Construction workers union: নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ কামৰূপ মহানগৰ জিলা সন্মিলন

author img

By

Published : Jul 31, 2022, 11:00 PM IST

all-assam-construction-workers-union-kamrup-metropolitan-district-conference-concluded-successfully

দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে কটাহবাৰীৰ নয়নজ্যোতি জাতীয় বিদ্যালয়ত অনুষ্ঠিত হয় সদৌ অসম নিৰ্মাণ শ্ৰমিকৰ কামৰূপ মহানগৰ জিলা সন্মিলন(All Assam Construction Workers Union Kamrup Metropolitan District) । সন্মিলনৰ আৰম্ভণিতে ইউনিয়নৰ পতাকা উত্তোলন কৰে ইউনিয়নৰ সভাপতি বদন ভূঞা আৰু চি আই টি ইউৰ পতাকা উত্তোলন কৰে চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিৰ অন্যতম সম্পাদক বীৰেন শৰ্মাই ।

গুৱাহাটী, ৩১ জুলাই: দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে কটাহবাৰীৰ নয়নজ্যোতি জাতীয় বিদ্যালয়ত অনুষ্ঠিত হয় সদৌ অসম নিৰ্মাণ শ্ৰমিকৰ কামৰূপ মহানগৰ জিলা সন্মিলন(All Assam Construction Workers Union Kamrup Metropolitan District) । সন্মিলনৰ আৰম্ভণিতে ইউনিয়নৰ পতাকা উত্তোলন কৰে ইউনিয়নৰ সভাপতি বদন ভূঞা আৰু চি আই টি ইউৰ পতাকা উত্তোলন কৰে চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিৰ অন্যতম সম্পাদক বীৰেন শৰ্মাই । আনহাতে সন্মিলনখনৰ উদ্বোধন কৰে সদৌ অসম নিৰ্মাণ শ্ৰমিকৰ অসম ৰাজ্যিক সম্পাদক মদন তালুকদাৰে ।

উক্ত অনুষ্ঠানত বিগত সময়ছোৱাত ক'ভিড তথা বানপানীত মৃত্যু হোৱা প্ৰতিজন শ্ৰমিকসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰা হয় । ইফালে, সন্মিলনৰ আদৰণি ভাষণ দিয়ে সন্মিলনৰ বাবে গঠিত হোৱা অভ্যৰ্থনা সমিতিৰ সভাপতি আকবৰ আলি আহমেদে ।

অনুষ্ঠানতযোগে আকবৰ আলি আহমেদে কয় যে, বৰ্তমান বিজেপি চৰকাৰে শ্ৰমিক বিৰোধী নীতি গ্ৰহণ কৰি শ্ৰমিকক ৰাম টাঙোন সোধাইছে । আৰ এছ এছ পৰিচালিত বিজেপি চৰকাৰে প্ৰতিদিনেই বয়-বস্তুৰ দাম বৃদ্ধি কৰি শ্ৰমিক তথা সাধাৰণ শ্ৰমজীৱি মানুহৰ জীৱন জুৰুলা কৰি আহিছে । পৰিৱৰ্তনৰ শ্লোগান দি অসমবাসীক মিছা প্ৰতিশ্ৰুতিৰে গাদী দখল কৰি দিনে দিনে ধৰ্মৰ নাম লৈ ৰাজ্যখনত এক সাম্প্ৰদায়িক মেৰুবিভাজন কৰিছে ।

ইফালে, ভাষণত মদন তালুকদাৰে কয় যে, আজি নিৰ্মাণ শ্ৰমিক কল্যান বোৰ্ড ভাঙি পেলাবলৈ বিজেপি চৰকৰে নানা কুটাঘাট ৰচনা কৰি আহিছে । প্ৰতিদিনে নিৰ্মাণ শ্ৰমিক কল্যাণ আঁচনিৰ দ্বাৰা পাবলগীয়া হিতলাভবোৰ বিজেপি চৰকাৰে কৰ্তন কৰা ষড়যন্ত্ৰ কৰি আহিছে । চৰকাৰে প্ৰতিদিনে শ্ৰমিকক নানান ধৰণেৰে শোষণ কৰি আহিছে ।

আনহাতে, সন্মিলনত সম্পাদকীয় প্ৰতিবেদন উত্থাপন কৰে ইউনিয়নৰ সাধাৰণ সম্পাদক ভোলা শৰ্মা আৰু কোষাধ্যক্ষাৰ প্ৰতিবেদন উত্থাপন কৰে মুকুটমনি দাসে । কামৰূপ মহানগৰৰ বিভিন্ন প্ৰান্ততৰ পৰা অহা প্ৰায় ১২০ জন প্ৰতিনিধিয়ে প্ৰতিবেদনৰ ওপৰত আলোচনা কৰে আৰু প্ৰতিবেদন সৰ্বসন্মতিক্ৰমে গৃহীত হয় । সন্মিলনে মূল্যবৃদ্ধিৰ ৰোধৰ, সম্প্ৰদায়িকতা ৰাজনীতি ৰোধৰ আৰু নিৰ্মাণ শ্ৰমিকক পঞ্জীয়নৰ ক্ষেত্ৰত অনলাইন-অফলাইনৰ সমস্যা সমাধানৰ দাবীত প্ৰস্তাৱ গ্ৰহণ কৰে ।

সন্মিলনে সভাপতি ভোলা শৰ্মা, সম্পাদক কুমুদ শৰ্মা আৰু মুকুটমনি দাসক কোষাধ্যক্ষ হিচাপে লৈ ২৭ জনীয়া কামৰূপ মহানগৰ জিলা সমিটি গঠন কৰা হয় । সন্মিলনে আগন্তুক ২৬-২৮ ছেপ্টেম্বত হ'বলগীয়া সদৌ অসম নিৰ্মাণ শ্ৰমিকৰ ৰাজ্যিক সন্মিলনলৈ 12 জন প্ৰতিনিধি নিৰ্বাচন কৰে ।

সন্মিলনৰ সামৰণি বক্তব্য ৰাখে চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিৰ অন্যতম সম্পাদক বীৰেন শৰ্মাই । একে সময়তে বিজেপি চৰকাৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে আমাৰ দেশৰ সংবিধান প্ৰদত্ত ধৰ্মনিৰপেক্ষ চৰিত্ৰ মষিমূৰ কৰাৰ অহৰহ প্ৰচেষ্টা কৰি আছে ।

ধৰ্মক লৈ দেশখনত উত্তেজনা সৃষ্টি কৰি আৰু ক'ভিড পৰিস্থিতিৰ সুযোগ লৈ বিজেপি চৰকাৰে শ্ৰমিকক শোষণ কৰাৰ নিখুঁত পৰিকল্পনা কৰিছে । শ্ৰমিকৰ সামাজিক সুৰক্ষা আৰু জীৱনৰ নিৰাপত্তা থকা ৪৪ শ্ৰম আইন ভাঙি শ্ৰমিক বিৰোধী শ্ৰম কোডলৈ গঠন কৰে । প্ৰতিনিধিক সকলক ধন্যবাদ সূচক বক্তব্যৰে সভাপতি মণ্ডলীৰ হৈ স্থায়ী সভাপতি বদন ভূঞাই সন্মিলন সফল হোৱা বুলি ঘোষণা কৰে ।

লগতে পঢ়ক : Chahabar day conference begins: মধ্য এছিয়াৰ সৈতে বাণিজ্যৰ সম্ভাৱনা উন্মুক্ত কৰিব ভাৰতে: সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.