Bhupen Bora reaction: চৰকাৰে ৰাজ্যবাসীক নিৰাপত্তাহীনতাৰ মাজলৈ ঠেলি দি ৰং চোৱাত ব্যস্ত: ভূপেন বৰা

author img

By

Published : Nov 22, 2022, 10:06 PM IST

apcc president bhupen bora  reaction on Meghalaya incident

মুখ্যমন্ত্ৰীয়ে বিভিন্ন ঠাইত ভাষণ দি ফুৰিছে আৰু আৰক্ষী আছে গভীৰ নিদ্ৰাত ৷ গুৱাহাটী এৰি দিয়া হৈছে চোৰ-ডকাইতৰ হাতত ৷ মুখ্যমন্ত্ৰীক এইদৰে তীৰ্যক সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ(Bhupen Bora reaction on Meghalaya Incident)৷

গুৱাহাটী, 22 নৱেম্বৰ: "যিদিনাখনৰ পৰা বিজেপি অসমৰ শাসনলৈ আহিছে, অসমৰ চাৰিওসীমাত থকা ৰাজ্যবোৰৰ লগত আমাৰ সম্পৰ্ক বেয়া হৈ আহিছে ৷ কিছু দিনৰ পূৰ্বে দুজনকৈ অসম আৰক্ষীৰ জোৱান শ্বহীদ হ’বলগীয়া হৈছে ৷ তাকে দেখি ভয় খাই আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ দিলে আমি গুৱাহাটী, নলবাৰী আৰু বৰাক উপত্যকা দি দিম ৷

চৰকাৰে ৰাজ্যবাসীক চৰম নিৰাপত্তাহীনতাৰ মাজলৈ ঠেলি দি ৰং চোৱাত ব্যস্ত : ভূপেন বৰা

এতিয়া যি দেখিছো মুখ্যমন্ত্ৰীৰ সেই ফৰ্মুলাবোৰেই প্ৰয়োগ কৰিব লাগিব ৷ আমি মেঘালয়ক কামৰূপখন দি দিব লাগি ব৷ এই ধৰণৰ মুখ্যমন্ত্ৰী অসমত থাকিলে চুবুৰীয়া ৰাজ্যৰ লগত সম্পৰ্ক বিঘ্নিত হ’বই ৷ নিজ ৰাজ্যৰ ভূমি এৰি দি যেতিয়া এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সীমা সমস্যা সমাধান কৰিবলৈ যাব তেতিয়া তেওঁলোকৰ দুঃসাহস বৃদ্ধি হ’ব ৷" মেঘালয়ত অব্যাহত থকা উত্তপ্ত পৰিস্থিতিৰ সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora reaction on Meghalaya Incident)৷

সোমবাৰে দিন-দুপৰতে পূৰৱী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাক গুৱাহাটীৰ মাজমজিয়াত দুর্বৃত্তই নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰাকে ধৰি গুৱাহাটীত সংঘটিত হোৱা বিভিন্ন চুৰি-ডকাইতিৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই (APCC president Bhupen Bora)কয় যে ৰাজধানী চহৰ গুৱাহাটী মহানগৰী এতিয়া অসম আৰক্ষীৰ নিয়ন্ত্ৰণত নাই, চোৰ-ডকাইতৰ নিয়ন্ত্ৰণত চলি আছে গুৱাহাটী (Guwahati Murder case) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰৰ শাসনত সৰ্বসাধাৰণ ৰাইজ যে চূড়ান্ত নিৰাপত্তাহীনতাৰ মাজত জীৱন নিৰ্বাহ কৰিছে সেই কথা এইবোৰ ঘটনাই অতি নগ্ন ৰূপত উদঙাই দিছে ৷ ৰাজ্যখনৰ চৌদিশে নিতৌ এনে অগণন ঘটনা সংঘটিত হৈ আছে ৷ মুখ্যমন্ত্ৰীয়ে বিভিন্ন ঠাইত ভাষণ দি ফুৰিছে আৰু আৰক্ষী আছে গভীৰ নিদ্ৰাত ৷ গুৱাহাটী এৰি দিয়া হৈছে চোৰ-ডকাইতৰ হাতত ৷

ৰাজ্যত আইন-শৃংখলাৰ চৰম অৱনতি ঘটিছে বুলি অভিযোগ কৰি সভাপতি গৰাকীয়ৈ কয় যে লাহ-বিলাসত মত্ত ৰাজ্য চৰকাৰে ৰাজ্যবাসীক চৰম নিৰাপত্তাহীনতাৰ মাজলৈ ঠেলি দি ৰং চোৱাত ব্যস্ত হৈ পৰিছে ৷ ‘জেদ কেটেগৰী'ৰ নিৰাপত্তাৰ মাজত হেলিকপ্টাৰত ভ্ৰমণ কৰি হেজাৰ হেজাৰ কোটি টকা ঋণ লৈ আমোদ-প্ৰমোদ কৰা আৰু হিতাধিকাৰী সৃষ্টিৰে ভোট বেংক গঢ়াত ব্যস্ত থকা এইখন চৰকাৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে সামান্যতমো চিন্তিত নহয় ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ মুধাফুটা বিষয়াসকলৰ চূড়ান্ত ব্যর্থতাক তীব্ৰ সমালোচনা কৰি সভাপতি বৰাই কয় যে জনসাধাৰণলৈ পিঠি দি সৰহ দিন ৰাজপাট খোৱাৰ নজিৰ ইতিহাসত নাই । ৰাইজে যিদিনা উভতি ধৰিবলৈ আৰম্ভ কৰিব সেইদিনা এইসকলৰ অৱস্থা কি হ’ব সেয়া তেওঁলোকে বুজা উচিত বুলি তেওঁ কয় । তেওঁ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আৰু দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰাৰ সাহস দেখুৱাবলৈ আৰক্ষীৰ বৰমূৰীয়া বিষয়াসকল আৰু গৃহমন্ত্ৰীক দাবী জনায় ৷

লগতে তেওঁ মুখ্যমন্ত্রীক দিল্লীত ভাষণ দিয়াৰ লগতে দিল্লীৰ পৰা শিকি অহাৰ বাবে আহ্বান জনায় । তেওঁ হিমন্ত বিশ্ব শৰ্মাক দিল্লীত অৰবিন্দ কেজৰিৱালৰ পৰা গৃহবিভাগ কেনেকৈ চলাব লাগে তাৰ শিক্ষা লৈ অহাৰ বাবে আহ্বান জনায় । লগতে তেওঁ ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ দোষীক ৪৮ ঘণ্টাৰ ভিতৰত ধৰি দেখুৱাবৰ বাবে প্ৰত্যাহ্বান জনায় ৷

লগতে পঢ়ক: National Child Scientists Exhibition: গুৱাহাটীত দেশৰ ২২ খন ৰাজ্যৰ ২৬৬ গৰাকী শিশু বিজ্ঞানীৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.