আকাশবাণী গুৱাহাটীত নৱ-সংযোজন

author img

By

Published : Aug 8, 2019, 2:52 AM IST

বৃহস্পতিবাৰৰ পুৱাৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত সংযোজন ঘটিব এফ এম চেনেলৰ ৷ আৰম্ভ হ'ব মহাবাহু নামৰ এফ এম চেনেল ৷ সংবাদমেল যোগে এই কথা সদৰী কৰিলে আকাশবাণী গুৱাহাটী কেন্দ্ৰ কৰ্তৃপক্ষই ৷

গুৱাহাটী,8 আগষ্টঃ আকাশবাণী গুৱাহাটী কেন্দ্ৰত ন-সংযোজন ৷ বৃহস্পতি বাৰে পুৱা 7 বাজি 15 মিনিটৰ পৰা আকাশবাণী এফ এম মহাবাহু নামেৰে এক নতুন ব্যৱস্থাৰ শুভাৰম্ভণী ঘটিব ৷ সংবাদমেল যোগে এই কথা সদৰী কৰিলে আকাশবাণী গুৱাহাটী কেন্দ্ৰ কৰ্তৃপক্ষই ৷

আকাশবাণী গুৱাহাটীত নৱ-সংযোজন

মহানগৰীৰ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত এই এফ এম চেনেলটোৰ শুভাৰম্ভণী কৰিব আকাশবাণীৰ সঞ্চালক প্ৰধান ফৈয়াজ শ্বেহৰীয়াৰে ৷ সংবাদমেলত গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ৰাজীৱ বৰুৱাই কয় যে,আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে এই পদক্ষেপ লোৱা হৈছে ৷ অসীম কুমাৰ কাজীয়ে পৰিচালনা কৰিব লগা এই এফ এমৰ জৰিয়তে পুনৰ আকাশবাণীৰ পুৰনি অনুষ্ঠানবোৰ আৰম্ভ কৰিব ৷ 9 আগষ্টৰ পৰা তিনিদিন ধৰি বৰ্তমানৰ ঘোষক-ঘোষিকাক এফ এম চেনেলৰ বাবে ৰেডিঅ' জকিৰ প্ৰশিক্ষণ প্ৰদান কৰিব ৷

Intro:বৃহস্পতিবাৰৰ পৰা আকাশবাণী গুৱাহাটীত সংযোজন ঘটিব এফ এম ৰ Body:আকাশবানী গুৱাহাটীত বৃহস্পতিবাৰৰ পৰা ন সংযোজন ঘটিব এফ এম ৰ ৷ বুধবাৰে এই ন সংযোজনৰ কথা সংবাদমেল যোগে অৱগত কৰে কৰ্তৃপক্ষই ৷ আকাশবানী এফ এম মহাবাহু নামৰ নতুন এই ব্যৱস্থা বৃহস্পতিবাৰে 7.15 বজাৰ পৰা আৰম্ভ হ'ব ৷ মহানগৰীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হব লগা এক অনুষ্ঠানত এই এফ এম ব্যৱস্থা উদ্বোধন কৰিব আকাশবানীৰ সঞ্চালক প্ৰধান ফৈয়াজ শ্বেহৰীয়াৰে ৷ সংবাদমেলত গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ৰাজীৱ বৰুৱাই কয় যে আকাশবানী গুৱাহাটী কেন্দ্ৰৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এই পদক্ষেপ লোৱা হৈছে ৷ অসীম কুমাৰ কাজীয়ে পৰিচালনা কৰিব লগা এই এফ এমৰ জৰিয়তে পুনৰ আকাশবানীৰ পুৰনি অনুষ্ঠানবোৰ আৰম্ভ কৰিব ৷ 9 আগষ্টৰ পৰা তিনিদিন ধৰি বৰ্তমানৰ ঘোষক-ঘোষিকাক ৰেডিঅ জকিৰ প্ৰশিক্ষন প্ৰদান কৰিব ৷ লগতে সেই দিনটেৰ পৰায়েই পূৰ্ণ্যদমে চলিব কাম ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.