Akhil to Assam govt: ধৰ্মৰ ৰাজনীতি বাদ দি কৃষিকাৰ্যৰ উৎপাদন বৃদ্ধিত গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান অখিল গগৈৰ

author img

By

Published : Mar 15, 2023, 10:58 PM IST

Akhil Gogoi in Assam assembly

ভিজন ডকুমেন্টৰ মতে অসমত কাম কৰাত বিজেপি চৰকাৰ ব্যৰ্থ হোৱা বুলি দাবী বিধায়ক অখিল গগৈৰ ৷ পানী যোগানৰ পৰা শস্য উৎপাদনলৈকে সকলোতে চৰকাৰ বিফল হোৱা বুলি তথ্যসহ বিধানসভাত বক্তব্য বিধায়কগৰাকীৰ (Akhil Gogoi in Assam assembly) ৷

বিধানসভাত অখিল গগৈৰ ভাষণ

গুৱাহাটী, ১৫ মাৰ্চ: বুধবাৰে অসম বিধান সভাৰ কৰ্তন প্ৰস্তাৱৰ প্ৰসংগত নিজৰ বক্তব্য আগবঢ়ায় শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৷ ভাষণ প্ৰসংগত ৰাজ্য চৰকাৰক অসমৰ কৃষি উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা ল'বলৈ দাবী জনায় বিধায়কগৰাকীয়ে । সদনৰ ভাষণ প্ৰসংগত বিধায়ক গগৈয়ে কৃষি ক্ষেত্ৰত বিজেপি চৰকাৰৰ ভিজন ডকুমেন্টৰ প্ৰতিশ্ৰুতি আৰু বাস্তৱত ই কিমানদূৰ ফলপ্ৰসূ হৈছে তাৰ এক তুলনামূলক বিশ্লেষণ দাঙি ধৰে (Akhil Gogoi in Assam assembly) ।

বিধায়ক অখিল গগৈয়ে লগতে কয়, ‘‘বিজেপিৰ ভিজন ডকুমেন্টৰ প্ৰতিশ্ৰুতি আছিল ২০২৫ চনৰ ভিতৰত তেওঁলোকে অসমৰ প্ৰত্যেকখন পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিব ৷ কিন্তু এতিয়া চৰকাৰৰ Livelihood Mission ত কোৱা হৈছে যে আচলতে অসমৰ ৫. ৪% মাটিতহে জলসিঞ্চন হৈছে । তাৰ বিপৰীতে পঞ্জাৱত ৯৭.০৩% মাটিত ইতিমধ্যে জলসিঞ্চনৰ ব্যৱস্থা হৈছে ।’’ (Akhil Gogoi slams Assam Govt)

লগতে পঢ়ক: Garukhuti Project: গৰুখুটি কৃষি প্রকল্পৰ বাবে কোটি কোটি টকা খৰছ কৰি অনা ৩০০টা গৰুৰ নাছিল কোনো কাম

‘‘বিজেপিয়ে ভিজন ডকুমেণ্টত প্ৰতিশ্ৰুতি দিছিল যে, ৬৩ বছৰ হোৱাৰ লগে লগে এজন কৃষকক পেঞ্চন দিয়া হ'ব ৷ কিন্তু খেতিয়কৰ বাবে এতিয়াও পেঞ্চনৰ কোনো ব্যৱস্থা কৰা হোৱা নাই । বিজেপিয়ে ২০২১ চনত কৈছিল যে, PM কিষাণ আঁচনিৰ অধীনৰ ভাৰত চৰকাৰে যি ধন দিয়ে তাৰ সৈতে অসম চৰকাৰে প্ৰত্যেক জন কৃষকলৈ অতিৰিক্ত ২০০০ টকা আগবঢ়াব । কিন্তু তাতো বিজেপি সফল নহ'ল ।’’ এই মন্তব্য অখিল গগৈৰ ৷ (Akhil Gogoi speech in Assembly)

অখিল গগৈয়ে কয়, ‘‘স্বাধীনতাৰ পাচত আমাৰ অসমত ৪ টা খণ্ডত কৃষিৰ উৎপাদন বৃদ্ধি হৈছে । এই চাৰিটাৰ প্ৰথমটো হ’ল ক্ষুদ্ৰ চাহ খেতি আৰু ইয়াত চৰকাৰৰ কোনো ভূমিকা নাই ৷ বৰং এনেকুৱা হৈছে ক্ষুদ্ৰ চাহ খেতিয়কে পাত পেলাই দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে । ক্ষুদ্ৰ চাহ খেতিয়কে পাতৰ উচিত দাম পোৱা নাই ।’’ সেয়ে বিধায়কগৰাকীয়ে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক চাহপাতৰ উচিত মূল্য পোৱাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায় ।

