Scam in Repairing Rabindra Bhawan : ৰবীন্দ্ৰ ভৱন মেৰামতিৰ নামত 8 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ

author img

By

Published : May 20, 2023, 4:49 PM IST

Updated : May 20, 2023, 9:22 PM IST

Allegations of Scam in Repairing Rabindra Bhawan

চৰ্চাত আকৌ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন ৷ ৰবীন্দ্ৰ ভৱনটো মেৰামতিৰ নামত কোটি টকাৰ কেলেংকাৰী হৈছে (Allegations of Scam in Repairing Rabindra Bhawan) ৷ 8 কোটি টকাৰ হিচাপ দিবলৈ ভয় কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷ এইবাৰ এই অভিযোগ উত্থাপন কৰিছে গুৱাহাটীৰ হেমন্ত শৰ্মা নামৰ এগৰাকী সাংবাদিকে ৷

চৰ্চাত আকৌ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন

গুৱাহাটী 20 মে’ : বিগত কেইবাবছৰে বন্ধ হৈ থকা গুৱাহাটী মহানগৰীৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ নামত প্ৰায় 8 কোটি টকাৰ দুৰ্নীতি হৈছে (Allegations of Scam in Repairing Rabindra Bhawan)৷ এইবাৰ এই অভিযোগ উত্থাপন কৰিছে গুৱাহাটীস্থিত এগৰাকী সাংবাদিকে ৷ নাম হেমন্ত শৰ্মা । শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি তথ্য ৰাজহুৱা কৰে সাংবাদিকগৰাকীয়ে ।

তেওঁ কয় যে যোৱা 16 মাৰ্চত তথ্য জনা অধিকাৰ আইনৰ সহায় লৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ সবিশেষ তথ্যৰ লগতে আন দুটামান সৰু তথ্যও বিচৰা হৈছিল । কিন্তু বিভাগৰ তৰফৰ পৰা তিনিটা প্ৰশ্নৰ উত্তৰ দি বাকী মেৰামতিৰ সবিশেষ তথ্য লোকনির্মাণ বিভাগলৈ ঠেলি দিলে । তেওঁ কয় যে ৰিপোর্ট অনুসৰি মেৰামতিৰ নিবিদা, ব্যয়ৰ হিচাপ তথা সবিশেষ তথ্য বিচৰাত তাৰ বিপৰীতে কেতবোৰ উত্তৰ পোৱা গ’ল ৷

উত্তৰসমূহ আছিল এনেধৰণৰ - ‘‘উত্তৰ-পূৱ ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাংস্কৃতিক প্ৰেক্ষাগৃহ হিচাপে এই গৃহটোতে চৰকাৰী, বেচৰকাৰী আদি বিভিন্ন অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল । যোৱা বছৰৰ জুনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী চহৰৰ প্ৰায়ভাগ অঞ্চল পানীৰ তলত থাকিবলগীয়া হোৱাৰ দৰে ৰবীন্দ্ৰ ভৱনৰ চৌপাশ জলমগ্ন আছিল । যাৰ ফলত প্ৰেক্ষাগৃহৰ ভিতৰত পানী নিগৰি নিগৰি সোমাই কাৰ্যসূচী ৰূপায়ণত বাধাৰ সৃষ্টি হৈছিল ।

অৱশেষত বিভাগীয় সঞ্চালকৰ চিঠি নং CAM. 35/2022/10 dtd. 17/ 06/2022 মৰ্মে তাৎক্ষণিত হিচাপে পানী বন্ধ কৰাৰ বাবে প্ৰেক্ষাগৃহটোৰ মজিয়াখন পুনৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল । কিয়নো তাৎক্ষণিক পুনৰ নিৰ্মাণ নকৰিলে প্ৰেক্ষাগৃহত কাৰ্যসূচী ৰূপায়ণ কৰা সম্ভৱ নহৈছিল । সেই মৰ্মে বিভাগীয় ফালৰ পৰা জৰুৰীভাৱে কামটো আৰম্ভ কৰা হৈছিল ।

এই কামটো সম্পূৰ্ণভাৱে নহওঁতেই ৰবীন্দ্ৰ ভৱনটো একেঠাইতে পুনৰ নিৰ্মাণৰ বাবে ডিপিআৰ প্ৰস্তুত কৰিবলৈ 06-09-2022 তাৰিখে কোকৰাঝাৰত হোৱা কেবিনেট মিটিং মৰ্মে লেটাৰ নং. Min/DR/IC & PS/CA/29/2022/34 dtd. Dispur 07/ 09/2022 বিভাগীয় বিশেষ আয়ুক্ত আৰু বিশেষ সচিবক (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) লৈ বিভাগীয় মন্ত্ৰী বিমল বড়াৰ পৰা পত্ৰ আহে । সেই সূত্ৰে মেৰামতিৰ কাম বন্ধ কৰা হয়’’ (Rabindra Bhawan in Guwahati) ৷

হেমন্ত শৰ্মাই কয় যে বিভাগটোৱে এনেধৰণৰ তুলুঙা উত্তৰ দিছে । এই সন্দৰ্ভত সাংবাদিক হেমন্ত শৰ্মাই কয়, ‘‘সাংস্কৃতিক বিভাগটোৰ পৰা সাধাৰণতে কোনো আয় নহয় ৷ খৰচহে হয় । ৰবীন্দ্ৰ ভৱনটোৰ পৰা মাহেকত প্ৰায় 6 লাখকৈ টকা সাস্কৃতিক বিভাগে পায় । মেৰামতিৰ নামত প্ৰায় 8-9 কোটি টকা খৰচ কৰা হ’ল । বাৰিষাকালত পানী সোমায় । কিন্তু খৰালিৰ দিনত কিয় খোলা নহ’ল ?

পানী সোমোৱা বন্ধ হোৱাত কিয় এতিয়াও খোলা হোৱা নাই ? ধৰি লোৱা হ’ল ভৱনটো ভাঙি পুনৰ নিৰ্মাণ কৰিব ৷ তাৰ বাবে ডিপিআৰ প্ৰস্তুত কৰোঁতে কৰোঁতে আৰু এবছৰ লাগিব । এই এবছৰত প্ৰায় 70-75 লাখ টকা বিভাগে আয় কৰিব পাৰিলেহেঁতেন’’ ।

আনহাতে, ৰাইজৰ টকাৰে মেৰামতিৰ নামত খৰচ কৰা 8-9 কোটি টকাৰ হিচাপ দিবলৈ বিভাগটোৱে ভয় কিয় কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰি সাংবাদিকগৰাকীয়ে অতি সোনকালে এইক্ষেত্ৰত এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে । উল্লেখ্য যে, যোৱা 2018 চনৰে পৰা ৰবীন্দ্ৰ ভৱন বন্ধ হৈ আছিল যদিও মাজতে যোৱা বছৰত কিছুদিনৰ বাবে মুকলি কৰা হৈছিল । কিন্তু প্ৰেক্ষাগৃহত পানী সোমোৱাত মেৰামতিৰ বাবে বন্ধ কৰি দিয়া হয় বুলি তেওঁ কয় ।

লগতে পঢ়ক : Jan Sampark Abhiyan: বিজেপিৰ ক'ৰ কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক, অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী

Last Updated :May 20, 2023, 9:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.