Assam Cabinet Decision: নতুনকৈ ৫৮ লাখ স্মাৰ্ট মিটাৰ বহুৱাই বিজুলী বিলৰ সমস্যা সমাধানৰ চিন্তা

author img

By

Published : Nov 9, 2022, 5:49 PM IST

Updated : Nov 9, 2022, 7:51 PM IST

Assam Cabinet Decision

অসমত লগোৱা হ'ব ৫৮ লাখ স্মাৰ্ট মিটাৰ (Smart Electricity Meters in Assam )। নতুন স্মাৰ্ট মিটাৰ সৈতে ৩০ দিনৰ বাবে থাকিব পুৰণা মিটাৰ । হাটশিঙিমাৰি, ছালাকাটি আৰু বৰপেটাত তিনিটা পাৱাৰ গ্ৰীড নিৰ্মাণৰ বাবে ৫৬.৭৪ কোটি টকাৰ অনুমোদন । পুলিচ বেটেলিয়ানত প্ৰশিক্ষণ দিয়াৰ বাবে নিয়োগ কৰা হ'ব ৩৪ গৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া । দিয়া হ'ব অতিৰিক্ত আৰক্ষী অধীক্ষক (প্ৰশিক্ষণ) পদবীৰ মৰ্যাদা । এ পি এছ আৰু এ চি এছৰ পদোন্নতিৰ ক্ষেত্ৰত কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । লাচিত দিৱসৰ কাৰ্যসূচীকলৈ কেবিনেটত বিশদ আলোচনা ।

গুৱাহাটী, ৯ নৱেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক (Assam cabinet meeting)। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।

এ পি ডি চি এলে অসমত ৫৮ লাখ স্মাৰ্ট মিটাৰ লগোৱাৰ প্ৰয়াস কৰিছে আৰু আজিৰ কেবিনেটে এইক্ষেত্ৰত অনুমোদন জনায় (Smart Electricity Meters in Assam )। লগতে কেবিনেটে আন এক সংযোজন ঘটায় । নতুন স্মাৰ্ট মিটাৰৰ সৈতে ৩০ দিনৰ বাবে পুৰণা মিটাৰো থাকিব । যাতে বিলৰ তাৰতম্য উপভোক্তাই উপলব্ধি কৰিব পাৰে । কোনো বিসংগতি নাথাকিলে এমাহৰ পাছত পূৰণা মিটাৰটো আঁতৰাই দিয়া হ'ব ।

আনহাতে কেবিনেটে হাটশিঙিমাৰি, ছালাকাটি আৰু বৰপেটাত তিনিটা পাৱাৰ গ্ৰীড বনোৱাৰ বাবে ৫৬.৭৪ কোটি টকাৰ অনুমোদন জনায় (New power grid in Assam)। সেইদৰে অসম আৰক্ষীক আৰু অধিক শক্তিশালী কৰাৰ বাবে ৩৪ গৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া লোৱাৰ বাবে বুধবাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে । অৱসৰপ্ৰাপ্ত সেনা বিষয়াসকল মেজৰ নাইবা কৰ্ণেল পদবীৰ হ'ব । তেওঁলোকৰ কাম হ'ব সকলো পুলিচ বেটেলিয়ানত প্ৰশিক্ষণ দিয়া আৰু তেওঁলোক অতিৰিক্ত আৰক্ষী অধীক্ষক (প্ৰশিক্ষণ) পদবীৰ হ'ব । তেওঁলোকে অসম আৰক্ষীৰ বিশেষ উপ-মহা পৰিদৰ্শকক (প্ৰশিক্ষণ) ৰিপৰ্ট কৰিব ।

আনহাতে এ পি এছ আৰু এ চি এছৰ পদোন্নতিৰ ক্ষেত্ৰত আজিৰ কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । আই এ এছ আৰু আই পি এছৰ চিষ্টেমত এ পি এছ আৰু এ চি এছকো অনা হৈছে । এতিয়াৰে পৰা পদোন্নতি সময়মতে হ'ব । ২৩ আৰু ২৪ নৱেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত(Vigyan Bhawan Delhi) প্ৰথমবাৰৰ বাবে লাচিত দিৱস উদযাপন কৰা হ'ব (Lachit Divas in Delhi) । উক্ত অনুষ্ঠানৰ ২৩ নৱেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ২৪ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থাকিব । আজিৰ কেবিনেটত এই বিষয়ত বিশদভাৱে আলোচনা কৰা হয় ।

নতুনকৈ ৫৮ লাখ স্মাৰ্ট মিটাৰ বহুৱাই বিজুলী বিলৰ সমস্যা সমাধানৰ চিন্তা

অসমৰ পৰা প্ৰথিতযশা ব্যক্তি আৰু বুৰঞ্জীৰ ছাত্ৰক দিল্লীলৈ নিমন্ত্ৰণ জনোৱা হ'ব । দুখন সন্মিলনৰ উপৰি প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে । লাচিত দিৱসৰ বাবে মূল সমিতি গঠন কৰা হৈছে । তদুপৰি কেইবাখনো উপ-সমিতি গঠন কৰা হৈছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত থকা মূল সমিতিখনত ৩৫ গৰাকী সদস্য আছে । আনহাতে উপ-সমিতিসমূহতো মন্ত্ৰী-বিধায়ককে ধৰি আমোলা-বিষয়াক দায়িত্ব দিয়া হৈছে ।

লগতে পঢ়ক : Srimanta Sankaradeva Kalakshetra: ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে শংকৰদেৱ কলাক্ষেত্ৰই

Last Updated :Nov 9, 2022, 7:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.