দ্বিতীয়তে উৎপাদন বৃদ্ধি হৈছে গোৱালপাৰা আৰু বঙাইগাঁও জিলাত ৰবৰৰ খেতিৰ । তৃতীয়তে অসমৰ অন্যতম মূল উৎপাদন হ'ল শাক পাচলি । কিন্তু অখিল গগৈয়ে উল্লেখ কৰে যে, যিসকলে শাক-পাচলি উৎপাদন কৰে সেই সকলক চৰকাৰে কিন্তু সহ্য কৰিব নোৱাৰে (Agricultural development in Assam)।

লগতে পঢ়ক: Assam assembly budget session: চৰকাৰী ঋণ সন্দৰ্ভত বিৰোধীক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী শৰ্মাৰ

চতুৰ্থতে আছে মাছৰ উৎপাদন । বিধায়কগৰাকীয়ে কয়, ‘‘অসমৰ যদি সঁচাকৈ কৃষি ক্ষেত্ৰত উন্নতি হৈছে সেয়া হৈছে মাছ ৷ য'ত ভাৰতৰ ভিতৰত মাছৰ উৎপাদনৰ ক্ষেত্ৰত অসম ১২ নম্বৰ স্থানত আছে । কিন্তু তাতো চৰকাৰৰ বিশেষ ভূমিকা নাই, কাৰণ মৎস্য উৎপাদক সকলৰ লগতো চৰকাৰৰ মতবিৰোধ আছে ।’’ গতিকে এনে দ্বন্দ সমূহ চৰকাৰে যেতিয়ালৈকে আঁতৰ কৰিব নোৱাৰিব, তেতিয়ালৈকে চৰকাৰখনে কৃষি ক্ষেত্ৰৰ উৎপাদন বৃদ্ধি কৰাটো সম্ভৱ নহ'ব বুলি বিধায়কগৰাকীয়ে লগতে কয় (BJP vision document in Assam) ।

পাঞ্জাৱৰ ৫০,০০০ বৰ্গ কিলোমিটাৰ মাটিৰ ৭৮ লাখ ৩৮ হাজাৰ হেক্টৰত খেতি হয় । আনহাতে, অসমৰ মাটিকালি ৭৮০০০ বৰ্গ কিলোমিটাৰত খেতি হয় ৪০,০০০ হেক্টৰ মাটিত । কৃষি কাৰ্যৰ ঘনত্বৰ ক্ষেত্ৰত পশ্চিম বংগত ১৯২.০৪ %, পঞ্জাৱৰ ১৮৯.০৯ % হোৱাৰ বিপৰীতে অসমৰ ১৪৭.০৩% হে । ধানৰ উৎপাদনৰ ক্ষেত্ৰত অসমৰ অৱস্থা বেয়া । মাংস উৎপাদনৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে ১৭ নং স্থানত, গাখীৰ উৎপাদনত ভাৰতবৰ্ষৰ ভিতৰত ২১ নং স্থানত, কণী উৎপাদনত ১৮ নং স্থানত, মাছ উৎপাদনত ১২ নং স্থানত, Cold storage capacity ৰ ক্ষেত্ৰত ১৮ নং স্থানত আছে ।

লগতে পঢ়ক: Assam budget 2023: বাজেটত ৰাইজলৈ কি বতৰা আনিব ঋণগ্ৰস্ত চৰকাৰে ?

অখিল গগৈয়ে সদনৰ মজিয়াত লগতে কয়, ‘‘সকলো ক্ষেত্ৰতে আমাৰ অৱস্থা বেয়া, কিন্তু চৰকাৰে এইবোৰৰ উন্নয়ন কৰিবলৈ যি সমূহ ব্যৱস্থা ল'ব লাগে সেই সমূহ ব্যৱস্থা হাতত লোৱা নাই । কেৱল জাতি আৰু ধৰ্মৰ নামত ৰাজনীতি কৰিছে ।’’ গতিকে তেওঁ চৰকাৰক এই মুহূৰ্তত দাবী জনাইছে যে চৰকাৰে কৃষিকাৰ্যৰ উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.