BJP Rath Yatra: কংগ্ৰেছৰ দৰেই ধুবুৰীৰ পৰা বিজেপিয়েও আৰম্ভ কৰিব ৰথ যাত্ৰা

author img

By

Published : Nov 16, 2022, 9:07 PM IST

JP to start Rath Yatra in Assam

ভাৰত জোড়ো যাত্ৰাক লৈ আত্মবিশ্বাস বাঢ়িছে ভূপেন বৰাৰ ৷ ধুবুৰীৰ পৰা আৰম্ভ কৰা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই (Bharat Jodo Yatra of Congress) অসমত বিজেপিক বাৰুকৈয়ে স্পৰ্শ কৰিছে নেকি ? কিয়নো ধুবুৰী পৰা ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰি কংগ্ৰেছে গুৱাহাটী পোৱাৰ সময়তে বিজেপিয়ে বৃহস্পতিবাৰৰ পৰা ধুবুৰীত আৰম্ভ কৰিব ৰথ যাত্ৰা (BJP to start Rath Yatra in Assam) ৷

গুৱাহাটী, 16 নৱেম্বৰ: কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা বনাম বিজেপিৰ ৰথ যাত্ৰা (Bharat Jodo Yatra of Congress) ৷ ভূপেন বৰাক দেখি গা উঠিল ভৱেশ কলিতাৰো ৷ ভাৰত জোড়োৰ যাত্ৰাৰ প্ৰভাৱ নিস্তেজ কৰাৰ চেষ্টা বিজেপিৰ ৷ ধুবুৰীৰ পৰাই বিজেপিয়ে উলিয়াব ৰথ যাত্ৰা (BJP to start Rath Yatra in Assam) ৷ ধুবুৰী পৰা ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰি কংগ্ৰেছে গুৱাহাটী পোৱাৰ সময়তে বিজেপিয়ে বৃহস্পতিবাৰে ধুবুৰীত আৰম্ভ কৰিব ৰথ যাত্ৰা ৷

APCCৰ সভাপতি ভূপেন বৰাই শেহতীয়াকৈ ধুবুৰীৰ পৰা আৰম্ভ কৰিছিল ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra in Assam) ৷ বুধবাৰে আহি কংগ্ৰেছৰ এই যাত্ৰা সোমাইছেহি গুৱাহাটীত ৷ কংগ্ৰেছৰ দুৰ্দিনত লাভ কৰিছে কিছু সমাদৰো ৷ কংগ্ৰেছৰ ভূপেন বৰাই যদি পাৰে, কিয় নোৱাৰিব বিজেপিৰ ভৱেশ কলিতাই ৷
কংগ্ৰেছক যেন অনুসৰণ কৰি ৰাজ্যিক বিজেপিয়ে এইবাৰ উলিয়াইছে ৰথ যাত্ৰা ৷ এই যাত্ৰা আৰম্ভণি কৰিব ধুবুৰীৰ পৰাই ৷ য’ৰ পৰা প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিছিল ভাৰত জোড়ো যাত্ৰা ৷ বিজেপিয়ে এই ৰথ যাত্ৰাৰ নাম দিছে 'গাঁও সম্পৰ্ক যাত্ৰা' (Gaon samparka Yatra of BJP) ৷ কাইলৈ ১৭ নৱেম্বৰত ভাৰতীয় জনতা পাৰ্টিৰ অনূসুচিত মৰ্চাৰ উদ্যোগত ধুবুৰীৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰাজ্যৰ অনুসূচিত লোকক স্পৰ্শ কৰিব পৰাকৈ আৰম্ভ কৰিব ৰথ যাত্ৰা (BJP to start Rath Yatra from Dhubri) ৷

পুৱা দহ বজাত ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ জিনকাটাৰ পৰা উলিয়াব লগা ৰথ যাত্ৰাৰ লগতে বিশাল মটৰ চাইকেল যাত্ৰা কালডোৱা, সত্ৰশাল, ঝসকাল হৈ বিষখোৱাত উপস্থিত হ’ব ৷ পিছত দুপৰীয়া গোলকগঞ্জ বিধানসভা সমষ্টিৰ পৰা যাত্ৰা আৰম্ভ কৰি গোলকগঞ্জ বজাৰৰ মাজমজিয়াদি ধুবুৰী বিধানসভা সমষ্টিৰ কালাহাট, ধৰ্মশালা হৈ ধুবুৰীৰ এঘাৰ নং ৱাৰ্ডত উপস্থিত হ’ব ৷ এই স্থানতে সভাৰ আয়োজন কৰিছে বিজেপিয়ে ৷ এই সভাতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৰাইজক সম্বোধন কৰিব (BJP rally in Assam) ৷

১৮ নৱেম্বৰৰ পুৱা ধুবুৰীৰ পৰা গৌৰীপুৰ বিধানসভা মষ্টিত প্ৰৱেশ কৰিব বিজেপিৰ ৰথ যাত্ৰা ৷ সেইদিনা গৌৰীপুৰ নগৰেদি গৈ আশাৰীকান্দিত উপস্থিত হ’ব ৷ আশাৰীকান্দীতো আয়োজন কৰা হৈছে বিজেপিৰ জনসভা ৷ পিছদিনা গৌৰীপুৰ সমষ্টিৰ পৰা বিলাসীপাৰাত প্ৰৱেশ কৰিব এই যাত্ৰা ৷

ধুবুৰীৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ প্ৰভাৱ স্তিমিত কৰিবলৈকে যে বিজেপিয়ে একে ঠাইৰপৰা এই ৰথ যাত্ৰা আয়োজন কৰিছে সেয়া স্বাভাৱিকতেই অনুমেয় ৷ ৰাজ্যৰ ৫ টা প্ৰান্তৰ পৰা বিজেপিয়ে উলিয়াব এই যাত্ৰা ৷ আটাইকেইখন ৰথ আহি লগ লাগিব বৰপেটাত ৷ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক প্ৰতি নিয়ত সমালোচনা বা হেয় কৰিলেও এই যাত্ৰাই যে বিজেপিক কিছু পৰিমাণে হ’লেও চিন্তাত পেলাইছে সেয়া স্পষ্ট হৈ পৰিছে ৷

লগতে পঢ়ক: Basundhara 2 Mission : মাটিৰ দালালেহে নিয়ন্ত্ৰণ কৰিছে ৰাজ্যৰ চৰকাৰী ব্যৱস্থা : অজাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.