খানাপাৰাত দ্বিতীয়টো বৃহৎ নিযুক্তি পত্র বিতৰণ অনুষ্ঠান

author img

By

Published : Sep 23, 2022, 9:27 AM IST

Updated : Sep 23, 2022, 11:25 AM IST

appointment-letter-distribution-ceremony-in-khanapara

এক লাখ চৰকাৰী চাকৰিৰ নিৰ্বাচনী প্রতিশ্রুতি ৰক্ষা কৰাৰ উদ্দেশ্যেৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১১ হাজাৰো অধিক নিবনুৱাক প্ৰদান কৰিব নিযুক্তি-পত্র (Appointment letter distribution ceremony in Khanapara) ।

গুৱাহাটী, ২৩ ছেপ্টেম্বৰ: শুকুৰবাৰে ৰাজ্য চৰকাৰৰ দ্বিতীয়টো বৃহৎ নিযুক্তি পত্র বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে ৷ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত (Khanapara Veterinary College grounds) ব্যাপক আয়োজনেৰে অনুষ্ঠিত কৰা হৈছে এই বিশেষ অনুষ্ঠান (Appointment letter distribution ceremony in Khanapara) ৷

ইতিমধ্যে নিযুক্তি পত্র গ্রহণ কৰিবলৈ গুৱাহাটীত ভিৰ কৰিছেহি প্রাৰ্থীসকলে ৷ আজিৰ এই অনুষ্ঠানত ২১টা বিভাগত ১১,২০২ গৰাকী প্রাৰ্থীয়ে লাভ কৰিব নিযুক্তি পত্র। এক লাখ চৰকাৰী চাকৰিৰ নিৰ্বাচনী প্রতিশ্রুতি ৰক্ষা কৰাৰ উদ্দেশ্যেৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ১১ হাজাৰো অধিক নিবনুৱাক প্ৰদান কৰিব নিযুক্তি-পত্র।

ইয়াৰোপৰি গৃহ আৰু ৰাজনৈতিক বিভাগত সর্বাধিক ৫,৩৩৫ গৰাকী নিযুক্তি-পত্ৰ বিতৰণ কৰা হ'ব। আনহাতে শিক্ষা বিভাগৰ অধীনত ৩,৮১১ গৰাকী প্রার্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।

তদুপৰি উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠানত ১জন, পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ২৭৭ জন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণত ২৯৯ গৰাকী, লোক নির্মাণত ৩০৪ গৰাকী, পর্যটনত ৬ গৰাকী, জলসিঞ্চনত ১৩৭ গৰাকী, পৰিৱেশ আৰু বন বিভাগত ৩ গৰাকী, পৰিবহণ বিভাগত ৩ গৰাকী, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগত গৰাকী, মহিলা আৰু শিশু উন্নয়নত ৪ গৰাকী, জলসম্পদত ৩ গৰাকী, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত ৪গৰাকী, ক্রীড়া আৰু যুৱ কল্যাণত ১৩ গৰাকী, হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ত ৬ গৰাকী, ৰূপান্তৰ আৰু উন্নয়নত ১১ গৰাকী, সমবায় বিভাগত ২ গৰাকী, দক্ষতা আৰু নিয়োগ বিভাগত ২৪ গৰাকী, তথ্য আৰু জন সংযোগ বিভাগত এগৰাকী আৰু কাৰিকৰী শিক্ষা বিভাগত ৯২৭ গৰাকী নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব।

উল্লেখ্য যে চলিত বৰ্ষৰ 14 মে’ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে মেগা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰিছিল (Assam government distribute appointment letter) ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য বিভাগীয় মন্ত্ৰীয়ে চৰকাৰৰ ভিন্ন বিভাগৰ প্ৰায় ২৭,৭৩৭ গৰাকী প্ৰাৰ্থীক চৰকাৰী নিযুক্তি পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক: চোৰৰ টিঘিলঘিলনি; হাতে লোটে আটক চিলনী চোৰক

Last Updated :Sep 23, 2022, 11:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.