুদ্ধে এক ফাইল প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে ৷ তদুপৰি সংগঠনটোক নিষিদ্ধ ঘোষণা কৰিবলৈ কেন্দ্ৰলৈ সেই ফাইল প্ৰেৰণ কৰিছে ।
সংগঠনটোৱে গৰুখুঁটিৰ পৰিয়ালবোৰক উচ্ছেদ বন্ধ কৰাৰ আশ্বাস দিয়াৰ লগতে চৰকাৰক উচ্ছেদ নকৰিবলৈ মান্তি কৰাৰ প্ৰতিশ্ৰুতি দিছিল । এই প্ৰতিশ্ৰুতিৰ লগতে যোৱা তিনি মাহত ভূমিহীন পৰিয়ালখিনিৰ পৰা সংগঠনটোৰ হৈ এগৰাকী শিক্ষক আৰু প্ৰায় ৬ গৰাকী লোকে ২৮ লাখ টকা সংগ্ৰহ কৰা বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে ।
মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰশ্ন, হঠাৎ সেই স্থানত ১০ হাজাৰ লোক কেনেদৰে একত্ৰিত হৈ আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিব পাৰিলে ?
মুখ্যমন্ত্ৰীৰ মতে, সংগঠনটোৱে উচ্ছেদ বন্ধ কৰাত ব্যৰ্থ হৈছিল ৷ যাৰ বাবে এই বৃহৎ সংখ্যক লোকক একত্ৰিত কৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰি লাঠি-অস্ত্ৰৰে আৰক্ষীক আক্ৰমণ কৰিছিল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মতে পিএফআই আৰু অন্যান্য ষড়যন্ত্ৰকাৰীসকলৰ বিৰুদ্ধে চৰকাৰৰ হাতত পৰ্যাপ্ত তথ্য আছে । ঘটনাৰ ন্যায়িক তদন্ত আৰম্ভ হ'লে আৰু অধিক তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে ।
ইফালে ইয়াৰ পূৰ্বে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাক (AAMSU) মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল যে সকলো ভূমিহীন পৰিয়ালক ছয় বিঘা মাটি প্ৰদান কৰিব চৰকাৰে । কিন্তু আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে দাবী কৰা মতে, এতিয়ালৈ ক্ষতিগ্ৰস্ত দৰিদ্ৰ লোকসকলক কোনো ভূমি বা ক্ষতিপূৰণ দিয়া হোৱা নাই । তেওঁৰ মতে উচ্ছেদিত লোকসকলে এতিয়া খোৱাপানী, অনাময় সুবিধা অবিহনে অস্থায়ী বাসস্থানত আছে ।
উল্লেখ্য যে, উচ্ছেদৰ সময়ত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিত শ্বেখ ফৰিদ নামৰ এজন ১২ বছৰীয়া কিশোৰ আৰু ২৮ বছৰীয়া মইনুল হক নামৰ এজন লোকৰ মৃত্যু হৈছিল । ইয়াৰ মাজতে প্ৰশাসনৰ এগৰাকী ফটোগ্ৰাফাৰে মৃতদেহৰ ওপৰত জপিয়াই পৰা ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল । অৱশ্যে ফটোগ্ৰাফাৰজনক পৰৱৰ্তী সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
ইফালে, অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্টৰ (AIUDF) এটা প্ৰতিনিধি দলে শনিবাৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰে ৷ উচ্ছেদ অভিযানৰ সময়ত গুলীচালনাত নিহতসকলৰ পৰিয়ালৰ বাবে ২০ লাখ টকা আৰু আহতসকলৰ বাবে ১০ লাখ টকাৰ ক্ষতিপূৰণ দাবী কৰে । উচ্ছেদ কৰা পৰিয়ালবোৰৰ বাবে খেতিৰ উদ্দেশ্যে ছয় বিঘা ভূমি আৰু ঘৰ নিৰ্মাণৰ বাবে এক বিঘাকৈ ভূমি প্ৰদানৰো দাবী কৰে এআইইউডিএফ দলে ।
লগতে পঢ়ক: অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ বিৰুদ্ধে বিধানসভা অধ্যক্ষক অভিযোগ কংগ্ৰেছ বিধায়িনী দলৰ
