Assam Cabinet decisions: অগৰু-প্লাইউড উদ্যোগৰ বাবে নতুন বিধিত অনুমোদন কেবিনেটৰ

author img

By

Published : Oct 29, 2022, 9:54 PM IST

Decision of Cabinet meeting

মুখ্যমন্ত্রী হিমন্ত বিশ্বৰ সভাপতিত্বত শনিবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকখন (Decision of Cabinet meeting) । কেবিনেটে উডবেচড উদ্যোগৰ উন্নয়নৰ বাবে কেতবোৰ নতুন নিয়ম নিৰ্ধাৰণ কৰে ৷ একেদৰে নৱেম্বৰ মাহৰ পৰা বসুন্ধৰা-২ কাম কাজ আৰম্ভ কৰাৰ সিদ্ধান্ত লয় কেবিনেটে ৷ কেবিনেটে অন্যান্য পিছপৰা শ্ৰেণীৰ(OBC) তালিকাত নেপালী সম্প্ৰদায়সমূহৰ উপজাতি লিহুৰ সংশোধন কৰি 'লিম্বু' কৰে ।

গুৱাহাটী, ২৯ অক্টোবৰ: ৰাজ্যৰ উদ্যোগখণ্ডক অগ্ৰাধিকাৰ দিয়াৰ বাবে অসম কেবিনেটে সিদ্ধান্ত লৈছে ৷ সেই অনুসৰি কেবিনেটে দ্যা আছাম উডবেচড ইণ্ডাষ্ট্রিজ প্রমোচন এণ্ড ডেভেলপমেন্ট ৰুলচ-২০২২ত শনিবাৰে অনুমোদন জনায় । একেদৰে বসুন্ধৰা-২ ৰ কাম নৱেম্বৰ মাহৰ পৰা আৰম্ভ কৰাৰো সিদ্ধান্ত লয় অসম কেবিনেটে ।

মন্ত্রী জয়ন্ত মল্ল বৰুৱা

উল্লেখ্য যে, মুখ্যমন্ত্রী হিমন্ত বিশ্বৰ সভাপতিত্বত শনিবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকখন অনুষ্ঠিত হয়(Decision of Cabinet meeting) । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ।

কেবিনেটে দ্যা আছাম উডবেচড ইণ্ডাষ্ট্রিজ প্রমোচন এণ্ড ডেভেলপমেন্ট ৰুলচ-২০২২ত অনুমোদন জনাই উডবেচড উদ্যোগৰ উন্নয়নৰ বাবে কেতবোৰ নতুন নিয়ম নিৰ্ধাৰণ কৰে ৷ ইয়াৰ দ্বাৰা অগৰু আৰু প্লাইউডৰ উদ্যোগ লাভৱান হ'ব । আনহাতে কেবিনেটে মিছন বসুন্ধৰা-২ৰ ক্ষেত্রত অনুমোদন জনায় । নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা-২(Mission Basundhara 2) ৰ কাম কাজ ।

আজিৰ কেবিনেটে এটা গুৰুত্বপূৰ্ণ সংশোধনীও কৰে । ৰাজ্যিক অন্যান্য পিছপৰা শ্ৰেণীৰ(OBC) তালিকাৰ চিৰিয়েল নম্বৰ ১৭ত নেপালী সম্প্ৰদায়সমূহৰ উপজাতিসমূহৰ বিৱৰণ কৰা হৈছিল ৷ তাত 'লিম্বু'ৰ সলনি 'লিহু' হৈ আছিল । যাৰ বাবে লিম্বুসকল নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল । আজিৰ কেবিনেটে ইয়াৰ সংশোধন কৰি লিহুৰ স্থানত তেওঁলোকক লিম্বু কৰে ।

আনহাতে তালিকাত অন্তৰ্ভুক্ত নথকা নেপালী সম্প্ৰদায়ৰ 'ভুজেল' সম্প্ৰদায়ক আজিৰ কেবিনেটে অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰে । সেইদৰে অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাৰ চিৰিয়েল নম্বৰ ১৪ত মৰাণ-মটক সম্প্ৰদায় একেলগে আছিল । আজিৰ কেবিনেটে দুটা সম্প্ৰদায়ক পৃথক পৃথক কৰে । মৰাণ সম্প্ৰদায় চিৰিয়েল নম্বৰ ১৪ ত থাকিব আৰু মটক সম্প্ৰদায় চিৰিয়েল নম্বৰ ৩৩ ত থাকিব । এতিয়াৰে পৰা দুটা সম্প্ৰদায়ে পৃথক পৃথক পৰিচয় লাভ কৰিব ।

লগতে পঢ়ক: Distribution of Appointment Letter: ৬৫৫গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.