Bhupen Bora slams BJP: সুৰা বিক্ৰী আৰু প্ৰশ্নকাকত ফাদিলেৰে অভিলেখ কৰিছে চৰকাৰে: ভূপেন বৰা

author img

By

Published : Mar 18, 2023, 10:09 PM IST

Bhupen Bora slams BJP

অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ চেক বাউন্স হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ অসম চৰকাৰ দেউলীয়া বেংকৰ চেক লৈ চলি আছে বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ ৷ অসম চৰকাৰৰ সুৰা নীতিকো সমালোচনা ভূপেন বৰাৰ (APCC president Bhupen Borah) ৷

গুৱাহাটী, 18 মাৰ্চ: অসম চৰকাৰ দেউলীয়া বেংকৰ তাৰিখ উকলি যোৱা চেক লৈ চলি আছে ৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক কটাক্ষ কৰি এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাত দিয়া চেক বাউন্স হোৱাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শনিবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে (APCC president Bhupen Borah) ৷

তেওঁ কয় যে ৰাজ্যৰ সামগ্ৰিক বিকাশ এতিয়া স্তব্ধ ৷ চৰকাৰখন 22 লাখ নিবনুৱাৰ ভৱিষ্যতকলৈ চিন্তিত নহয় ৷ ইয়াৰ বিপৰীতে 27 লাখ মানুহক হিতাধিকাৰী হিচাবে সৃষ্টি কৰাকলৈহে চিন্তিত । বিজেপি চৰকাৰৰ দিনত দুখীয়া মানুহ দুখীয়া হৈ গৈ আছে আৰু মুষ্টিমেয় মানুহ ধনী হৈ গৈ আছে ৷ বাজেটত এই কথা প্ৰমাণ হৈছে বুলি উল্লেখ ভূপেন বৰাৰ (Bhupen Borah slams Assam BJP) ৷

ভূপেন বৰাই লগতে কয়, ‘‘চৰকাৰে জিডিপি বঢ়াৰ কথা কৈছে যদিও প্ৰতিজন ব্যক্তিৰ ওপৰত ধাৰৰ বোজাও বৃদ্ধি পাইছে ৷ 1 লাখ 30 কোটি টকাৰ ধাৰত পোত গৈ থকা চৰকাৰখনে শিল্পী তথা কলা-কুশলীক বাউন্স হোৱা চেক দিয়াত আচৰিত হ'বলগীয়া একো নাই (State film award cheque bounce) ৷’’

উল্লেখ্য যে, আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ সৈতে একত্ৰিত হৈছে 10 টা ৰাজনৈতিক দল ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই কয় যে কংগ্ৰেছৰ নেতৃত্বত দহটা ৰাজনৈতিক দল ঐক্যবদ্ধ হোৱাই নহয় ৰাইজৰ লগতো কংগ্ৰেছৰ মিত্ৰতা বাঢ়ি গৈ আছে (Assam congress alliance) ৷

আনহাতে অসম চৰকাৰৰ সুৰা নীতিকো সমালোচনা ভূপেন বৰাৰ (Liquor policy of Assam govt) ৷ তেওঁ লগতে কয় যে বিজেপি চৰকাৰৰ দিনত আটাইতকৈ বেছি বিক্ৰী হোৱা বস্তুটোৱেই হৈছে সুৰা ৷ সুৰাৰ পৰা চৰকাৰে সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰিছে ৷ সুৰা বিক্ৰীৰে চৰকাৰে অভিলেখ সৃষ্টি কৰিছে ৷ প্ৰশ্নকাকত ফাদিলৰ ক্ষেত্ৰতো চৰকাৰে অভিলেখ সৃষ্টি কৰিছে বুলি মন্তব্য ভূপেন বৰাৰ (HSLC question paper leak) ৷

মুখ্যমন্ত্ৰীয়ে গীনিজ বুকত নাম উঠাৰ কথা কৈ থাকে বুলি উল্লেখ কৰি তেওঁ কয় যে কেইদিনমানৰ পাচত সুৰা বিক্ৰী আৰু প্ৰশ্নকাকত ফাদিলৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাবে অসমৰ নাম বিশ্বত জিলিকিবলৈ গৈ আছে ৷ ৰাইজে এইখন চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাইজে আমাৰ লগত মিত্ৰতা কৰিব আৰু আমি একমাত্ৰ বিকল্প ৷

লগতে পঢ়ক: HSLC Fake question paper leak : অভিযুক্ত মাছুম আলীৰ বিৰুদ্ধে নগাঁও থানাত ৰুজু গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.